অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাও টোফু

মাও টোফু বা নোমাল টোফু (hairy tofu) হৈছে চীনৰ এবিধ কিণ্বিত টোফু। এই খাদ্যবিধ চীনত কেইবাশ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৬ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাও টোফু বা নোমাল টোফু (hairy tofu) হৈছে চীনৰ এবিধ কিণ্বিত টোফু। এই খাদ্যবিধ চীনত কেইবাশ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে।১

উৎপাদন

এই টোফুবিধ প্ৰস্তুত কৰিবলৈ ইয়াত মিউকৰ মিচেলী নামৰ ভেঁকুৰবিধ কৃত্ৰিমভাৱে প্ৰয়োগ কৰা হয়। টোফুৰ উপৰিভাগত ভেঁকুৰৰ মাইচেলিয়াম বা সূতাৰ দৰে অংশ গজি নুঠালৈকে ইয়াক কিণ্বিত হ’বলৈ থৈ দিয়া হয়। ইয়াৰ ফলত টোফুৰ গাত নোমাল সদৃশ আকৃতিৰ সৃষ্টি হয় আৰু ইয়াৰ বাবেই ইয়াক "মাও টোফু" (নোমাল টোফু) বুলি নামকৰণ কৰা হৈছে।২৩ মাও টোফুত ব্যাপক জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ভেঁকুৰ আৰু বেক্টেৰিয়াৰ অণুজীৱ থকা দেখিবলৈ পোৱা যায়।১

তথ্যসূত্ৰ

  1. ↑ Benucci, Gian Maria Niccolò; Wang, Xinxin; Zhang, Li. (2022-03-11). Yeast and Lactic Acid Bacteria Dominate the Core Microbiome of Fermented 'Hairy' Tofu (Mao Tofu). Diversity. MDPI AG. পৃ. 207
  2. ↑ Hang, Mei; Zhao, Xin-Huai. (2012). Fermentation time and ethanol/water-based solvent system impacted in vitro ACE-inhibitory activity of the extract of Mao-tofu fermented by Mucor spp.. CyTA - Journal of Food. পৃ. 137–143
  3. ↑ Liu, Xin; Zhao, Xin-Huai. (2017). Effect of fermentation times and extracting solvents on the in vitro immune potentials of the soluble extracts of mucor-fermented Mao-tofu. Food Science and Biotechnology. পৃ. 707–714

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাও টোফু” প্ৰবন্ধৰ সংশোধন ৬৩৪১৭৩ (৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।