অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰক কেণ্ডি

‘’’ৰক কেণ্ডি’’’ বা ‘’’চুগাৰ কেণ্ডি’’’ (Rock candy) এবিধ মিঠাই, যাক স্ফটিক চেনি বুলিও কোৱা হয়। তুলনামূলকভাৱে বৃহৎ চেনিৰ স্ফটিকেৰে গঠিত ই এক প্ৰকাৰৰ মিঠাই। পৃথিৱীৰ কিছুমান ঠাইত স্থানীয় বিবিধতাক ‘’মিচৰি’’, ‘’নবাত’’ বা ‘’নৱত’’ বুলি কোৱা হয়।

হালনাগাদ: ১০ অক্টোবৰ ২০২৫ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

‘’’ৰক কেণ্ডি’’’ বা ‘’’চুগাৰ কেণ্ডি’’’ (Rock candy)১ এবিধ মিঠাই, যাক স্ফটিক চেনি বুলিও কোৱা হয়। তুলনামূলকভাৱে বৃহৎ চেনিৰ স্ফটিকেৰে গঠিত ই এক প্ৰকাৰৰ মিঠাই। পৃথিৱীৰ কিছুমান ঠাইত স্থানীয় বিবিধতাক ‘’মিচৰি’’, ‘’নবাত’’২ বা ‘’নৱত’’ বুলি কোৱা হয়।৩৪ এই মিঠাইবিধ চেনি আৰু পানীৰ অতিসংপৃক্ত দ্ৰৱ এটা ক্ৰিষ্টেল নিউক্লিয়েশনৰ বাবে উপযোগী পৃষ্ঠ, যেনে ৰচী, মাৰি (stick) বা সাধাৰণ দানাযুক্ত চেনিত স্ফটিকীকৰণ কৰি তৈয়াৰ কৰা হয়। চেনি যোগ কৰাৰ আগতে পানী গৰম কৰিলে অধিক চেনি দ্ৰৱীভূত হয় আৰু ডাঙৰ স্ফটিক উৎপন্ন হয়। ছয়ৰ পৰা সাত দিনৰ পিছত স্ফটিক গঠন হয়। মিশ্ৰণটোত খাদ্যৰ ৰং যোগ কৰি ৰঙীন মিঠাই উৎপাদন কৰিব পাৰি।

বুৎপত্তি

ব্যুৎপত্তিগতভাৱে "suger candy" ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে ইংৰাজী আৰু পুৰণি ফৰাচী çucre candi (অৰ্থ "চেনিৰ মিচৰি")ৰ পৰা আৰু শেষত আৰবীৰ qandi আৰু পাৰ্চীৰ qandৰ পৰা বা সম্ভৱতঃ সংস্কৃত খণ্ড ("চেনিৰ টুকুৰা)"ৰ পৰা উদ্ভৱ হৈছে। ধীৰে ধীৰে ইয়াৰ অৰ্থ ক্ৰমান্বয়ে ব্যপক হৈ পৰিল (বিশেষকৈ আমেৰিকাত)। ১৯ শতিকাৰ শেষৰ ফালে "চেনি ভিত্তি হিচাপে থকা যিকোনো মিঠাই"কে বুজোৱা হ’ল। ব্ৰিটেইনত কেৱল উতলোৱা চেনিৰ পৰা তৈয়াৰী কৰা আৰু উজ্জ্বল ৰঙৰ ৰেখাযুক্ত মিঠাইৰ মাজতে ই সীমাবদ্ধ হৈ থাকিল।৫ আধুনিক আমেৰিকান শব্দ "rock candy"ক (ভংগুৰ বৃহৎ প্ৰাকৃতিক চেনিৰ স্ফটিকক বুজায়) ব্ৰিটিছ শব্দ “rock”ৰ (এটা আকাৰহীন আৰু অস্বচ্ছ সিজোৱা চেনিৰ সামগ্ৰীক বুজায়, প্ৰথমতে কঠিন কিন্তু তাৰ পিছত মুখৰ উষ্ণতাত চোবাৱাৰ উপযুক্ত হৈ পৰে) সৈতে ভ্ৰমিত নালাগে।৬

