ল’ক-ল’ক (ইংৰাজী ভাষা: Lok-lok) হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত মালয়েছিয়ান হট পট শৈলীৰ ব্যঞ্জন। ইয়াত বিভিন্ন ধৰণৰ মাংস, মাছ আৰু শাক-পাচলি শলাত ভৰাই ভ্ৰাম্যমাণ দোকানৰ জৰিয়তে গ্ৰাহকক পৰিৱেশন কৰা হয়।১২
এইবিধ মালয়েছিয়াৰ এক অত্যন্ত জনপ্ৰিয় পথৰ কাষৰ খাদ্য। বিশেষকৈ মালয়েছিয়াৰ মালাক্কা,৩ কুচিং৪ আদিৰ দৰে প্ৰধান চহৰসমূহৰ পদপথত ল’ক-ল’ক বহুলভাৱে পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Wibisono, W., Wong, D., & Tettoni, L. (2015). The Food of Malaysia. Tuttle Publishing. p. 38
- ↑ Rowthorn, C., Cohen, M., & Williams, China (2008). Malaysia, Singapore & Brunei. Lonely Planet
- ↑ The Rough Guide to Malaysia, Singapore & Brunei. (2014). Rough Guides. p. 217
- ↑ Kong, Natalie (2015). "Top 10 Street Foods to Try in Kuching", Borneo Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ল’ক-ল’ক” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৬৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।