অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লালেহ ওচমানী

লালেহ ওচমানী (Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লালেহ ওচমানী (Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।

জীৱনী

১৯৯২ চনত আফগানিস্তানত ওচমানীয়ে জন্মগ্ৰহণ কৰিছিল৷ পিছলৈ তেওঁ হেৰাট বিশ্ববিদ্যালয়ত ইছলামিক আইন অধ্যয়ন কৰে।১ ২০১৭ চনত তেওঁ তাহমিনেহ ৰছিকৰ সৈতে #WhereIsMyName ছ'চিয়েল মিডিয়া অভিযানৰ তেওঁ সহ-প্ৰতিষ্ঠা কৰে।২ আফগানিস্তানত পৰম্পৰাগতভাৱে মহিলাসকলৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাছিল, তাৰ প্ৰতিবাদত এই অভিযান আৰম্ভ কৰা হৈছিল।৩এই প্ৰথাৰ অৰ্থ আছিল যে জন্ম বা মৃত্যুৰ প্ৰমাণ পত্ৰৰ দৰে চৰকাৰী নথি-পত্ৰত মহিলাৰ নাম নাথাকে, আনকি তেওঁৰ সমাধিশিলতো নাথাকে।৪৫

আফগানিস্তানৰ মহিলা নেটৱৰ্কৰ অধ্যক্ষ মেৰী আক্ৰামীয়ে আইনখনৰ পৰিৱৰ্তনৰ খবৰটোক “মহিলাৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ দিশত এক ইতিবাচক পদক্ষেপ” বুলি অভিহিত কৰিছে।১ আফগানিস্তানৰ এগৰাকী প্ৰাক্তন সাংসদ তথা মহিলা অধিকাৰ কৰ্মী ফাউজিয়া কুফীয়ে কয় যে এই পৰিৱৰ্তন “মহিলাৰ অধিকাৰৰ বিষয় নহয় – ই এক আইনী অধিকাৰ, এটা মানৱ অধিকাৰ”।৬ ওচমানীৰ কামৰ আন সমৰ্থকসকলৰ ভিতৰত আছে ফাৰহাদ দৰিয়া, গায়ক-গীতিকাৰ আৰিয়ানা ছাইদ আৰু সাংসদ মৰিয়াম ছামা।৬

কিন্তু আইনৰ পৰিৱৰ্তনক কিছুমানে আদৰণি জনোৱা নাছিল, যিয়ে ইয়াক আফগান মূল্যবোধৰ প্ৰতি অসন্মানজনক বা আমেৰিকাক সন্তুষ্ট কৰিবলৈ লোৱা ব্যৱস্থা বুলি ভাবে।১ ২০২০ চনত আফগান চৰকাৰৰ সৈতে ক্ষমতা বিভাজনৰ বিষয়ে আলোচনাত মিলিত হৈ তালিবানে পৰিচয় পত্ৰত মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰে।৩ ওচমানীয়ে এই অভিযানত ভূমিকা লোৱাৰ বাবে হিংসাত্মক ভাবুকি লাভ কৰিছে।১

২০২০ চনত প্ৰকাশিত বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান পোৱাৰ সময়ত আফগানিস্তানত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ওচমানীৰ অৱদান স্বীকাৰ কৰা হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ (2020-09-07). In a rare victory for Afghan women, Kabul to include mothers’ name on IDs. Arab News
  2. ↑ Where Is My Name? Afghan Women Campaign To Reclaim Their Identities. RadioFreeEurope/RadioLiberty
  3. ↑ Karimi, Orooj Hakimi, Storay. (2020-09-27). In the name of the mother: Afghan woman wins recognition, sparks Taliban opposition. Reuters
  4. ↑ Laleh Osmany. RUMI AWARDS
  5. ↑ Mashal, Mujib. (2017-07-30). Their Identities Denied, Afghan Women Ask, ‘Where Is My Name?’ (Published 2017). The New York Times
  6. ↑ (2020-07-24). WhereIsMyName: Afghan women campaign for the right to reveal their names. BBC News
  7. ↑ (2020-11-23). BBC 100 Women 2020: Who is on the list this year?. BBC News

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালেহ ওচমানী” প্ৰবন্ধৰ সংশোধন ৪৮৪৪১১ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।