অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ভাষাৰ মৌলিক বিচাৰ

অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি হৈছে দেবানন্দ ভৰালিৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯১২ চনত। গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ ১৯৯৬ চনত প্ৰকাশ কৰিছে লয়াৰ্ছ প্ৰকাশনে।

হালনাগাদ: ৪ জুলাই ২০২৪ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি হৈছে দেবানন্দ ভৰালিৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯১২ চনত। গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ ১৯৯৬ চনত প্ৰকাশ কৰিছে লয়াৰ্ছ প্ৰকাশনে। গ্ৰন্থখনত সৰ্বমুঠ চাৰিটা অধ্যায় আছে আৰু এই অধ্যায়কেইটাত অসমীয়া ভাষাৰ উদ্ভৱ, বিকাশ, প্ৰাকৃতৰ পৰিচয়, মধ্যযুগৰ ভাৰতীয় ভাষাৰ ক্ৰমবিকাশ, আধুনিক যুগত অসমীয়া ভাষা আৰু লিখকসকলৰ পৰিচয়, বুৰঞ্জীৰ ভাষা, আখৰ-জোঁটনি, মৌখিক সাহিত্য, অসমীয়া ভাষাত অনাৰ্য ভাষাৰ প্ৰভাৱ, তামৰ ফলি, শিলালিপি আদিৰ পৰিচয় সম্পৰ্কীয় বিচাৰ-বিশ্লেষণ আছে।১

লেখকৰ পৰিচয়

দেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল। ঊষা, বাঁহী আদি আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ লিখাৰ লগতে তেখেতে ছেক্‌ছপীয়েৰৰ মেকবেথ নাটকখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।২

গ্ৰন্থখনৰ বিৱৰণ

গ্ৰন্থখনৰ সূচীপত্ৰ

৩

  • বিষয়
  • একাষাৰ আগকথা,পাতনি (৩য় সংস্কৰণ ), পাতনি (১ম সংস্কৰণ ), Introduction, পাতনি (২য় সংস্কৰণ )
  • জোৰণি

প্ৰথম অধ্যায়

  • আদি প্ৰাকৃত অৱশেষ, ইণ্ডো-জাৰ্মান স্তৰ, ইৰাণী-পিশাচী স্তৰ, বহিৱৰ্ত্ত স্তৰ, পশ্চিম ফৈদৰ লগত মিল, দক্ষিণ ফৈদৰ লগত মিল, পূব ফৈদৰ মাজত মিল, অন্তৰ্বৃত্ত স্তৰ, সংস্কৃতৰ মাজেদি

অসমীয়া প্ৰাকৃত

  • সৌমাৰ প্ৰাকৃত, কামৰূপীয়া প্ৰাকৃত চৰ্যাপদ

ভাৰতীয় প্ৰাকৃত

  • প্ৰাক্ বৈদিক লক্ষণ, বৈদিক যুগ

মধ্য যুগ

  • 'বঙ্গ' শব্দৰ উৎপত্তি, নাটকীয় প্ৰাকৃত, অপভ্ৰংশ

আধুনিক যুগ

  • প্ৰাক্ বৈষ্ণৱী যুগ, ডাকৰ ৰচন, গোপী চন্দ্ৰৰ গান, দ্বাদশ খৃষ্টাব্দৰ অসমীয়া শব্দ, বৈষ্ণৱ যুগ, মাধৱ কন্দলি, আসামত বৈষ্ণৱ ধৰ্ম্ম, হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, কবিৰত্ন সৰস্বতী শ্ৰীকৃষ্ণ-কীৰ্ত্তন, শঙ্কৰদেৱ, কীৰ্তন, অসমীয়া কৃষ্ণ, গীত, নাটক আৰু গদ্য ৰচনা, অন্যান্য কবিসকল, বঙালী ভাষাৰ উদয়, জোৰ

বৈষ্ণৱ যুগৰ লক্ষণ

  • সহজ অনুনাসিকতা

নতুন যুগ

  • বুৰঞ্জীৰ ভাষা, ইংৰাজী যুগ, আখৰ জোটনি

মৌখিক সাহিত্য

  • গৰখীয়া নাম, আইনাম, মন্ত্ৰ, সাধুকথা, ফক'ৰা আৰু যোজনা, খণ্ড বাক্য, সাধু ভাষা, অনুকাৰ আৰু যুৰীয়া শব্দ

দ্বিতীয় অধ্যায়

  • অনাৰ্য্য ভাষাৰ প্ৰভাৱ: অষ্ট্ৰেচিয়াটিক, দ্ৰাবিড়ী, মান-তিবতী জাতি

তৃতীয় অধ্যায়

  • ব্যাকৰণ: অসমীয়া বৰ্ণমালা, নাম শব্দৰ ৰূপান্তৰ, বিভক্তি, পদ, লিঙ্গভেদে শব্দৰ ৰূপান্তৰ, বচন, উপশব্দ, সংখ্যাবাচক শব্দ, অব্যয় শব্দ, লৱজ, সৰ্ব্বনাম, বিশেষণ, ক্ৰিয়া, পাচনী ক্ৰিয়া, প্ৰাতিপদিক আৰু সম্ভাৱ্য, বাচ্য, বলৱতী ক্ৰিয়া, কৃৎ প্ৰত্যয়, তদ্ধিত প্ৰত্যয়

চতুৰ্থ অধ্যায়

  • তামৰ ফলি আৰু শিলালিপি, অসমীয়া আখৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ দেবানন্দ ভৰালিৰ ৱেবচাইট
  2. ↑ বৰ্মন, শিৱনাথ (১৯৯২). অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃলিঃ, গুৱাহাটী, প্ৰথম সংস্কৰণ, পৃঃ ১২৮-২৯
  3. ↑ দেবানন্দ ভৰালি. ইণ্টাৰনেট আৰ্কাইভ. পৃ. ১০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষাৰ মৌলিক বিচাৰ” প্ৰবন্ধৰ সংশোধন ৪২৪৭৭৩ (৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।