এছিড ভাৰতীয় ছাইকেডেলিক ধাৰাৰ উপন্যাস, যি সংগীতা শ্ৰীনিবাসনে লিখিছে।১ মূলতঃ মালয়ালম ভাষা ভাষাত ৰচিত এই গ্ৰন্থখন লেখিকাই নিজেই ইংৰাজী ভাষালৈ অনুবাদ কৰে। এইখন তেওঁৰ তৃতীয় উপন্যাস।২
কাহিনী
এছিড উপন্যাসখন কমলা আৰু শ্যালী নামৰ দুগৰাকী লেছবিয়ান মহিলাৰ জীৱন আৰু কামলাৰ যমজ পুত্ৰ আদি আৰু শিৱাক কেন্দ্ৰ কৰি আগবাঢ়ে।৩ কমলা বেংগালুৰুত নিজৰ সমলিংগী সংগী শ্যালীৰ সৈতে বসবাস কৰে। তেওঁলোকৰ মাজত গভীৰ মানসিক আৰু ৰোমাণ্টিক সম্পৰ্ক আছে। তেওঁলোকৰ জীৱন অস্থিৰ আৰু বিশেষকৈ এল এছ ডি মাদক ব্যৱহাৰৰ প্ৰভাৱত প্ৰভাবিত, যাৰ বাবে কাহিনীটো কেতিয়াবা বিভ্ৰমমূলক সপোনৰ দৰে অনুভৱ হয়। আদি পক্ষাঘাতগ্ৰস্ত আৰু শিৱাই নিজৰ জীৱনটো আদিৰ যত্ন ল’বলৈ উৎসৰ্গা কৰিছে।১
উপন্যাসখনত মধ্যবৰ্গীয় নাগৰিক জীৱন, নিউক্লিয়াৰ পৰিয়ালৰ অশান্তি, বিবাহজনিত অসন্তুষ্টি, যৌনতাৰ বিভিন্ন ৰূপ, মাদকাসক্তিৰ তীব্ৰতা আৰু নতুন প্ৰজন্মৰ মানৱ সম্পৰ্কৰ সংজ্ঞা আদি বিষয় আলোচিত হৈছে।৪ মূল চৰিত্ৰসমূহৰ উপৰি কমলাৰ স্বামী মাধৱন, কমলাৰ গৃহকৰ্মী জানু আৰু শ্যালীৰ মাতৃ আদি চৰিত্ৰও কাহিনীত আছে।২
প্ৰতিক্ৰিয়া
এছিড সঙ্গীতাৰ আটাইতকৈ সমালোচকৰ প্ৰশংসা লাভ কৰা উপন্যাসসমূহৰ এটা। দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছত স্মিতা বৰ্মাই লিখিছে যে উপন্যাসখনক যদি এটা বাক্যত ক’ব লাগে, তেন্তে সেয়া “দুজন শক্তিশালী নাৰীৰ মাজৰ এক প্ৰবল ৰোমাঞ্চ”।৫ হিন্দুস্তান টাইমছৰ সোণালী মজুমদাৰে এছিডক এক উত্তাল, বিভ্ৰমমূলক আৰু বিষণ্ণতাৰে পূৰ্ণ ভ্ৰমণ বুলি অভিহিত কৰিছে।৬ কে আৰ মীৰাই দ্য হিন্দুত প্ৰকাশিত সমালোচনাত লিখিছে যে গ্ৰন্থখন দুগৰাকী মহিলাৰ মাজৰ সমলিংগী সম্পৰ্কক নিৰ্ভীকভাৱে গভীৰতাৰে উপস্থাপন কৰা প্ৰথম গ্ৰন্থসমূহৰ ভিতৰত এটা হ’ব পাৰে।৭ দ্য টেলিগ্ৰাফ (কলকাতা) ইণ্ডিয়াত প্ৰকাশিত সমালোচনাত এছ. ডি. চৌধুৰীয়ে উপন্যাসখনক জীৱনৰ জটিলতা অস্বীকাৰ নকৰা গ্ৰন্থ বুলি মন্তব্য কৰে।৮ স্ক্ৰল ডট ইনৰ অপূৰ্বা শ্ৰীপথিয়ে এছিডক পৰিয়াল আৰু মাতৃত্ব সম্পৰ্কীয় পৰম্পৰাগত ধাৰণাক উলটাই দিয়া বিভ্ৰমমূলক উপন্যাস বুলি বৰ্ণনা কৰিছে।১ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰাহুল ৰাধাকৃষ্ণনে লিখিছে যে এছিডত সঙ্গীতাই অনিৰাপদ চৰিত্ৰসমূহৰ জীৱনক মধ্যবৰ্গীয় নগৰীয়া জীৱন, নিউক্লিয়াৰ পৰিয়ালৰ অশান্তি, বিবাহজনিত অসন্তুষ্টি, যৌনতাৰ বিভিন্ন ৰূপ, মাদকাসক্তিৰ তীব্ৰতা, নতুন প্ৰজন্মৰ মানৱ সম্পৰ্কৰ সংজ্ঞা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণভাৱে নিশা কেতিয়াও নিস্তব্ধ নোহোৱা মহানগৰৰ ৰং, ছন্দ আৰু হোঁচটৰ সৈতে সংযোজিত কৰিছে।৪
