সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শাগুতি
শাগুতি (Xacuti; কোংকণী: शागोती) হৈছে ভাৰতৰ গোৱাত প্ৰস্তুত কৰা এবিধ তৰকাৰী, য'ত বগা পপি গুটি, টুকুৰা টুকুৰ কৰা পিঁয়াজ, টোষ্ট কৰা নাৰিকল, আৰু ডাঙৰ শুকান ৰঙা জলকীয়া আদি জটিল মছলাৰ সৈতে প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে কেঁকোৰা, কুকুৰাৰ মাংস, ভেড়াৰ মাংস বা গোমাংসৰ সৈতে প্ৰস্তুত কৰা হয়।
-
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা (College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা।
-
শীলা বালকৃষ্ণন
ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ৷ তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক। তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।
-
শুক্ৰিয়া আচিল
শুক্ৰিয়া আচিল (Shukria Asil) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ২০০৯ চনত শিক্ষা মন্ত্ৰালয়ে তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে নেতিবাচক তথ্য প্ৰকাশ কৰিছিল আৰু তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ কিন্তু শুক্ৰিয়া আচিলে তাৰ বিৰুদ্ধে যুঁজ দি মহিলা শিক্ষককেইগৰাকীৰ বৰ্খাস্তকৰণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।
-
শোণিতপুৰ জিলা ন্যায়পালিকা
শোণিতপুৰ জিলা ন্যায়পালিকা ( ইংৰাজী: Sonitpur District Judiciary ) হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ শোণিতপুৰ জিলাৰ আদালত। ১৪ আগষ্ট ১৯৬৭ চনত অবিভক্ত দৰং জিলা আৰু অধিবেশন ন্যায়াধীশ আদালতৰ শুভাৰম্ভ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ মাননীয় ন এছ কে দত্ত ডাঙৰীয়া।
-
শোভা ঘোষ
শোভা ঘোষ (Shobha Gosa) এগৰাকী ভাৰতীয় মহিলা কৰ্মী আৰু নেতৃত্বৰ বিকাশ কৰোঁতা৷ তেওঁ যুৱক-যুৱতীসকলৰ মাজত মহিলা সবলীকৰণ আৰু যুৱ সৱলীকৰণৰ দিশত বহনক্ষম শিক্ষাৰ জৰিয়তে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে।
-
শ্বহীদ স্মৃতি মহাবিদ্যালয়
শ্বহীদ স্মৃতি মহাবিদ্যালয় (Swahid Smriti Mahavidyalaya) হৈছে ১৯৮৭ চনত স্থাপিত অসমৰ নলবাৰী জিলাৰ বেলশৰত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।
-
শ্বাফিকা কুৰেইছি
শ্বাফিকা কুৰেইছি (Shafiqa Quraishi) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।২০১০ চনৰ পৰা তেওঁ এগৰাকী আৰক্ষী কৰ্ণেল আৰু আফগানিস্তানৰ স্বৰাজ মন্ত্ৰালয়ৰ ভিতৰত লিংগ, মানৱ আৰু শিশু অধিকাৰৰ সঞ্চালিকা।
-
শ্বাহী টুকৰা
শ্বাহী টুকৰা( Shahi Tukra) হৈছে এবিধ ব্ৰেড পুডিংৰ প্ৰকাৰ যি ১৬০০ চনত “মোগল’’ৰ শাসনকালৰ সময়ত “দক্ষিণ এছিয়া’’ত উৎপত্তি হৈছিল।শ্বাহী টুকৰা শব্দৰ আক্ষৰিক অৰ্থ হ’ল “ৰাজকীয় পাউৰুটী’’এই বিধ খাদ্য তৈয়াৰ কৰিবলৈ বগা পাউৰুটি বা ব্ৰেড তেল বা ঘিঁউত ভাজি তাৰ পিছত গাখীৰ আৰু চেনিৰ মিশ্ৰণত যোগ কৰা হয়।
