মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ হ'বলগীয়া এখন প্ৰস্তাৱিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১২
ইতিহাস
মৰিগাঁও জিলাৰ বঘৰাত ০৭ ডিচেম্বৰ ২০২২ তাৰিখে চিকিৎসা মহাবিদ্যালয়খনৰ লাইখুটা স্থাপন কৰা হৈছিল।৩৪৫ সম্প্ৰতি অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত প্ৰায় ৯১০ কোটি টকা ব্যয়ত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ১৬ ৭ ২০২৫ চনৰ ভিতৰত মহাবিদ্যালয়খন সম্পূৰ্ণ হৈ কাৰ্যক্ষম হ’ব ধাৰণা কৰা হৈছে।৩
পাঠ্যক্ৰম
প্ৰস্তাৱিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰীয়া চিকিৎসা বিজ্ঞানত স্নাতক আৰু অস্ত্ৰোপচাৰত স্নাতক (এম বি বি এছ) কাৰ্যসূচী আগবঢ়োৱা হ'ব, যিটো ভাৰতীয় চিকিৎসা পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। মহাবিদ্যালয়খনে নাৰ্চিং, ফাৰ্মাচী, আৰু মেডিকেল লেবৰেটৰী টেকন’লজিৰ ইত্যাদি বিভিন্ন ডিপ্লমা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদানৰো পৰিকল্পনা কৰিছে। এই মহাবিদ্যালয়খন অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সমিতিৰ গঠনমূলক মহাবিদ্যালয় হিচাপে পৰিগণিত হোৱাৰ লগতে ভাৰতীয় চিকিৎসা পৰিষদৰ অধীনত পৰিচালিত হ'ব।
তথ্যসূত্ৰ
- ↑ Morigaon: মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন. Dainik Agradoot
- ↑ Assam CM Himanta Biswa Sarma to lay foundation stone of medical college in Morigaon. sentinelassam.com
- ↑ Morigaon Medical College: মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ. Etv Bharat
- ↑ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই. Janambhumi
- ↑ নিৰ্মীয়মাণ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী পীয়ূষ হাজৰিকাই. Niyomiya Barta
- ↑ Assam CM Will Lay Foundation Stone of Morigaon Medical College: Pijush Hazarika. pratidintime.com
- ↑ নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় ক’ত?. Niyomia Barta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিগাঁও চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৯৭২৮৬ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।