কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট গ্ৰন্থখনৰ লেখক মৌলানা তৈয়বউল্লা৷ গ্ৰন্থখনত লেখকে ১৯৪১ চনৰ যুদ্ধ-বিৰোধী সত্যাগ্ৰহত বৰভেটা জেলৰপৰা নিজৰ সন্তানলৈ লিখা ৫০ খন চিঠিৰ একত্ৰ সংকলন কৰা হৈছে৷১ গ্ৰন্থখনত সন্নিৱিষ্ট চিঠিখিনি লেখকে ১৯৪২ চনৰপৰা ১৯৪৫ চনৰ ভিতৰত লিখা যদিও গ্ৰন্থৰূপত চিঠিখিনি প্ৰকাশ হয় ১৯৬২ চনত৷ গ্ৰন্থখনৰ নাম পূৰ্বতে ‘কাৰাগাৰৰ চিঠি আৰু ১৫ আগষ্ট’ হিচাপে ৰখা হৈছিল আৰু জেলৰপৰা আহি পৰৱৰ্তী সময়ত লিখা পাঁচখন চিঠিও এইখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷২
বিষয়বস্তু
কাৰাগাৰৰ চিঠিত সন্নিৱিষ্ট চিঠিখিনি তৈয়বউল্লাৰ আত্মজীৱনীমূলক লেখাৰে সমৃদ্ধ৷ নিজৰ জন্মৰপৰা আৰম্ভ কৰি শৈশৱ, কৈশোৰ, যৌৱনৰ প্ৰতিটো সময়ৰে গুৰুত্বপূৰ্ণ কথা-বাৰ্তা, স্মৰণীয় মুহূৰ্তবোৰ, নিজৰ সামাজিক আৰু ৰাজনৈতিক উত্তৰণৰ প্ৰসংগবোৰ চিঠিৰ মাজেৰে লিখিছে৷ ‘কাৰাগাৰৰ চিঠি’ত বৃটিছ শাসনাধীন ভাৰতবৰ্ষ আৰু স্বাধীনতা আন্দোলনৰ সমকালীন সময়ছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক, সামাজিক, ধৰ্মীয় দিশৰ উত্থান-পতন সন্দৰ্ভত বিষয়ৰ বিৱৰণ আৰু বিশ্লেষণ আছে৷ ‘কাৰাগাৰৰ চিঠি’ গ্ৰন্থৰ চিঠিবোৰত লেখকে জন্মহোৱা অঞ্চলটোৰ কথা, শিক্ষাগ্ৰহণ কৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কথা, জীৱনৰ লক্ষ্য, ১৯২১ চনৰপৰা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰসংগ, ৰাজনীতিত অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত অসম কংগ্ৰেছৰ সভাপতি হোৱাৰ অন্তৰালৰ কথা, মহাত্মা গান্ধীৰ সৈতে একেলগে আন্দোলনত অংশ লোৱা, সত্যাগ্ৰহ কৰোঁতে কাৰাবৰণ কৰা, প্ৰেছিডেন্সী কলেজত পঢ়িবলৈ যোৱা, জাতীয় কাৰণত আইন-আদালতত অংশ লোৱা, কংগ্ৰেছ দলৰ জন্ম আৰু বিকাশ, জেলত থাকোতে দৈনন্দিন ঘটি থকা কাৰ্যাৱলী, জেলত লাভ কৰা শাস্তি আৰু হাস্যকৰ অভিজ্ঞতা, বঙ্গ বিচ্চেদ, মহাত্মা গান্ধী অসমলৈ অহা, সেই সময়ৰ ৰেল যাতায়াতৰ অৱস্থা, অসমত কানি বৰবিহৰ প্ৰচলন, মহাত্মা গান্ধীৰ সত্যাগ্ৰহ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ সমকালীন অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা, ভাৰতবৰ্ষত খাদী উদ্যোগৰ বিস্তাৰ, গ্ৰাম্য অৰ্থনীতিৰ বিকাশ, জাতীয় শিল্পৰ উন্নতি-অৱনতি আদি বিষয় সম্পৰ্কে উল্লেখ আছে৷ ভাৰতীয় ৰাজনীতিত মুছলমান ধৰ্মৰ ভূমিকা, মুছলীম লীগৰ গুৰুত্ব, খাদী উদ্যোগৰ প্ৰসাৰ-প্ৰচাৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে৷ প্ৰাক্-স্বাধীনতাৰ আগৰ সময়ছোৱাৰ আৰু স্বাধীনতা লাভৰ প্ৰক্ৰিয়াটোত ভাৰতবৰ্ষ আৰু অসমৰ জনগণৰ ভূমিকা আৰু কাৰ্যাৱলী সম্পৰ্কে ‘কাৰাগাৰৰ চিঠি’ বিশদ বিৱৰণ পোৱা যায়৷ দেশে স্বাধীনতা লাভ কৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভূমিকা, লণ্ডনৰ দ্বিতীয় ভাৰতীয় ৰাউণ্ড টেবল কনফাৰেন্স (১৯৩১)ত মোহনদাস কৰমচান্দ গান্ধীৰ ভূমিকা, সুভাষ চন্দ্ৰ বসু আৰু ত্ৰিপুৰা কংগ্ৰেছৰ ভূমিকা, জৱাহৰলাল নেহৰুৰ অসম আগমণ, কুশল কোঁৱৰৰ ফাঁচী সন্দৰ্ভতো ‘কাৰাগাৰৰ চিঠি’ত ব্যাখ্যামূলক সমালোচনা আগবঢ়োৱা হৈছে৷৩
তথ্যসূত্ৰ
- ↑ https://www.scientiabooks.in/
- ↑ তৈয়বউল্লা. (২০২২). কাৰাগাৰৰ চিঠি. বান্ধৱ
- ↑ তৈয়বউল্লা. (২০২২). কাৰাগাৰৰ চিঠি. বান্ধৱ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৬০৩৮৪৩ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।