ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফাকিং ট্ৰেন্স ৱমেন
ফাকিং ট্ৰেন্স ৱমেন (Fucking Trans Women; সংক্ষেপে FTW) হৈছে মীৰা বেলৱেদাৰৰ দ্বাৰা নিৰ্মিত ৮০ পৃষ্ঠাৰ এখন ক্ষুদ্ৰ আলোচনী। ২০১০ চনৰ অক্টোবৰ মাহত এইখন আলোচনী প্ৰকাশ পাইছিল আৰু ২০১৩ চনত পুনৰ প্ৰকাশ পাইছিল ফাকিং ট্ৰেন্স উইমেন: এ জিন এবাউট দ্য চেক্স লাইভছ অৱ ট্ৰেন্স উইমেন নামেৰে।
-
ফৰিংবোৰে বাটৰ কথা জানে
ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।
-
বচন (ব্যাকৰণ)
বচন (Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। ব্যাকৰণত এই শব্দটো বিশেষ অৰ্থত প্ৰয়োগ হয়। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। যেনে:- * তুমি খেলি আছা। মই পঢ়িছোঁ। সি নাচিছে। বদনে দেখোন হাঁহিছে।
-
বনলতা সেন (কবিতা)
বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত।
-
বাগড়ী ভাষা
বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।
-
বিশেষণ পদ
বিশেষণ পদ বা বিশেষণ হৈছে সেই শব্দ, যি কোনো বিশেষ্য বা সৰ্বনামৰ গুণ, অৱস্থা, আকাৰ, সংখ্যা, ৰং, গুণবাচক বৈশিষ্ট্য আদি বুজায়। বিশেষণ পদে কোনো বস্তু বা ব্যক্তিৰ স্বভাৱ বা বৈশিষ্ট্য স্পষ্ট কৰি তোলে।
-
বুদ্ধবংশ
বুদ্ধবংশ (বুদ্ধৰ বুৰঞ্জী বুলিও কোৱা হয়) গৌতম বুদ্ধৰ জীৱন আৰু তেওঁৰ পূৰ্বে বুদ্ধত্ব লাভৰ ভৱিষ্যদ্বাণী কৰা চৌব্বিছজন বুদ্ধৰ জীৱনৰ বৰ্ণনা কৰা এটা জীৱনীমূলক বৌদ্ধ গ্ৰন্থ। ই খুদ্দাকা নিকায়ৰ চতুৰ্দশ গ্ৰন্থ, যিখন পাছলৈ সুত্ত পিটকৰ পঞ্চম আৰু শেষ বিভাগ।
-
বেংগল গেজেট
হিকিজ বেংগল গেজেট বা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰ (Hicky's Bengal Gazette) ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতা (তেতিয়াৰ কলিকতা) পৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ সাপ্তাহিক বাতৰি কাকত। বেংগল গেজেট নামে খ্যাত এই কাকতখন এছিয়াত মুদ্ৰিত প্ৰথম বাতৰি কাকত।
-
ব্ৰেকিং ড'ন (উপন্যাস)
ব্ৰেকিং ড'ন (Breaking Dawn) আমেৰিকান ঔপন্যাসিকা ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখনি উপন্যাস। তিনিটা খণ্ডত বিভক্ত এই উপন্যাসখনৰ প্ৰথম আৰু তৃতীয় খণ্ডটি বেলা স্বানৰ দৃষ্টিকোণৰ পৰা আৰু দ্বিতীয় খণ্ডটি জেকব ব্লেকৰ দৃষ্টিকোণৰ পৰা ৰচনা কৰা হৈছে।
-
ভাষা-বিজ্ঞানৰ ভূমিকা
ভাষা-বিজ্ঞানৰ ভূমিকা ভাষা বিষয়ক মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮০ চনৰ ডিচেম্বৰ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল মণিকূট প্ৰকাশ। প্ৰথম সংখ্যা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত বহু কেইটা সংস্কৰণ প্ৰকাশ হৈছে। শেহতীয়া সংস্কৰণ প্ৰকাশ হৈছে ২০১৫ চনত।
