মহীশূৰী পেটা এটা চহকী আনুষ্ঠানিক পাগুৰি, যিটো মূলতঃ মহীশূৰৰ ৰজাসকলে পিন্ধিছিল।১ এই পাগুৰীটোত ৰেচম বা কপাহৰ দৰে কাপোৰৰ দীঘল ফিতা এডাল থাকে, যিটো মূৰৰ পাগুৰীটোৰ চাৰিওফালে ঘূৰাই অলংকৰণ কৰি থোৱা হয়। ইয়াক সোণ বা ৰূপৰ জৰীৰ ফিতাৰে আৰু আলংকাৰিক ধাতুৰ লকেটৰে সজাই তোলা হ’ব পাৰে।
১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছৰেপৰা পৰম্পৰাগত মহীশূৰী পেটা অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হৈ পৰিছে, আনুষ্ঠানিক অনুষ্ঠানত পিন্ধা আৰু সন্মানৰ চিন হিচাপে বিশিষ্ট লোকক এই পাগুৰী প্ৰদান কৰা হয়,২ আৰু লগত প্ৰায়ে চাদৰ দিয়া হয়।৩
পৰম্পৰা


ৱাডিয়াৰ বংশৰ শাসকসকলে ৰঙীন ৰাজকীয় সাজ-পোছাকৰ সৈতে মিলাবলৈ ৰেচম আৰু সোণৰ সূতাযুক্ত জৰীৰ প্ৰচুৰ ৰত্নযুক্ত পাগুৰি পৰিধান কৰিছিল।৩ ৰজাসকলে ৰাজদৰবাৰৰ সভাত, দাসৰা ধৰ্মীয় উৎসৱ পালনৰ সময়ত আৰু দৰ্শনাৰ্থী হিচাপে অহা গণ্য-মান্য ব্যক্তিৰ বাবে পেৰেডত আদি ৰাজহুৱা অনুষ্ঠানৰ বাবে পৰম্পৰাগত মহীশূৰী পেটা পিন্ধিছিল।৩
মহীশূৰী পেটা ৰজাৰ উচ্চপদস্থ বিষয়াসকলেও পিন্ধিছিল, যেনে প্ৰধানমন্ত্ৰী (দেৱান)।৩ ৰজাৰ দৰবাৰত উপস্থিত থকা পুৰুষসকলে দীঘল ক’লা কোট আৰু বগা ট্ৰাউজাৰৰ সৈতে মহীশূৰী পেটা পিন্ধিব বুলি আশা কৰা হৈছিল।
আজিকালিৰ দিনত

বিশেষকৈ মহীশূৰী আৰু কোডাগুত সামাজিক অনুষ্ঠান যেনে, বিয়া, ধৰ্মীয় সমাৱেশ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ বাবে আনুষ্ঠানিক সাজ-পোছাক হিচাপে মহীশূৰী পেটা পাগুৰি পিন্ধা হয়।৪
তদুপৰি, কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক ভাৰতৰ ঔপনিৱেশিক অতীতৰপৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা মৰ্টাৰবৰ্ডৰ পৰিৱৰ্তে সমাৱৰ্তন অনুষ্ঠানৰ বাবে মহীশূৰী পেটা পিন্ধিবলৈ উৎসাহিত কৰা হয়।৫৬৭
তথ্যসূত্ৰ
- ↑ Singh, R.G. Turban Tales. Star of Mysore
- ↑ CM Yediyurappa greets PM Narendra Modi with Mysore Peta. Mysooru News
- ↑ Mysore Peta/Turban. Maps of India
- ↑ Turban. Cultural India
- ↑ (23 February 2007). Mysore peta in, graduation cap out. The Times of India
- ↑ Johnson, T A. (27 February 2007). Not graduation caps, hats off to Mysore peta. The Indian Express
- ↑ (26 July 2010). Mysore University switches to traditional peta. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীশূৰী পেটা” প্ৰবন্ধৰ সংশোধন ৬৩৫৫০৫ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।