ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কিশ্তৱাড়ী ভাষা
কিশ্তৱাড়ী বা কশ্তৱাড়ী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যাৰ কাশ্মিৰী ভাষাৰ সৈতে ভালেমান মিল আছে। চুবুৰীয়া পশ্চিমীয়া পাহাড়ী ভাষাসমূহৰো ভালেমান প্ৰভাৱ এই ভাষাত দেখা যায়। এই ভাষা মুখ্যতঃ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ কিশ্তৱাড় জিলাত ব্যৱহাৰ কৰা হয়।
-
কুঁহিপাঠ
১৯৮৬ চনত অসমত নতুন শিক্ষা-নীতি প্ৰৱৰ্তন কৰা হয় আৰু সেই শিক্ষা-নীতিৰ আধাৰত অসমত প্ৰাথমিক স্তৰৰ পৰা নতুন পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি প্ৰাথমিক স্তৰৰ ‘অসমীয়া মাতৃভাষা’ বিষয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰা হৈছিল।
-
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো লেটিন ভাষাত পুনৰুদ্ধাৰ কৰা হৈছিল আৰু এইদৰে সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল, যিয়ে নিজৰ হাতত যি আছে তাতেই সন্তুষ্ট হ’বলৈ আৰু ছাঁৰ স্বাৰ্থত একো বলিদান নিদিবলৈ পাঠটো শিকাইছিল। গল্পটোৰ ভাৰতীয় সংস্কৰণো আছে।
-
কুণ্ডল শ্বাহী ভাষা
কুণ্ডল শ্বাহী (, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰৰ নীলম উপত্যকাৰ কুণ্ডল শ্বাহী গাঁৱৰ প্ৰায় ৭০০ লোকে ব্যৱহাৰ কৰে। ই এটি বিপদাপন্ন ভাষা যাৰ থলুৱা ভাষী লোকে হিন্দকো ভাষা আকোৱালি ল'ব ধৰিছে।
-
কুৰুণথোগাই
কুৰুণথোগাই বা কুৰুণটোকাই (তামিল குறுந்தொகை, অৰ্থাৎ চুটি সংকলন) এখন ধ্ৰুপদী তামিল কাব্যিক গ্ৰন্থ আৰু পৰম্পৰাগতভাৱে সংগম সাহিত্যৰ আঠটা সংকলন (Ettuthokai)ৰ ভিতৰত দ্বিতীয়। সংকলনটো আকম (প্ৰেম) শ্ৰেণীৰ অন্তৰ্গত, আৰু প্ৰতিটো কবিতা ৪ৰপৰা ৮ শাৰীকৈ গঠিত (৩০৭ আৰু ৩৯১ নং কবিতাটোৰ বাহিৰে যিবোৰত ৯টা শাৰী আছে)।
-
কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল
কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল (K.K. Handiqui Library) হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল। ই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক বৃহৎ আৰু সমৃদ্ধশালী গ্ৰন্থাগাৰ। বৰ্তমান এই পুথিভঁৰালত ২,৮০,০০০ তকৈও অধিক গ্ৰন্থ, গৱেষণা পত্ৰ (Theses) আৰু পুৰণি আলোচনী, বাতৰি-কাকত আদি সংৰক্ষণ হৈ আছে।
-
কেঁচা পাতৰ কঁপনি
কেঁচা পাতৰ কঁপনি (Kesa Paator Koponi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক, গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ এখন উপন্যাস। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই উপন্যাসখনক কথন-ৰীতিক স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ পৰম্পৰাগত শৈলীৰ পৰা সামান্য পৃথক বুলি কোৱা হয়।
-
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া
কেথেৰিণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া অসমীয়া সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এক চুটিগল্প সংকলন। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰত। ইয়াত অনিন্দিতাৰ খণ্ডচিত্ৰ, ফৰেষ্ট বুঢ়াৰ বাৰী আদি মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। লেখিকাৰ নিজৰ ভাষাত, "জীৱনে যিদৰে নিয়ম নামানে, চুটি গল্পইও নামানে।
-
কেলা