-
শ্ৰী সাই বিশ্ববিদ্যালয়
শ্ৰী সাই বিশ্ববিদ্যালয় (SSU) এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০১১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। এইখন ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ ৰাজ্যৰ কাংৰা জিলাৰ পালমপুৰ নামৰ ঠাইখনত অৱস্থিত।
-
শৰ্কৰাপুৰাট্টি
শৰ্কৰাপুৰাট্টি (Sharkarapuratti) ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত মিঠা মুখৰোচক খাদ্য। ইয়াক 'শৰ্কৰা বৰাট্টি' আৰু 'শৰ্কৰা উপ্পেৰী' বুলিও জনা যায়। এই খাদ্যবিধ মূলত কেঁচা কল সৰু সৰুকৈ কাটি তেলত মচমচীয়া হোৱালৈকে ভালদৰে ভাজি লোৱাৰ পিছত গলি থকা ঘন গুড়ৰ প্ৰলেপ দি প্ৰস্তুত কৰা হয়।
-
সগোত্ৰতা
সগোত্ৰতা বা একমূলতা (Consanguinity) হৈছে তেজৰ সম্পৰ্কৰ জৰিয়তে দুজন ব্যক্তিৰ মাজত প্ৰতিষ্ঠা হোৱা এক আত্মীয় সম্পৰ্ক। ভাই-ভনী, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কটো এনে আত্মীয়তাৰ উদাহৰণ।
-
সমিধান
সমিধান এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল।
-
সাই ভাজি
সাই ভাজি (Sai bhaji) হৈছে এবিধ নিৰামিষ তৰকাৰী; ইয়াক দাইল (মচুৰ দাইল), পালক (পালেং) আৰু অন্যান্য শাক-পাচলিৰে প্ৰস্তুত কৰা হয়। ই স্থানীয় খাদ্যৰ এক প্ৰধান অংশ আৰু বিভিন্ন সেউজীয়াৰ মিশ্ৰণৰ বাবে ইয়াক পুষ্টিৰ চহকী উৎস হিচাপে গণ্য কৰা হয়।
-
সীমা শেখৰে
ড° সীমা শেখৰে (Dr. Seema Sakhare; জন্ম ) এগৰাকী ভাৰতীয় নাৰীবাদী মহিলা। তেওঁ নাৰীৰ ওপৰত হোৱা হিংসা বন্ধ কৰাৰ বাবে চলোৱা প্ৰচাৰৰ বাবে জনাজাত।
-
সুৰেন দাস মহাবিদ্যালয়
সুৰেন দাস মহাবিদ্যালয় (Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।
-
সূৰয়া পাকজাদ
সূৰয়া পাকজাদ (Suraya Pakzad) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ১৯৯৮ চনত তেওঁ ভইচ অৱ ৱমেন সংস্থা প্ৰতিষ্ঠা কৰে৷ সংস্থাটোৱে কিশোৰীসকলক পঢ়া-শুনাৰ দিশে আগুৱাই নিয়ে৷ পাছলৈ তেওঁলোকে মহিলাসকলক আশ্ৰয়, পৰামৰ্শ আৰু চাকৰিৰ প্ৰশিক্ষণ প্ৰদান কৰে। তালিবানৰ বাবেই এই সংগঠনটোৱে ২০০১ চনলৈকে গোপনে কাম কৰিছিল।
-
স্তনপট্টা
স্তনপট্টা (Stanapatta or Stanmasuka) আছিল শৰীৰৰ ওপৰৰ স্তন অংশৰ বাবে ঢিলাকৈ মেৰিয়াই পিন্ধা কাপোৰ। এয়া আছিল প্ৰাচীন ভাৰতত ব্যৱহাৰ কৰা বক্ষ-বন্ধনি। ৰোমান মহিলাসকলে ব্যৱহাৰ কৰা ষ্ট্ৰফিয়াম বা মেমিলাৰৰ দৰেই প্ৰাচীন কালত মাইকী মানুহৰ ই এক সাধাৰণ ওপৰত পিন্ধা কাপোৰ আছিল।
-
স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কোকৰাঝাৰ
স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় (Swami Vivekanand University) এখন ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২৫ চনত প্ৰতিষ্ঠা লাভ কৰে। এইখন অসমৰ কোকৰাঝাৰ জিলাৰ আই.টি. পাৰ্ক, চান্দামাৰী নামৰ ঠাইত অৱস্থিত। বিশ্ববিদ্যালয়খন অসম বিধানসভাৰ ASSAM ACT NO.
