এহাত ডাবা (Ehat Daba) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখন গল্প সংকলন। ১৯৭২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই গ্ৰন্থখনত মুঠ তেৰটা গল্প সন্নিৱিষ্ট হৈছে। এহাত ডাবা সংকলনটিৰ অন্তিমটো গল্প। চলিহাৰ এই গল্পসমূহ ১৯৬২ চনৰ পৰা ১৯৭১ পৰ্যন্ত অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছিল। এই বিশেষ গল্প সংকলনখনতে তেওঁৰ বীণা কুটিৰ আৰু এহাত ডাবাৰ দৰে বহুচৰ্চিত গল্প প্ৰকাশিত হৈছিল।১২
গল্পকাৰৰ চমু পৰিচিতি
মূল প্ৰবন্ধ: সৌৰভ কুমাৰ চলিহা
সৌৰভ কুমাৰ চলিহা এটি ছদ্মনাম। তেখেতৰ প্ৰকৃত নাম হৈছে সুৰেন্দ্ৰ কুমাৰ মেধি। প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহাই সাহিত্য চৰ্চা কৰিছিল। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।
গ্ৰন্থখনৰ চমু বিৱৰণ
এহাত ডাবাত অন্তৰ্ভুক্ত হোৱা গল্পকেইটা হৈছে:
- অভয়
- পেৰাট্ৰুপাৰ
- দুটা যুদ্ধকালীন গল্প
- দূৰবীণ
- বাছ নহালৈ
- পাৰ্কত সন্ধিয়া
- ৰাস্তাৰ মানুহ
- হাঁহি চম্পা
- ৰাতিৰ ৰেল
- বীণা কুটিৰ
- হেৰাল
- শুবও নিদিয়ে
- এহাত ডাবা
এহাত ডাবা নামৰ গল্পটোত এখন বিশেষ ডবা খেলৰ বিৱৰণ আৰু দুটা বিশেষ চৰিত্ৰ বেণু মিশ্ৰ আৰু কথকৰ জীৱনৰীতিয়েও ভূমুকি মাৰে। বীণা কুটিৰ গল্পৰ কথনশৈলীয়ে অতি-ব্যস্ত নগৰীয়া জীৱনৰ যান্ত্ৰিকতাক সাঙুৰি লৈছে। আনহাতে আন এটা গল্প ৰাতিৰ ৰেলত চৰিত্ৰ জুনু গোস্বামীৰ এক বিশেষ ৰে'ল যাত্ৰাৰ বিৱৰণৰ ওপৰত আধাৰিত। এজন পলাতকৰ মানসিক স্থিতি হৈছে অভয় নামৰ গল্পটোৰ বিষয়বস্তু।১
সমালোচনা
সৌৰভ কুমাৰ চলিহাৰ গল্প বীণা কুটিৰৰ প্ৰসংগত বিশিষ্ট অসমীয়া সাহিত্যিক-সমালোচক আৰু কবি হৰেকৃষ্ণ ডেকাই কৈছে যে-
বীণা কুটিৰ গল্পৰ পটভূমি গুৱাহাটী চহৰ। তাতো আমি পাওঁ নগৰীয়া উপভাষা, কিন্তু কলিকতাৰ পটভূমিৰ 'ভ্ৰমণ-বিৰতি'ৰ ভাষাৰ বোৱনতকৈ ইয়াৰ বোৱন সূক্ষ্মভাৱে বেলেগে-
আনহাতে এহাত ডাবা নামৰ গল্পটোৰ প্ৰসংগত হৰেকৃষ্ণ ডেকাই লিখিছে যে-
চলিহাৰ কিছুমান গল্পত উপস্থিত হয় দুটা বিপৰীতধৰ্মী চৰিত্ৰ। 'এহাত ডাবা'ত গল্পত আছে এনে দুটা বিপৰীতধৰ্মী চৰিত্ৰ। এটা চৰিত্ৰ বাস্তৱবিচাৰবুদ্ধি সম্পন্ন (pragmatic) এজন সফল ব্যৱসায়ীৰ, আনটো চৰিত্ৰ জীৱন যুদ্ধত পৰাস্ত এজন শিল্পীৰ।…৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এহাত ডাবা” প্ৰবন্ধৰ সংশোধন ২৫০৩৫৭ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।