অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস(Asomiya Madhyabitta Shreneer Itihaas) অসমৰ চিন্তাবিদ, ইতিহাসকাৰ, লেখক ড০ প্ৰফুল্ল মহন্তৰ দ্বাৰা লিখিত এখনি অ-কাহিনীমূলক, অসমৰ সামাজিক ইতিহাস সম্বন্ধীয় গ্ৰন্থ। ১ গ্ৰন্থখনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ পটভূমি, উত্থান, শ্ৰেণীবিন্যাস, বিকাশ, আত্মপ্ৰতিষ্ঠাৰ লগতে তেওঁলোকৰ সাংস্কৃতিক দিশৰ বহুধাবিভক্ত আৰু তথ্যসমৃদ্ধ আলোচনা অন্তৰ্ভুক্ত হৈছে৷ ২০২৪ চনৰ মে' মাহত পূৰ্বাঞ্চল প্ৰকাশৰ বেনাৰত গ্ৰন্থখনৰ ইংৰাজী অনুবাদ প্ৰকাশ হয়৷ জীৱন গোস্বামীয়ে অনুবাদ কৰা কিতাপখনৰ নাম হৈছে-History of the Assamese Middle Class(৷) ২
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: প্ৰফুল্ল মহন্ত'ড০ প্ৰফুল্ল মহন্ত' (ইংৰাজী: Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত শিক্ষকতাৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা ড০ প্ৰফুল্ল মহন্তই ১৯৯৮ চনৰ পৰা ২০০৫ চনলৈকে অসমৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা সঞ্চালক পদত অধিষ্ঠিত হৈছিল। ২০০৭ চনত তেখেতে 'নতুন সময়' নামৰ কাকতখনত সম্পাদক হিচাপে জড়িত হয়৷
গ্ৰন্থ-পৰিচয়
গ্ৰন্থখনৰ মূল বিষয় হৈছে অসমীয়া মধ্যবিত্ত শ্ৰেণী৷ প্ৰফুল্ল মহন্তই তেখেতৰ কিতাপত উল্লেখ কৰিছেঃ “চতুৰ্দশ শতিকাৰ শেষৰ ফালে চুদাংফা বা চুডাংফা(১৩৯৭-১৪০৭)ৰ দিনতে ব্ৰাহ্মণ্য হিন্দু ধৰ্মই ৰজাঘৰত প্ৰবেশ কৰে আৰু চুহুংমুং(১৪৯৭-১৫৫৯)ৰ ৰাজত্ব কালত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়।” কিতাপখনত অসমৰ মধ্যবিত্ত সমাজখনৰ বিষয়ে পুংখানুপুংখ তথা অতি সুক্ষ্মভাৱে বিশ্লেষণ সন্নিৱিষ্ট হৈছে।
গ্ৰন্থখনত আলোচিত বিষয়সমূহ কেইটামান মূল অধ্যায়ত সন্নিৱিষ্ট হৈছে৷ ৩সেইকেইটা হৈছে-
- ভূমিকা-অসমীয়া মধ্যবিত্ত শ্ৰেণী
- পটভূমি
- নতুন শ্ৰেণীবিন্যাস
- মধ্যবিত্তৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম
- মধ্যবিত্তৰ বিকাশ: ৰাষ্ট্ৰীয় চেতনাৰ উদ্বোধন
- জাতীয় মুক্তি আন্দোলন আৰু অসমীয়া মধ্যবিত্ত
- সামাজিক-সাংস্কৃতিক আন্দোলন আৰু অসমীয়া মধ্যবিত্ত
অনুবাদ
২০২৪ চনত পূৰ্বাঞ্চল প্ৰকাশে গ্ৰন্থখনৰ ইংৰাজী অনূদিত ৰূপ এটি প্ৰকাশ কৰে৷ ইংৰাজী গ্ৰন্থখনৰ নাম হৈছে-'History of the Assamese Middle Class'৷ অনুবাদক হৈছে জীৱন গোস্বামী৷ অনুষ্ঠানত প্ৰবীণ ৰাজনীতিবিদ হেমেন দাস, সংগীতশিল্পী লোকনাথ গোস্বামীৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে৷২
সমালোচনা
গ্ৰন্থখনৰ সন্দৰ্ভত অসমৰ সাহিত্যিক-সমালোচক ড০ হীৰেন গোঁহায়ে কয়-ড০ প্ৰফুল্ল মহন্তই গ্ৰন্থখনৰ জৰিয়তে "তথ্যনিষ্ঠ, বিশ্লেষণাত্মক আৰু নিৰ্মোহ আলোচনাৰে বিষয়টোক গভীৰতা প্ৰদান কৰিছে"৷ ৩
অসমৰ সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে গ্ৰন্থখনত সন্দৰ্ভত কয়- ড০ প্ৰফুল্ল মহন্তই যদি এই গ্ৰন্থখনৰ বাদে আৰু গ্ৰন্থ ৰচনা নকৰিলেহেঁতেন তথাপিও তেওঁক অসমীয়া জাতি তথা সাহিত্যজগতত সদায়েই ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিলহেঁতেন।২
তথ্যসূত্ৰ
- ↑ (২৮ ছেপ্টেম্বৰ, ২০২২). প্ৰফুল্ল মহন্তৰ ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ৰ বিষয়ে এটি চমু আলোচনা. নৰ্থ ইষ্ট নাও
- ↑ (৩১ মে' ২০২৪). অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস'ৰ ইংৰাজী অনুবাদ 'HISTORY OF THE ASSAMESE MIDDLE CLASS'ৰ উন্মোচন... প্ৰতিদিন
- ↑ মহন্ত, ড০ প্ৰফুল্ল. (জানুৱাৰী, ২০২১). অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস. পূৰ্বাঞ্চল প্ৰকাশ. ISBN ৯৭৮-৮১-৯৪৯৬৪২-০-৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ৪২৫২২৮ (৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।