কেলা (Kela) হৈছে অসমীয়া সমাজত বহুল প্ৰচলিত এটা ইতৰ শব্দ। লিখিত ভাৱে এই শব্দৰ প্ৰচলন খুৱেই কম যদিও অসমীয়া সমাজ জীৱনৰ সৈতে এই শব্দটো ওতপ্ৰোত ভাৱে জড়িত। মনৰ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে বিভিন্ন মুহূৰ্তত অসমীয়া মানুহে এই ইতৰ শব্দটোৰ ব্যৱহাৰ কৰে।
-
কেলিগ্ৰাম
কেলিগ্ৰাম একধৰণৰ সুসজ্জিত শব্দৰ সমষ্টি, যাৰ দ্বাৰা বিষয়ভিত্তিকভাৱে সম্পৰ্কিত প্ৰতিচ্ছবি গঠন কৰে। ই কবিতা, বাক্যাংশ, শাস্ত্ৰৰ অংশ বা এটা শব্দ হ’ব পাৰে; দৃশ্যমান ব্যৱস্থা টাইপফেচ, কেলিগ্ৰাফী বা হস্তলিপিৰ নিৰ্দিষ্ট ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে; যেনে অ-সমান্তৰাল আৰু বক্ৰ লিখনী, বা আকৃতিৰ অনুচ্ছেদত।
-
কোৱাইট্ (গ্ৰন্থ)
কোৱাইট্: দ্য পাৱাৰ অৱ ইনট্ৰ’ভাৰ্টছ ইন এ ৱৰ্ল্ড ডেট কেন’ট ষ্টপ টকিং (Quiet: The Power of Introverts in a World That Can't Stop Talking) হৈছে ২০১২ চনত আমেৰিকাৰ লেখিকা তথা বক্তা ছুজেন কেইনে লিখা এখন অ-কাহিনীমূলক কিতাপ।
-
ক্ল'জ আপ
ক্ল'জ আপ (Close up) হৈছে অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখকৰ ব্যক্তিগত অভিজ্ঞতা-সম্বলিত এখনি চলচ্চিত্ৰ-বিষয়ক গ্ৰন্থ৷ অসমীয়া ভাষাত ৰচিত গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমত প্ৰকাশিত হৈছিল৷…
-
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ হৈছে ২০১২ চনত প্ৰকাশ হোৱা, ইংৰাজী ভাষাৰ লেখক তথা নাট্যকাৰ চাইৰাছ মিষ্ট্ৰীৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। এই গ্ৰন্থখনত লেখকে মৃতদেহ কঢ়িওৱা পাৰ্চী সম্প্ৰদায়ৰ বিষয়ে লিখিছে, যি সম্প্ৰদায়ে বম্বেত সমাধিস্থ কৰিবলৈ মৃতদেহসমূহ কঢ়িয়াই লৈ গৈছিল।
-
খাময়াং ভাষা
খাময়াং ভাষা অসমৰ এক সংকটজনক টাই ভাষা, যিটো খাময়াং জনগোষ্ঠীয়ে কয় ৷ প্ৰায় পঞ্চাশজন লোকে এই ভাষা কয়; তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা সাত মাইল দূৰৈত অৱস্থিত পোৱাইমুখ গাঁৱত তেওঁলোকে বাস কৰে।
-
খুন চেং খুন ফায়েন
খুন চেং খুন ফায়েন (থাই: ขุนช้างขุนแผน) থাই লোককথাৰ এটা কিংবদন্তিৰ আধাৰত ৰচিত এখন মহাকাব্য৷ এয়া থাই সাহিত্যৰ এক অন্যতম উল্লেখযোগ্য ৰচনা। সামগ্ৰিক ৰচনাখনত প্ৰায় ২০ হাজাৰৰো অধিক স্তৱক আছে।
-
খৰোষ্ঠী লিপি
খাৰোষ্ঠী লিপি (গান্ধাৰী: 𐨑𐨪𐨆𐨮𐨿𐨛𐨁𐨌𐨫𐨁𐨤𐨁, ৰোমানীকৃত: kharoṣṭhī lipi) বা গান্ধাৰী লিপি (𐨒𐨌𐨣𐨿𐨢𐨌𐨪𐨁𐨌𐨫𐨁𐨤𐨁, gāndhārī lipi) ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা আফগানিস্তান হৈ মধ্য এছিয়ালৈকে বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এক প্ৰাচীন ভাৰতীয় লিপি আছিল।
-
গছতল স্তম্ভলিপি
গছতল স্তম্ভলিপি হৈছে নগাঁৱৰ ডবকাৰ পৰা প্ৰায় দুই মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা অষ্টকোণী শৈলস্তম্ভত খোদিত এখন শৈললিপি।।অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰা এই লিপিখন অঞ্চলটোৰ নামানুসৰি 'গছতল স্তম্ভলিপি' ৰখা হয়।
-
গড়গঞা লিপি
মধ্যযুগৰ অসমীয়া লিপিত গঢ় লৈ উঠা তিনিটা বিশেষ শৈলী হল ক্ৰমে গড়গঞা, কাইথেলী বা লহকৰী আৰু বামুণীয়া। এই তিনিটা শৈলীৰ প্ৰকাৰভেদৰ কথা মুখ বাগৰি আহি পণ্ডিত হেমচন্দ্ৰ গোস্বামী সম্পাদিত Descriptive Catalogue of Assamese Manuscripts গ্ৰন্থৰ যোগেদি সাহিত্যিক মৰ্যদা পায়হি।
-
গাধ আৰু গাহৰিৰ সাধু