-
স্বায়ত্তশাসিত নাৰীবাদ
স্বায়ত্তশাসিত নাৰীবাদ (Autonomous feminism) হৈছে এটা সংকীৰ্ণভাৱে নথিভুক্ত কাঠামো যি বিশেষকৈ লেটিন আমেৰিকাৰ নাৰীবাদৰ লগত জড়িত। স্বায়ত্তশাসিত নাৰীবাদৰ অন্তৰ্গত কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাই।
-
স্লাট-শেমিং
স্লাট-শেমিং হৈছে যৌনতা সম্পৰ্কীয় বিষয়সমূহত সাধাৰণ বা প্ৰথাগত যিবোৰ আচৰণ আৰু চেহেৰা আশা কৰা হয়, সেইবোৰৰ উলংঘন কৰিলে লোকসকলৰ সমালোচনা কৰা।
-
সৰ্পিলাকাৰ আলু (স্পাইৰেল প'টেট')
সৰ্পিলাকাৰ আলু বা স্পাইৰেল প'টেট ( কোৰিয়ান: 회오리 감자), যাক টুইষ্ট পটেটো, আলু ঘূৰ্ণন, প'টেট' অ'ন ষ্টিক, টৰ্নেডো ফ্ৰাই বা ( অষ্ট্ৰেলিয়াত ) চিপছ অ'ন ষ্টিক বুলিও কোৱা হয়, দক্ষিণ কোৰিয়াৰ এটা জনপ্ৰিয় পথৰ খাদ্য (ষ্ট্ৰীট ফুড), মূলতঃ জেয়ং ইউনে বিকশিত কৰিছিল Suk of Agricultural Hoeori Inc.
-
হলি চাইল্ড স্কুল গুৱাহাটী
হলি চাইল্ড স্কুল ভাৰতৰ অসমৰ গুৱাহাটীত অৱস্থিত কেথলিক পৰিচালিত কনভেণ্ট স্কুল৷ ১৯৭০ চনত চেলেচিয়ানছ চিষ্টাৰছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এইখন আধুনিক শিক্ষাবিদ চেণ্ট জন বস্কোৰ নীতি আৰু পদ্ধতি অনুসৰি পৰিচালিত হয়।
-
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ (অসম)
"ছেবা"ই হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ৰ ফলাফল ২ জুন ২০১৫ তাৰিখে পুৱা দহ (১০) বজাত ঘোষণা কৰে। নিম্নোক্ত ৱেবছাইতসমূহত পৰীক্ষাত্ৰীৰ ৰোল নং অন্তৰ্ভুক্ত কৰি ফলাফল লাভ কৰিব পাৰি।
-
হাটশিঙিমাৰী মহাবিদ্যালয়
হাটশিঙিমাৰী মহাবিদ্যালয় ( Hatsingimari College) অসমৰ দক্ষিণ শালমাৰা জিলাত হাটশিঙিমাৰীত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৮৭ চনত স্থাপন কৰা হৈছে। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত।
-
হিমালয়ান বিশ্ববিদ্যালয়
হিমালয়ান বিশ্ববিদ্যালয় ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইটানগৰৰ নিচেই কাষত অৱস্থিত এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ আন সকলো অঞ্চল গঠন কৰা সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে উচ্চ শিক্ষাৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ আৰু উন্নীতকৰণৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা…
-
হোজাই ছোৱালী মহাবিদ্যালয়
হোজাই ছোৱালী মহাবিদ্যালয় (Hojai Girls' College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ হোজাইত অৱস্থিত এখন সাধাৰণ মহিলাৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়, ভক্তৰডবা
হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়, ভক্তৰডবাক সাধাৰণতেএইচ.চি. কলেজ বুলিও জনা যায়। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা এইখন এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন অসমৰ বৰপেটা জিলাৰ ভক্তৰডবা নামত ঠাইখনত অবস্থিত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।
-
ৰচম পাগ্ৰী
ৰচম পাগ্ৰী (Rasam Pagri) ভাৰতৰ উত্তৰ অংশৰ হিন্দুসকলৰ মাজত প্ৰচলিত এক সামাজিক অনুষ্ঠান। পৰিয়ালৰ জ্যেষ্ঠ পুৰুষ সদস্যৰ মৃত্যুৰ পিছত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়, য'ত পৰিয়ালৰ জ্যেষ্ঠ জীয়াই থকা পুৰুষ সদস্যই সমগ্ৰ পৰিয়াল বা বংশৰ লোকসকলৰ উপস্থিতিত মূৰত পাগ্ৰী বা পাগুৰী পৰৱৰ্তী জ্যেষ্ঠ্য পুৰুষজনৰ মূৰত…
-
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমৰ হোজাই জিলাৰ হোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে।