অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰত সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা…

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৪ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰত সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত। প্ৰধান শিক্ষক শ্ৰী দিলীপ কুমাৰ লহকৰেৰে সৈতে প্ৰায় অৰ্ধশতাধিক শিক্ষক আৰু সহস্ৰাধিক ছাত্ৰছাত্ৰী আছে। বিদ্যালয়খনত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কম্পিউটাৰ শিক্ষা, সংগীত, শাৰীৰিক শিক্ষা, নীতিশিক্ষা, ইংৰাজী কথন শিক্ষা আদি পাঠ্যক্ৰমৰো সুবিধা আছে।

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱ শিশু/বিদ্যা নিকেতন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া” প্ৰবন্ধৰ সংশোধন ৪৩৩৪৪৪ (২৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।