অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

এ ছং অফ আইচ এণ্ড ফায়াৰ

এ ছং অফ আইচ এণ্ড ফায়াৰ (A Song of Ice and Fire) হৈছে আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা। তেওঁ ১৯৯১ চনত শৃংখলাটোৰ প্ৰথম খণ্ড এ গেম অফ থ্ৰোনছ আৰম্ভ কৰে আৰু এই খণ্ডটো ১৯৯৬ চনত প্ৰকাশ পায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এ ছং অফ আইচ এণ্ড ফায়াৰ (A Song of Ice and Fire) হৈছে আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা। তেওঁ ১৯৯১ চনত শৃংখলাটোৰ প্ৰথম খণ্ড এ গেম অফ থ্ৰোনছ আৰম্ভ কৰে আৰু এই খণ্ডটো ১৯৯৬ চনত প্ৰকাশ পায়। প্ৰথমতে শৃংখলাটো ত্ৰয়োবৃত্ত বা ত্ৰিলজী হিচাপে কল্পনা কৰা মাৰ্টিনে পৰিকল্পিত সাতটা খণ্ডৰ ভিতৰত পাঁচটা খণ্ড প্ৰকাশ কৰিছে। ২০১১ চনত শৃংখলাটোৰ পঞ্চম আৰু আটাইতকৈ শেহতীয়া খণ্ড, এ ডান্স ৱিথ ড্ৰেগনছ প্ৰকাশিত হয় আৰু ইয়াক লিখি সম্পূৰ্ণ কতিবলৈ মাৰ্টিনক ছবছৰ সময় লাগে। তেওঁ বৰ্তমান ষষ্ঠ উপন্যাস দ্য ৱিণ্ডছ অৱ ৱিণ্টাৰ লিখি আছে। ইয়াৰ লগতে এ ড্ৰীম অৱ স্প্ৰিং নামৰ এখন সপ্তম উপন্যাসৰো পৰিকল্পনা কৰা হৈছে।

গ্ৰন্থ শৃংখলাটোৰ পটভূমি হৈছে কাল্পনিক মহাদেশ ৱেষ্টেৰোছ আৰু এছ'ছ। প্ৰতিটো অধ্যায়তে কাহিনীটো একো একোটা চৰিত্ৰৰ দৃষ্টিভংগীৰে লিখা হৈছে। প্ৰথম উপন্যাসত এনে চৰিত্ৰ নটাৰ পৰা আৰম্ভ হোৱা এনে চৰিত্ৰ পঞ্চম উপন্যাসত ৩১ টালৈ বৃদ্ধি পায়। ইয়াত তিনিটা মুখ্য কাহিনী অন্তৰ্ভুক্ত হৈছে। এইকেইটা হৈছে ৱেষ্টেৰোচ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পৰিয়ালৰ মাজত হোৱা ৰাজবংশীয় যুদ্ধ, উত্তৰ ৱেষ্টেৰোছৰ অতিপ্ৰাকৃতিক শক্তিসমূহৰ বৰ্ধিত ভাবুকি, আৰু ক্ষমতাচ্যুত ৰজাৰ নিৰ্বাসিত জীয়ৰীৰ লৌহ সিংহাসন বা আইৰন থ্ৰোন দখল কৰাৰ উচ্চাকাংক্ষা।

এই শৃংখলাটোৰ বাবে মাৰ্টিনৰ অনুপ্ৰেৰণাসমূহৰ ভিতৰত আছিল ৱাৰছ অফ দ্য ৰোজেছ আৰু মৰিচ ড্ৰুঅ'নৰ ফৰাচী ঐতিহাসিক উপন্যাস দ্য একুৰ্ছড কিংছ।১২ পাঠকে এই শৃংখলাত এক পৃথক আৰু বিষয়ভিত্তিক দৃষ্টিভংগীৰ এক ভাণ্ডাৰৰ মুখামুখি হয়, আৰু যিসমূহ চৰিত্ৰৰ দৃষ্টিভংগীৰে গ্ৰন্থসমূহ ৰচনা কৰা হৈছে সেই চৰিত্ৰসমূহৰ সফলতা বা তেওঁলোক জীয়াই থকাৰ কেতিয়াও নিশ্চিতি নাথাকে। এ ছং অফ আইচ এণ্ড ফায়াৰে সততে উদ্ভৱ হোৱা নৈতিকভাৱে অস্পষ্ট এখন পৃথিৱীৰ ভিতৰত আনুগত্য, গৌৰৱ, মানৱ যৌনতা, ধাৰ্মিকতা আৰু হিংসাৰ নৈতিকতা সম্পৰ্কে প্ৰশ্ন কৰে। ২০১৭ চনৰ জানুৱাৰী মাহলৈকে ৪৭টা ভাষালৈ অনূদিত হোৱাৰ পিছত ২০১৯ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি শৃংখলাটোৰ গ্ৰন্থসমূহৰ ৯০ মিলিয়ন প্ৰতিলিপি বিক্ৰী হয়।৩৪৫ চতুৰ্থ আৰু পঞ্চম খণ্ডই মুক্তিৰ পিছত নিউয়ৰ্ক টাইমছ বেষ্ট ছেলাৰ তালিকাৰ শীৰ্ষত উপনীত হয়।৬ এই গ্ৰন্থসমূহৰ ওপৰত ভিত্তি কৰি কেইবাখনো প্ৰিকুৱেল উপন্যাস, এক দূৰদৰ্শন শৃংখলা, এখন কমিক গ্ৰন্থৰ অভিযোজন, আৰু ভালেসনখ্যক কাৰ্ড, বোৰ্ড আৰু ভিডিঅ' গেম আছে।