মূল

নৱম শতিকাৰ প্ৰথমাৰ্ধত ইছলামিক লেখকসকলে candy sugerৰ উৎপাদনৰ বিষয়ে বৰ্ণনা কৰিছে, য'ত চুপাৰ চেচুৰেটেড চেনিৰ দ্ৰৱৰ জৰিয়তে স্ফটিক গঠন কৰা হৈছিল।৭ মুছলমানৰ প্ৰসিদ্ধ ৰক কেণ্ডিৰ অন্যতম হাফিজ মোস্তাফা। তেওঁ ১৮৬৪ চনত ইষ্টানবুলত চুলতান আব্দুল আজিজৰ ৰাজত্বকালত ৰক কেণ্ডি প্ৰতিষ্ঠা কৰিছিল।৮

উৎপাদন প্ৰক্ৰিয়া অনুযায়ী ৰক কেণ্ডিক দুভাগত ভাগ কৰা হৈছে- একক স্ফটিকীয় ৰক কেণ্ডি আৰু বহু স্ফটিকীয় ৰক কেণ্ডি।

মিচৰি

মিচৰিয়ে স্ফটিকীয় চেনিৰ গোটক বুজায় আৰু এক প্ৰকাৰৰ কনফেচচনাৰী খনিজ। ইয়াৰ উৎপত্তি ভাৰত আৰু ইৰাণত হৈছিল আৰু ইয়াৰ অন্য কিছুমান ঠাইক rock suger বুলিও জনা যায়।৯ ভাৰতত ইয়াক এক প্ৰকাৰৰ মিঠাই হিচাপে বা গাখীৰ বা চাহ মিঠা কৰিবলৈ ব্যৱহাৰ কৰা হয়।১০ ভাৰতীয় মিচৰি খাদ্যৰ ভিতৰত মিচৰি-মাৱা (কলাকন্দ) অন্তৰ্ভূক্ত,১১ যাক উত্তৰ-পশ্চিম ভাৰত, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, পঞ্জাব, ওড়িশা, গুজৰাট, অন্ধ্ৰ প্ৰদেশৰ উত্তৰ উপকূল আৰু ভাৰতৰ অন্য কিছু অংশত খোৱা হয়।

অধিক পঠন

বাহ্যিক সংযোগ

  • Recipe for rock candy. Exploratorium.edu – an educational exercise in crystal and candy making (it may vary on however you want to make it).

তথ্যসূত্ৰ

  1. ↑ Judy Pearsal. (1996). The Oxford English Reference Dictionary. Oxford University Press. পৃ. 213. ISBN 0-19-860050-X
  2. ↑ What is Nabat? Understanding the Differences Between Regular Sugar and Persian Sugar Cubes. Sadaf.com
  3. ↑ www.thefooddictator.com/hirshon-uzbek-spiced-roc
  4. ↑ Video: Oriental Sweets: Navat. How Navat is Made in Uzbekistan. www.centralasia-travel.com
  5. ↑ Candy. etymonline.com
  6. ↑ Richardson, Tim. (2002). Sweets: A History of Candy. Bloomsbury. পৃ. 90. ISBN 978-1-58234-229-0
  7. ↑ SUGAR. Encyclopaedia Iranica
  8. ↑ Hafiz Mustafa: Istanbul confectionery now exporting
  9. ↑ Glossary: Misri. তৰলা দালাল
  10. ↑ Dar, Bashir Ahmad. (January 1996). Studies in Muslim philosophy and literature. Iqbal Academy Pakistan. পৃ. 168. ISBN 978-969-416-054-2
  11. ↑ Kalakand. chezshuchi.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক কেণ্ডি” প্ৰবন্ধৰ সংশোধন ৫৪২৮১৬ (১০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।