মালয়ালম মনোৰমাত প্ৰকাশিত বীৰ্যামেৰম বিশালায়নী, ঞ্জেট্টিক্কুম ই এচিড (অৰ্থ: “এক শক্তিশালী বিষ, এই এছিডে আপোনাক চকিত কৰিব”) শীৰ্ষক এটা প্ৰবন্ধত জি. প্ৰমোডে মালয়ালম সংস্কৰণৰ আৱৰণ পৃষ্ঠাৰ সমালোচনা কৰিছে, য’ত এইখন এটা লেচবিয়ান উপন্যাস বুলি সূচোৱা টেগলাইন ব্যৱহাৰ কৰা হৈছিল।৯ তেওঁ লিখিছে যে এই টেগলাইনে কেৱল লেচবিয়ান কেন্দ্ৰিক উপন্যাস বিচাৰি অহা পাঠকক হতাশ কৰিব পাৰে, কিয়নো দুগৰাকী নাৰীৰ মাজৰ প্ৰেম উপন্যাসখনৰ বহুতো বিষয়ৰ ভিতৰত মাত্ৰ এটা বিষয়। সম্পূৰ্ণ উপন্যাসখন পঢ়াৰ পিছতো মনত স্থায়ীভাৱে ৰৈ যায় লেচবিয়ান প্ৰেম নহয়; বৰঞ্চ আধুনিক নগৰকেন্দ্ৰিক যুগৰ জীৱন-সংকট, বিবাহজনিত সম্পৰ্কসহ বঢ়ি অহা অবিশ্বস্ততা, নৈতিক আৰু সামাজিক বিধি-নিষেধ ভাঙিবলৈ উদ্গ্ৰীৱ মানুহৰ মনোভাৱ, আৰু জীৱনত মাদকাসক্তিৰ কৰুণ পৰিণতি।৯
বঁটা
উপন্যাসখনৰ মালয়ালম সংস্কৰণে ২০১৭ চনত থোপ্পিল ৰবি বঁটা লাভ কৰে।৮
তথ্যসূত্ৰ
- ↑ Sripathi, Apoorva. (8 September 2018). 'Acid': A hallucinatory novel that overturns traditional ideas of family and motherhood. Scroll.in
- ↑ ലെസ്ബിയൻ പ്രണയത്തിന്റെ ആസിഡ്. ManoramaOnline. Malayala Manorama
- ↑ Kabani, R. (2019). Acid: A Psychedelic Journey for Survival. International Journal of Social Science and Humanities Research. পৃ. 320-322
- ↑ Radhakrishnan, Rahul. മലയാളിയുടെ ആസ്വാദനശീലങ്ങളിൽ ഒരു ആസിഡ് പരീക്ഷണം. Indian Express Malayalam. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (2018-08-05). Acid: A psychedelic rollercoaster. The Financial Express
- ↑ Majumdar, Sonali. (19 October 2018). Review: Acid by Sangeetha Sreenivasan. হিন্দুস্তান টাইমছ
- ↑ Meera, K. R. (14 September 2018). 'Acid' by Sangeetha Sreenivasan. The Hindu
- ↑ Chaudary, S. D. Sangeetha Sreenivasan's novel Acid is a trip. www.telegraphindia.com
- ↑ വീര്യമേറും വിഷലായനി! ഞെട്ടിക്കും ഈ ആസിഡ്. ManoramaOnline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিড (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫৮২৯৯১ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।