-
মজ্জিম নিকায়
মজ্জিম নিকায় ("মধ্য-দৈৰ্ঘ্যৰ বক্তৃতাৰ সংকলন") বৌদ্ধ শাস্ত্ৰ সংকলন, সুত্ত পিটকৰ পাঁচখন নিকায় বা সংকলনৰ ভিতৰত দ্বিতীয়, যিটো থেৰবাদ বৌদ্ধ ধৰ্মৰ পালি ত্ৰিপিটক (শব্দত "তিনি টোপোলা") ৰচনা কৰা "তিনি টোপোলা"ৰ ভিতৰত অন্যতম।
-
মনোৰঞ্জন শাস্ত্ৰী
আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰী (১৯১১–১৯৮৮) অসমৰ এগৰাকী প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, সাহিত্যিক আৰু অধ্যাপক। আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰীৰ জন্ম হয় খ্ৰীঃ ১৯১১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত। পিতৃ শ্যামদেৱ শৰ্মা আৰু মাতৃ ভোগেশ্বৰী দেৱী।
-
মহাকবি কালিদাসৰ ৰঘুৱংশম্
মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
-
মাং ভাষা (লোলো-বাৰ্মী ভাষা)
মাং ভাষা বা ম’আং ভাষা হৈছে চীনৰ য়ুনান প্ৰদেশৰ ৱেনচান স্বায়ত্ত শাসিত অঞ্চল আৰু উত্তৰ ভিয়েটনামত কোৱা এখন লোলো-বাৰ্মী ভাষা। স্থানীয়ভাৱে এই জাতিগোটক অন্য জাতিসমূহে গাওকুঝিয়াও ই (高裤脚彝, অৰ্থাৎ "ওখ পিন্ধা ই") বুলি জনে (Zhou 2014:1)। লামা (২০১২) অনুসৰি, মাং ভাষা ম'ন্দজিছ শাখাৰ অন্তৰ্গত।
-
মানুষী
মনুষী: এ জাৰ্নেল এবাউট উইমেন এণ্ড ছ’চাইটি হৈছে নাৰীবাদৰ লগতে লিংগ অধ্যয়ন আৰু সক্ৰিয়তাৰপ্ৰতি নিবেদিত ভাৰতীয় আলোচনী। নতুন দিল্লীত থকা দুগৰাকী সাহিত্যিক মধু কিশ্বৰ আৰু ৰুথ ভানিতাই এই আলোচনীখন ১৯৭৮ চনত প্ৰতিষ্ঠা কৰিছিল। কিশ্বৰ আৰু ভানিতাই ১৯৭৮ চনৰ পৰা ১৯৯১ চনলৈকে এই আলোচনীখনৰ সহ-সম্পাদনা কৰে।
-
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস
মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।। গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল।
-
মাল পহাড়িয়া ভাষা
মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা।
-
মালয়েছিয়ান সাহিত্য
মালয়েছিয়ান সাহিত্য হ'ল ১৯৬৩ চনলৈকে মালয় উপদ্বীপত আৰু তাৰ পিছত মালয়েছিয়াত সৃষ্টি হোৱা সাহিত্যৰাজি। মালয়েছিয়ান সাহিত্যই মালয়েছিয়াত ৰচিত সাহিত্যৰাজিক বুজায়, যি মালয়েছিয়াৰ চাৰিটা প্ৰধান ভাষা ক্ৰমে মালয়, ইংৰাজী, চীনা আৰু তামিল ভাষাত ৰচিত।
-
মিলিন্দপান্হা
মিলিন্দপান্হা (আক্ষৰিক অৰ্থত 'মিলিণ্ডৰ প্ৰশ্ন') খ্ৰীষ্টপূৰ্ব ১০০ চনৰপৰা ২০০ খ্ৰীষ্টাব্দৰ ভিতৰৰ কোনোবা এটা সময়ত ৰচিত বৌদ্ধ ধৰ্মৰ গ্ৰন্থ। ইয়াত ভাৰতীয় বৌদ্ধ ঋষি নাগসেনা, আৰু খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ ভাৰত-গ্ৰীক ৰজা প্ৰথম মেনাণ্ডাৰ (পালি: মিলিণ্ডা)ৰ মাজত হোৱা সংলাপ লিপিবদ্ধ কৰা বুলি কোৱা হৈছে।
-
মুন্ধুম
