আদি দশম বা আদ্য দশম বা জনপ্ৰিয়ভাৱে দশম পুথিখন শংকৰদেৱ বিৰচিত এখন ধৰ্মীয় পুথি। শ্ৰীমদ্ভগৱতগীতাৰ দশম স্কন্ধৰ অসমীয়া ভাৱানুবাদ এই “আদি দশম’’ গ্ৰন্থ।
বৰ্ণনা
শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ আদি ভাগৰ পৰা ক’তো বঢ়া, ক’তো টুটা কৰি অসমীয়া ভাষাত আদি দশম ৰচনা কৰিছিল মূলৰ সম্পূৰ্ণ স্কন্ধ অনুবাদ নকৰি মাত্ৰ আদি খণ্ডহে কৰা বাবে ইয়াক “আদি দশম’’ বোলা হয়৷ ভাগৱতৰ মূল দশম স্কন্ধৰ আদ্য, মধ্য আৰু শেষ দশম বুলি তিনিটা ভাগ আছে৷ ভাগৱতৰ দশম স্কন্ধৰ আদিছোৱাত ভগৱান কৃষ্ণৰ শিশু আৰু কিশোৰ অৱস্থাৰ বিভিন্ন লীলা বৰ্ণনা কৰা হৈছে৷১ আদি দশমত মূল ভাগৱতৰ দশম স্কন্ধৰ ১ৰ পৰা ৪৭নং অধ্যায়লৈ প্ৰতিটো অধ্যায়ক চুটি বা দীঘল কৰি, বিষয়বস্তু ক’তো অকণো বাদ নিদিয়াকৈ শংকৰদেৱে ৰচনা কৰিছে৷২
এই পুথিখনি সাঁচিপাতত ৰচনা কৰা আৰু ইয়াত ২৫২ খনি ৰঙীন চিত্ৰ আছে৷ চিত্ৰ আৰু পদসমূহ ১৬ শতিকাত ৰচিত বুলি পুথিখনতে উল্লেখ আছে৷৩ পুথিখনত অংকিত কৰা চিত্ৰসমূহত নদ-নদী৷ গিৰিমালা, সৰোবৰ, অসমৰ নানা-প্ৰকাৰৰ বাদ্য-যন্ত্ৰ, নৃত্য-ভংগীমাত থকা বিভিন্ন চৰিত্ৰ, কালিয়দমন, ৰাসলীলা, বস্ত্ৰ হৰণ, গোৱৰ্ধন হৰণ, শংখচূড় বধ, নাৰদৰ আগমন, কংস, অপ্সৰা-গন্ধৰ্বৰ নৃত্য, বসুদেৱ দৈৱকীৰ বন্ধন মোচন, বিপ্ৰপুত্ৰ আনয়ন আদি কাহিনী বৰ্ণিত কৰা হৈছে৷ পুথিখনৰ আদিতেই শূকমুনি আৰু ৰজা পৰীক্ষিতক ভাগৱত পাঠ কৰা মুনিৰ সম্মুখত কৰযোৰে মাটিত বহি ভাগৱত শুনি থকা পৰীক্ষিতক অংকন কৰা হৈছে৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদি দশম” প্ৰবন্ধৰ সংশোধন ৪৩৪৯৯৪ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।