অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়াত্বৰ জ্যোতি

অসমীয়াত্বৰ জ্যোতি(Asomiyatbr Jyoti) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৯ চনৰ অক্টোবৰ মাহত বনলতা প্ৰকাশনৰ পৰা এইখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২২০ টকা।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৩ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অসমীয়াত্বৰ জ্যোতি(Asomiyatbr Jyoti) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন।১ ২০১৯ চনৰ অক্টোবৰ মাহত বনলতা প্ৰকাশনৰ পৰা এইখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২২০ টকা। লেখকে গ্ৰন্থখন অৰূপ বৰবৰালৈ উছৰ্গিত কৰি এনেদৰে লিখিছে, "অৰূপ বৰবৰা- যিজন ব্যক্তিৰ মন-মনন প্ৰতি মুহূৰ্ততে আলোকিত হৈ থাকে অসমীয়াত্বৰ জ্যোতিৰে, তেওঁৰেই হাতত অৰ্পণ কৰিলোঁ এই গ্ৰন্থ...।" ২

বিৱৰণ

গ্ৰন্থখনৰ প্ৰাক্‌কথনত লেখকে লিখিছে, "কেৱল ৰাজপথৰ সংগ্ৰামেই এটা জাতিৰ সন্মুখত আহি পৰা সকলো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰণ কৰিব নোৱাৰে। সাংস্কৃতিক আৰু বৌদ্ধিক জাগৰণৰ সংগ্ৰামখনো একেই উদ্যমেৰে চলাই নিব নোৱাৰিলে ভৱিষ্যত প্ৰজন্মই খুব সোণকালতে আমাৰ প্ৰজন্মৰ লগতে আমাৰ আগৰ প্ৰজন্মৰ কিছু লোককো দূষিব। সেইবাবেই অসমীয়াত্বৰ ধাৰণাটোৱে প্ৰদান কৰিব পৰা পোহৰমুখী সম্ভাৱনীয়তাসমূহক নিৰাৱেগভাৱে লিৰিকি বিদাৰি চোৱাতো দৰকাৰ। গ্ৰন্থখনত সন্নিৱিষ্ট অধিকাংশ লেখাৰ মাজেদি তেনে এক প্ৰয়াসকে কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা চলাইছোঁ।" লগতে তেওঁ লিখিছে, "ইয়াত সন্নিৱিষ্ট বহুত সংখ্যক লেখা কাকত-আলোচনীত পূৰ্বতে প্ৰকাশ পাইছে যদিও পৰিৱৰ্তিত পৰিস্থিতিত কেইটামান লেখাক কিছু নতুন ৰূপ দিয়া হৈছে।" ইয়াত মুঠ ৩২টা প্ৰবন্ধ আছে। সেইসমূহ হ'ল -২

  1. মোৰ জীৱন দৰ্শন আৰু অসমীয়াত্ব
  2. আজিৰ অসমীয়াই কি কৰা উচিত
  3. খিলঞ্জীয়াৰ মানৱাধিকাৰৰ সপক্ষে কোন আছে
  4. ড° নিৰোদ কুমাৰ বৰুৱাৰ পেংলাইসূচক পকা-মিথৈ
  5. তিনিজন অসামান্য অসমীয়া অধ্যাপক
  6. ড° হীৰেন গোঁহাই- মোক অস্বস্তিত পেলোৱা মানুহজন
  7. হিন্দীবলয়ৰ বৰ্ণবাদ
  8. অসমীয়া আজি অকলশৰীয়া
  9. অগপ বোকোচাৰ পৰা নামিবনে
  10. নামঘৰ - উদাৰ অসমীয়াত্বৰ কেন্দ্ৰস্থল
  11. আঞ্চলিকতাবাদৰ উত্থান সম্ভৱনে
  12. কটন বিশ্ববিদ্যালয়ত শংকৰদেৱ
  13. জাতীয়তাবাদৰ প্ৰাণ ভাষাত, ধৰ্মত নহয়
  14. গান্ধী, আম্বেদকাৰ আৰু ভীমবৰ দেউৰী
  15. নতুন বছৰটো হ'ব লাগিব নাগৰিক সমাজৰ
  16. নামঘৰ আৰু নাগৰিকত্বঃ বকুলতলৰ পৰা বেংগালুৰুলৈ
  17. পৰাগ দাস, শংকৰ সংঘ ইত্যাদি
  18. আছু, ড° হীৰেন গোঁহাই আৰু মই
  19. আছু আৰু অন্ধ্ৰ প্ৰদেশ
  20. শংকৰদেৱ- অসমীয়াত্বৰ 'নৈতিক মথাউৰি'
  21. নেহৰু, অসম আৰু ৰাষ্ট্ৰসংঘ
  22. অসমীয়াত্বৰ জ্যোতি
  23. প্ৰদীপ বৰুৱাৰ 'স্বগতোক্তি' - অস্থিৰ সময়ৰ সুস্থিৰ বাৰ্তা
  24. অসমীয়া, সাজু হওক বদনামৰ বাবে
  25. চিকিৎসালয়ত সন্মিলিত প্ৰাৰ্থনাৰ প্ৰতিধ্বনি
  26. পুনেত জিলিকিল অসমৰ পৰ্যটন ক্ষেত্ৰৰ কিছু সমল
  27. পঞ্চৰত্নৰ গৌৰৱোজ্জ্বল আদৰ্শ অক্ষুণ্ণ থাকিবনে
  28. ফেচ্‌বুক, বন্ধু লেখক আৰু ড° হীৰেন গোঁহাই
  29. সংবাদ মাধ্যমত অপশক্তিৰ পদধ্বনি
  30. ইতিহাসত উপেক্ষিতা সাধাৰণ নাৰীৰ অসাধাৰণত্ব
  31. কিয় প্ৰয়োজন হৈছে কাশ্মীৰৰ ইতিহাস অধ্যয়নৰ
  32. পানী, পানী আৰু পানী

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ৩তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৪ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৫ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।৩বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৬

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ছাইদুল ইছলাম. (৫ নৱেম্বৰ, ২০১৯). ময়ূৰ বৰা আৰু অসমীয়াত্ব. নিয়মীয়া বাৰ্তা
  2. ↑ ময়ূৰ বৰা. (অক্টোবৰ, ২০১৯). অসমীয়াত্বৰ জ্যোতি. বনলতা
  3. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  4. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  5. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  6. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়াত্বৰ জ্যোতি” প্ৰবন্ধৰ সংশোধন ৩৯৬১০২ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।