অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মুকাদাছা আহমদজাই

মুকাদাছা আহমদজাই Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মুকাদাছা আহমদজাই Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।

জীৱনী

২০১৭ চনত আহমদজাইৰ বয়স আছিল ২৪ বছৰ।১ আফগানিস্তানৰ নাংগাৰহৰৰ তেওঁ এগৰাকী সমাজ কৰ্মী আৰু কবি।২৩ প্ৰথম অৱস্থাত তেওঁৰ পৰিয়ালে তেওঁৰ সক্ৰিয়তাৰ বিৰোধিতা কৰিছিল৷ তেওঁ শাৰীৰিক শাস্তিও সহ্য কৰিছিল।১ কিশোৰী অৱস্থাত তেওঁ এখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছিল আৰু ইয়াৰ প্ৰতি খুড়াকৰ প্ৰশংসাই তেওঁৰ কৰ্মৰ প্ৰতি পৰিয়ালৰ মতামত সলনি কৰিছিল।১

তেওঁ আফগান যুৱ সংসদৰ এগৰাকী প্ৰাক্তন সদস্য আৰু উপাধ্যক্ষ৷৩৪ ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ মহিলা আৰু সম্প্ৰদায়সমূহক ভুল তথ্যৰ বিৰুদ্ধে সহায় কৰিবলৈ কাম কৰিছিল।২ আফগানিস্তানৰ ৰাষ্ট্ৰীয় যুৱ পৰিষদৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।৩ আফগানিস্তান আৰু পাকিস্তান শান্তি আলোচনাৰ অংশ হিচাপে তেওঁ আফগান মহিলাসকলৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছিল।৩ আন মহিলাসকলৰ সৈতে তেওঁ জালালাবাদত মহিলাৰ অধিকাৰৰ বাৰ্তাৰে মিউৰেল পেইণ্টিঙৰ অভিযান আৰম্ভ কৰে।১ ইয়াৰ উপৰিও তেওঁ ৪০০ গৰাকী মহিলাৰ নেটৱৰ্ক স্থাপন কৰিছিল যিয়ে সেই সময়ত তালিবানৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহকে ধৰি ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকললৈ দেশ ভ্ৰমণ কৰিছিল।১ আফগানিস্তানত মহিলাৰ অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মূল সংস্থাৰ তেওঁ প্ৰতিষ্ঠাপক আৰু সঞ্চালিকাৰ দায়িত্ব পালন কৰিছিল।৩

২০১৮ চনত তেওঁ আফগান সংসদলৈ নিৰ্বাচনৰ জৰিয়তে অৱতীৰ্ণ হয়।৫

বঁটা

আহমদজাইক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা এন-পিচ বঁটা প্ৰদান কৰা হয়।৬ ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত তেওঁ স্থান লাভ কৰে৷২

তথ্যসূত্ৰ

  1. ↑ (2017-09-14). The young Afghan woman fighting for women’s rights - The Migrant Project. www.themigrantproject.org
  2. ↑ (2021-12-07). BBC 100 Women 2021: Who is on the list this year?. BBC News
  3. ↑ Afghan Women Experts. Onward for Afghan Women
  4. ↑ In Taliban Strongholds, a Woman Stands for Peace. Georgetown Institute of Women Peace and Security
  5. ↑ Humayoon, Haseeb, and Mustafa Basij-Rasikh. Afghan Women's Views on Violent Extremism and Aspirations to a Peacemaking Role. United States Institute of Peace, 2020
  6. ↑ Alumni 2018. N-PEACE

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকাদাছা আহমদজাই” প্ৰবন্ধৰ সংশোধন ৫৪২১১১ (৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।