মুন্ধুম (পেইলান নামেৰেও জনাজাত) নেপালৰ লিম্বু জনগোষ্ঠীৰ প্ৰাচীন ধৰ্মগ্ৰন্থ আৰু লোকসাহিত্য। ই নেপালৰ এক প্ৰাচীন, থলুৱা ধৰ্ম। লিম্বু ভাষাত মুন্ধুমৰ অৰ্থ হৈছে "মহা শক্তিৰ শক্তি।" মুন্ধুমত ভাৰতীয় উপমহাদেশত বৈদিক সভ্যতাৰ উত্থানৰ আগৰপৰাই পালন কৰা য়াকথুং (লিম্বু) সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ বহু দিশ…
-
মৈথিলী সাহিত্য
মৈথিলী সাহিত্য হ'ল মৈথিলী ভাষাৰ কবিতা, উপন্যাস, চুটিগল্প, নথি-পত্ৰ আৰু অন্যান্য লেখাৰ সম্পূৰ্ণ সংগ্ৰহ। মৈথিলী ভাষাৰ বিখ্যাত কবি হ'ল বিদ্যাপতি (১৩৫০-১৪৫০)। মৈথিলী ভাষা লিখা লিপিটোক মিথিলাক্ষৰ বা তিৰহুতা লিপি নামেৰে জনা যায়।
-
মৌতম
মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উপন্যাসৰ সলনি বুৰঞ্জী বুলিহে উল্লেখ কৰিছে।
-
যাকেৰি নাহিকে উপাম
যাকেৰি নাহিকে উপাম (Jakeri Nahike Upaam) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।
-
লাম্বাদা নাচৰ শেষত
লাম্বাদা নাচৰ শেষত অসমীয়া গল্পকাৰ, প্ৰবন্ধকাৰ, কলা-সমালোচক, শিল্পকলাৰ গৱেষক আৰু অধ্যাপিকা মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ১৯৯৮ চনত সৰস্বতী প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখনত লেখিকাৰ মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত হৈছিল।
-
লাহৰী
লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল লাহৰী। ই এখন মিলনাত্মক উপন্যাস।
-
লেখিকা
প্ৰাচীনতম লিখিত সাহিত্যৰ সময়ৰে পৰাই নাৰীয়ে সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। আদিম সভ্যতাৰ পৰাই লিখিত যোগাযোগৰ ক্ষেত্ৰত নাৰীসকলে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
-
লোকভাষা
লোকভাষা হৈছে মুখে মুখে চলি অহা অৰ্থাৎ কথিত ভাষা। এই ভাষা কোনো ধৰণৰ আনুষ্ঠানিক পদ্ধতিৰে শিকা নাযায়, আৰু ই পৰিমাৰ্জিত তথা ৰীতিবদ্ধ নহয়। লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই 'লোকভাষা' (Folk speech) বুলি আমি ক'ব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ।
-
শব্দ-শৃংখল
শব্দ-শৃংখল কথাৰে, বোৰ্ডেৰে, কাৰ্ডেৰে বা ভিডিঅ' গেমেৰে ভাষাৰ সক্ষতা পৰীক্ষা কৰিবলৈ বা ইয়াৰ ধৰ্মসমূহ বিচাৰ কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হয়। শব্দ-শৃংখল সাধাৰণতে মনোৰঞ্জনৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়; কিন্তু অতিৰিক্তভাৱে ই এটা শিক্ষামূলক উদ্দেশ্য সাধন কৰিব পাৰে।
-
শৱ কটা মানুহ
শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত।
-
সংকলন
সংকলন (Anthology) হৈছে গ্ৰন্থ প্ৰকাশনত সংকলনকাৰীয়ে নিৰ্বাচন কৰা সাহিত্যিক ৰচনাৰ সংগ্ৰহ বা একত্ৰীকৰণ। ই বিভিন্ন লেখকৰ নাটক, কবিতা, চুটিগল্প, গীত বা উদ্ধৃতিৰ সংকলন বা সংগ্ৰহ হ'ব পাৰে।