অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কাঠ হোৱা চকুলোৰ গান

কাঠ হোৱা চকুলোৰ গান হৈছে ড° মৃণাল কলিতাই ৰচনা কৰা তিনিখন উপন্যাসিকাৰ সংকলন। গ্ৰন্থখন ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ পায়। উপন্যাসিকা তিনিখন যথাক্ৰমে "চিঞৰবোৰ", "লাভ ইন দা টাইম অব্ এপছ্"(love in the time of apps) আৰু "যুঁজ"।

হালনাগাদ: ১৩ জুলাই ২০২৩ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কাঠ হোৱা চকুলোৰ গান হৈছে ড° মৃণাল কলিতাই ৰচনা কৰা তিনিখন উপন্যাসিকাৰ সংকলন। গ্ৰন্থখন ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ পায়। উপন্যাসিকা তিনিখন যথাক্ৰমে "চিঞৰবোৰ", "লাভ ইন দা টাইম অব্ এপছ্"(love in the time of apps) আৰু "যুঁজ"। ইয়াৰে "লাভ ইন দা টাইম অব্ এপছ্" উপন্যাসিকাখন দৈনিক জনমভূমি কাকতত ২০১৬ চনৰ শাৰদীয় সংখ্যাত পূৰ্বে প্ৰকাশিত হৈছিল আৰু "চিঞৰবোৰ" উপন্যাসিকাখনো উক্ত কাকতৰে ২০১৭ চনৰ শাৰদীয় সংখ্যাত প্ৰকাশিত হৈছিল।১ "যুজ" উপন্যাসিকাখনি মাধ্যমিক শিক্ষা বিভাগ, অসম(SEBA)ৰ দ্বাৰা প্ৰণীত নৱম শ্ৰেণীৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে।২

লেখক পৰিচিতি

মূল প্ৰবন্ধ: মৃণাল কলিতা

মৃণাল কলিতা (ইংৰাজী: Mrinal Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেওঁৰ তিনিখন গল্প সংকলন, দুখন উপন্যাস, গণিত বিষয়ক ৰচনা পুথি আৰু এখন ভিন্নধৰ্মী ৰচনাৰ পুথিৰ উপৰিও এখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। কলিতাৰ গল্প প্ৰকাশ, গৰীয়সী আদি আলোচনীত প্ৰকাশ হৈছে। তাৰোপৰি তেখেত আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি আদি দৈনিক বাতৰিকাকতৰো স্তম্ভ-লেখক। কাকতত ধাৰাবাহিক ৰূপে প্ৰকাশ হোৱা কলিতাৰ 'অকপটে' আৰু 'মোৰ আৰু পৃথিৱীৰ' দুটি জনপ্ৰিয় শিতান।

কাহিনীৰ সাৰাংশ

  • চিঞৰবোৰ...

উপন্যাসিকাখনত লেখকে অজয়হঁতৰ গাঁওৰ কথাৰে এখন সমাজত সময়ৰ সোঁতত হোৱা পৰিৱৰ্তনবোৰৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। অজয়হঁতৰ গাঁওখনত মাঘৰ বিহুত উৰুকাৰ পুৱতি নিশা লাগন ধৰা গছত কোবাই কোবাই গছবোৰৰ শ্ৰীবৃদ্ধিৰ বাবে মৰা উছাহ ভৰা চিঞৰবোৰ এসময়ত লুপ্ত হয়। অজয়ৰ সমনীয়া বিমলৰ ৰুগীয়া বাপেকে দাৰিদ্ৰ্যই কোঙা কৰা ৭ জনীয়া ভৰা পৰিয়ালটোৰ পৰা বিনা চিকিৎসাই চিৰবিদায় মাগে। বিমলৰ দুজনী বায়েক মালতী আৰু কল্যাণীয়ে ঘৰৰ পৰা পলাই গৈ বিয়া হয়। ঘৰখন চলাবৰ বাবে বিমলৰ দাদাক দীনেশ চহৰত কাম কৰিবলৈ যায়। চহৰত দূৰ্ঘটনাত পতিত হৈ দীনেশে অকাল মৃত্যুক আকোঁৱালি ল'বলগীয়া হয়। পিছত বিমলেও দাদাকে কাম কৰা ঠাইত কাম কৰিবলৈ যায়। এদিন ৰহস্যজনকভাৱে চাৰিজন মানুহে বিমলৰ মৃতদেহ সিহঁতৰ ঘৰলৈ লৈ আনে। এতিয়া ঘৰখনত ৰৈ যায় মাক আৰু বিমলৰ আন এজনী বায়েক ভাগ্যৱতী। কিছুদিন পিছত বৃদ্ধা মাকৰো দেহাৱসান ঘটাত মালতী আৰু কল্যাণীয়ে ভগ্নী ভাগ্যৱতীক এঘৰলৈ বিয়া দিয়ে। ইয়াৰ সমান্তৰালভাৱে লেখকে একেখন গাঁৱৰে ৰমণীহঁতৰ কথা উল্লেখ কৰিছে। এবছৰ উৰুকাৰ ৰাতি চিঞৰিবলৈ উঠোঁতে ৰমণীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ তেওঁৰ প্ৰেয়সী অৰ্পনাই মানসিক সন্তুলন হেৰুৱাই পেলায়। ইয়াৰ পিছতে গাঁওখনৰ মানুহৰ মাজত ৰং-ৰহইচ্ নোহোৱা হৈ পৰে। পিছলৈ অজয় এজন অধ্যাপক হিচাপে প্ৰতিষ্ঠিত হয়। মাঘৰ বিহুত গাঁৱৰ ঘৰলৈ আহোঁতে অৰ্পনা তেওঁৰ ওচৰলৈ আহে। বহু চিকিৎসাৰ অন্ততঃ সুস্থ হৈ উঠা অৰ্পনাই গাঁৱখনত সকলোৰে অভিভাৱক স্বৰূপ প্ৰয়াত মহীম খুড়াৰ স্মৃতিত মাইনা পাৰিজাত এখন খোলাৰ প্ৰস্তাৱ অজয়ৰ ওচৰত আগবঢ়ায়। ইমানতে উপন্যাসিকাখনিৰ পৰিসমাপ্তি ঘটে।

  • লাভ ইন দা টাইম অব্ এপছ্

আজিৰ যুগত মানুহে ভাৰ্চুৱেল পৃথিৱীখনত নিজক হেৰুৱাই ক্ষণে ক্ষণে অস্থিৰতাত ভুগিছে। ইয়াকে লেখকে উপন্যাসিকাখনৰ কৃষ্ণ, ৰূপালীম্ আদি চৰিত্ৰসমূহৰ যোগেদি প্ৰস্ফুটিত কৰি তুলিছে।

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থ: কাঠ হোৱা চকুলোৰ গান; লেখক: ড°মৃণাল কলিতা; প্ৰকাশ: নৱেম্বৰ,২০২২
  2. ↑ গ্ৰন্থ: অসমীয়া সাহিত্য চয়নিকা(প্ৰথম ভাগ); তৃতীয় প্ৰকাশ:২০২১; পৃষ্ঠা:৫৮-৭০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঠ হোৱা চকুলোৰ গান” প্ৰবন্ধৰ সংশোধন ৩৭১৫৬৬ (১৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।