গাধ আৰু গাহৰিৰ সাধু হৈছে ইছপৰ এক অন্যতম সাধু, যিটো পাশ্চাত্যত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল যদিও প্ৰাচ্যত ইয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ হৈয়ে আছে। এই সাধুটোৰ সাধাৰণ নীতিশিক্ষা হ’ল, কাৰোবাৰ সহজ জীৱন আৰু সাম্ভাৱ্য সৌভাগ্যই তেওঁলোকৰ কল্যাণৰ প্ৰতি ভয়ৰ কাৰণ হৈ পৰে।
-
গান্ধী দ্য মেন
গান্ধী দ্য মেন (Gandhi the Man)হ'ল একনাথ ঐশ্বৰণে লিখা মহাত্মা গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে।
-
গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড
গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড (Gandhi, Fighter Without a Sword) হ'ল জেনেট ইটনে লিখা মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনী। এইখন শিশুসকলৰ বাবে লিখা হৈছিল। ৰাফ ৰেই ইয়াৰ ছবিবোৰ আঁকিছিল। জীৱনীখন ১৯৫০ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হয় আৰু ১৯৫১ চনত ই নিউবেৰী অ'নৰ লাভ কৰে।
-
গান্ধীক কিয় হত্যা কৰিলো?
গান্ধীক কিয় হত্যা কৰিলো? (Gandhik Kiyo Hatya Karilo?) ইংৰাজী ভাষাত ৰচিত গোপাল গোড্ছেৰ গ্ৰন্থ 'May It please your Honour' -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে।
-
গালো ভাষা
গালো হ'ল চীন-তিব্বতীয় শাখাৰ তানি ভাষাৰ অন্তৰ্গত ভাষা, যিটো ভাষা গালো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। ইয়াৰ সঠিক স্থান তানি ভাষাসমূহৰ ভিতৰত এতিয়াও নিশ্চিত হোৱা নাই, কাৰণ ই তানি অঞ্চলৰ কেন্দ্ৰত অৱস্থিত আৰু আন্তঃ-তানি যোগাযোগৰ প্ৰভাৱত বিকশিত হৈছে।
-
গেটওৱিয়ান
গেটওৱিয়ান (ইংৰাজী: Gatewayian) হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ। অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ।
-
গোলাম
গোলাম (Golam) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
গোৱালপৰীয়া লোকভাষা
লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই 'লোকভাষা' (Folk speech) বুলি আমি ক'ব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ। ইংৰাজী ভাষাৰ Folk Speech ৰ প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত লোক শব্দটো প্ৰয়োগ কৰা হয়।
-
গ্ৰেইজ এনাটমী
গ্ৰেইজ এনাটমী (Gray's Anatomy) এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই (Henry Gray) নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: ডেছ্ক্ৰিপ্টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়।
-
চিংফৌ ভাষা
চিংফৌ ভাষা হৈছে চিংফৌ জনগোষ্ঠীৰ কথিত ভাষা। ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু অসমৰ উজনি অংশত চিংফৌসকলৰ বসবাস পোৱা যায়। অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাত আৰু অসমৰ মাৰ্ঘেৰিটা অঞ্চলত বসবাস কৰা চিংফৌসকল বৌদ্ধ ধৰ্মী। অৰুণাচল প্ৰদেশত একুৰি চাৰিখন গাঁৱত চিংফৌসকল বসবাস কৰে।
-
চিন্তাৰ ভগ্নাংশ
চিন্তাৰ ভগ্নাংশ (Sintaar Vognaangsho) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৫ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। লেখকে গ্ৰন্থখন আগবঢ়াইছে এনেদৰে, "মৰম আৰু আগ্ৰহেৰে মানস প্ৰতিম বৈদ্যৰ হাতত দিলোঁ...।"
-
চিৰ এলাগী মোৰ ভাষা ফেদেলী
চিৰ এলাগী মোৰ ভাষা ফেদেলী প্ৰয়াত দেৱেন দত্তই অসমীয়া ভাষাটোৰ ক্ষেত্ৰত ঘটি থকা অনেক বিসঙ্গতি আঙুলিয়াই ভাষাটোৰ শুদ্ধতাৰ বাবে সুদীৰ্ঘ কালৰ ভিতৰত বিভিন্ন কাকত আৰু আলোচনীত ওলোৱা বিভিন্ন প্ৰবন্ধৰ দুটা খণ্ডত প্ৰকাশিত এক সঙ্কলন।