প্ৰকাশ

এ ছং অফ আইচ এণ্ড ফায়াৰ শৃংখলাৰ গ্ৰন্থসমূহ প্ৰথমাৱস্থাত পকাবন্ধা ৰূপত প্ৰকাশিত হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰ কেঁ‌চাবন্ধা সংস্কৰণো প্ৰকাশ পায়। যুক্তৰাজ্যত হাৰ্পাৰ ভয়েজাৰ প্ৰকাশনে শৃংখলাটোৰ বিশেষ শ্লিপকভাৰ সংস্কৰণো প্ৰকাশ কৰি উলিয়ায়।৭ শৃংখলাটো ৩০টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে।৮ যুক্তৰাষ্টৰ প্ৰথম সংসকৰণ অনুসৰি তলৰ তালিকাৰ পৃষ্ঠা সংখ্যাসমূহ দিয়া হৈছে।

#নামপৃষ্ঠাঅধ্যায়শব্দশ্ৰাৱ্যযুক্তৰাষ্ট্ৰত প্ৰকাশৰ তাৰিখ
১এ গেম অফ থ্ৰোনছ৬৯৪৯৭৩২,৯২,৭২৭১০৩৩ ঘণ্টা ৫৩ মিনিটআগষ্ট ১৯৯৬৯
২এ ক্লেছ অফ কিংছ৭৬৮১১৭০৩,১৮,৯০৩১২৩৭ ঘণ্টা 1৭ মিনিটফেব্ৰুৱাৰী ১৯৯৯১১
৩এ ষ্টৰ্ম অফ ছৰ্ডছ৯৭৩১৩৮২৪,১৪,৬০৪১৪৪৭ ঘণ্টা ৩৭ মিনিটনৱেম্বৰ ২০০০১৩
৪এ ফিষ্ট ফৰ ক্ৰ'জ৭৫৩১৫৪৬২,৯৫,০৩২১৬৩১ ঘণ্টা ১০ মিনিটনৱেম্বৰ ২০০৫১৫
৫এ ডান্স ৱিথ ড্ৰেগনছ১০৫৬১৭৭৩৪,১৪,৭৮৮১৮৪৮ ঘণ্টা ৫৬ মিনিটজুলাই ২০১১১৭
৬দ্য ৱিণ্ডছ অফ ৱিণ্টাৰপ্ৰকাশৰ পথত১৯
৭এ ড্ৰিম অফ স্প্ৰিংপ্ৰকাশৰ পথত২০
মুঠ৪,২৪৪৩৪৪১৭,৩৬,০৫৪১৯৮ ঘণ্টা ৫৩ মিনিট১৯৯৬–

তথ্যসূত্ৰ

  1. ↑ Milne, Ben. (April 4, 2014). Game of Thrones: The cult French novel that inspired George RR Martin. BBC
  2. ↑ Kamin, Debra. (May 20, 2014). The Jewish legacy behind Game of Thrones. The Times of Israel
  3. ↑ (April 15, 2019). How Game of Thrones achieved world domination.. long before the TV show even aired. The Independent
  4. ↑ 'George RR Martin revolutionised how people think about fantasy' | Books | The Guardian. theguardian.com
  5. ↑ grrm. (2017-01-16). Another Precinct Heard From. Not A Blog
  6. ↑ Smith, Dinitia. (December 12, 2005). A Fantasy Realm Too Vile For Hobbits. The New York Times
  7. ↑ A Dance with Dragons (Slipcase edition). harpercollins.co.uk
  8. ↑ Gallery of different language editions. georgerrmartin.com
  9. ↑ (July 29, 1996). Fiction review: A Game of Thrones. Publishers Weekly
  10. ↑ A Game of Thrones Book Details. AR BookFinder
  11. ↑ (February 1, 1999). Fiction review: A Clash of Kings. Publishers Weekly
  12. ↑ A Clash of Kings Book Details. AR BookFinder
  13. ↑ (October 30, 2000). Fiction review: A Storm of Swords. Publishers Weekly
  14. ↑ A Storm of Swords Book Details. AR BookFinder
  15. ↑ (October 3, 2005). Fiction review: A Feast for Crows: Book Four of A Song of Ice and Fire. Publishers Weekly
  16. ↑ A Feast for Crows Book Details. AR BookFinder
  17. ↑ (May 30, 2011). Fiction review: A Dance with Dragons: A Song of Ice and Fire, Book 5. Publishers Weekly
  18. ↑ A Dance with Dragons. AR BookFinder
  19. ↑ Brown, Rachael. (July 11, 2011). George R.R. Martin on Sex, Fantasy, and A Dance With Dragons. The Atlantic
  20. ↑ Martin, George R. R. (March 28, 2006). this, that, and the other thing. grrm.livejournal.com

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থ শৃংখলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ ছং অফ আইচ এণ্ড ফায়াৰ” প্ৰবন্ধৰ সংশোধন ৩৮০২৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।