মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।১বিশ্ববিদ্যালয়খন ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত অৱস্থিত।২১বিশ্ববিদ্যালয়খন ত্ৰিপুৰী ৰাজ্যৰ শেষ শাসক ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মাৰ নামেৰে নামকৰণ কৰা হৈছে।
সংলগ্ন মহাবিদ্যালয়সমূহ
এম. বি. বি. বিশ্ববিদ্যালয়ত তিনিখন সংযুক্ত মহাবিদ্যালয় আছে:৩
- বীৰ বিক্ৰম সোঁৱৰণী মহাবিদ্যালয়।
- মহাৰাজ বীৰ বিক্ৰম মহাবিদ্যালয়।
- ত্ৰিপূৰা চৰকাৰী আইন মহাবিদ্যালয়।
ইতিহাস
২০১৫ চনত ত্ৰিপূৰা চৰকাৰৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় আইন ২০১৫ৰ জৰিয়তে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।৪আৰু তেতিয়াৰ ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ে বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। গৌতম কুমাৰ বসু বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য (VC) আছিল।৫২০১৯ চনৰ ডিচেম্বৰ মাহত সত্যদেও পোদ্দাৰ পৰৱৰ্তী উপাচাৰ্য (VC) হিচাপে নিযুক্তি লাভ কৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পোদ্দাৰদেৱে অৱসৰ গ্ৰহণ কৰে। বৰ্তমানৰ বিভাস দেৱে উপাচাৰ্য হিচাপে ২০২৫ চনৰ মাৰ্চ মাহত দায়িত্ব গ্ৰহণ কৰে।৬
অৱস্থান
বিশ্ববিদ্যালয়ৰ চৌহদ আগৰতলা চহৰৰ মাজ-মজিয়াৰপৰা ৩ কিলোমিটাৰ দূৰত কলেজ টিলাত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ (8 October 2021). List of State Universities as on 08.10.2021. University Grants Commission
- ↑ (2 February 2016). Tripura's first state university to be functional soon. United News of India
- ↑ Affiliated colleges. mbbuniversity.ac.in. Maharaja Bir Bikram University
- ↑ (16 September 2015). Maharaja Bir Bikram University Act, 2015. Tripura Gazette. Government of Tripura
- ↑ Vice Chancellor. Maharaja Bir Bikram University
- ↑ (8 December 2019). Satyadeo Poddar appointed as new Vice Chancellor of MBB university. The Northeast Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮১৭৭ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।