ৰাধিকা বালকৃষ্ণন (Radhika Balakrishnan) ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱমেনছ গ্ল'বেল লিডাৰশ্বিপৰ ফেকাল্টী ডাইৰেক্টৰ।১ বৰ্তমান তেওঁ আমেৰিকাৰ মানৱ অধিকাৰ নেটৱৰ্কৰ ব'ৰ্ডৰ অধ্যক্ষ আৰু চেণ্টাৰ ফৰ কনষ্টিটিউচনেল ৰাইটছৰ ব'ৰ্ডৰ অধ্যক্ষ, নিউয়ৰ্ক চহৰৰ বাবে লিংগ সমতা আয়োগৰ আয়ুক্ত,২৩ আৰু ২০২০-২০২১ চনৰ বাবে আন্তৰ্জাতিক নাৰীবাদী অৰ্থনীতি সংস্থাৰ (IAFFE) সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৪
জীৱনী
ৰাধিকা বালকৃষ্ণন ভাৰতৰ তামিলনাডুত ডাঙৰ-দীঘল হৈছিল৷ তেওঁ ১৩ বছৰ বয়সত ইলিনয়ৰ চিকাগোলৈ গুচি যায়।৫ প্ৰথম অৱস্থাত অভিযান্ত্ৰিক অধ্যয়নৰ বাবে আৰ্বানা–চেম্পেইনৰ ইলিনয় বিশ্ববিদ্যালয়ত পঢ়িছিল যদিও মেজৰ সলনি কৰি ১৯৮০ চনত অৰ্থনীতিত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইলিনয় বিশ্ববিদ্যালয়ত তেওঁ প্ৰথমবাৰৰ বাবে নাৰী আন্দোলনৰ সৈতে জড়িত হৈছিল আৰু যিয়ে তেওঁক অৰ্থনীতি অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।৫ ১৯৮৫ চনত অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, আৰু ১৯৯০ চনত পি এইচ ডি লাভ কৰে। ৬
কৰ্মজীৱন
১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈকে ৰাধিকা বালকৃষ্ণনে ফৰ্ড ফাউণ্ডেশ্যনত এছিয়ান আঞ্চলিক কাৰ্যসূচীত প্ৰগ্ৰেম অফিচাৰ হিচাপে কাম কৰিছিল।৭৮ ২০০৩ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ মেৰীমাউণ্ট মানহাটান কলেজৰ অধ্যাপিকা আছিল য'ত তেওঁ অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ অধ্যাপনা কৰিছিল ৬৯ ২০০৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত মহিলা আৰু লিংগ অধ্যয়নৰ অধ্যাপিকা আৰু চেণ্টাৰ ফৰ উইমেনছ গ্ল'বেল লিডাৰশ্বিপৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে যোগদান কৰে,৬১০ য'ত তেওঁ নাৰীবাদী দৃষ্টিকোণৰ পৰা অৰ্থনীতি আৰু সামাজিক ন্যায়ৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ সৈতে সামষ্টিক অৰ্থনৈতিক নীতিৰ সম্পৰ্ক আছে, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত।৫বালকৃষ্ণনে এতিয়া কেন্দ্ৰটোৰ অধ্যাপক সঞ্চালক হিচাপে কাম কৰি আছে।১১
তথ্যসূত্ৰ
- ↑ Radhika Balakrishnan/Faculty Director/CWGL
- ↑ (2015-06-24). Mayor de Blasio Establishes Commission on Gender Equity. The official website of the City of New York
- ↑ Interview with Radika Balakrishnan on Huffington Post Article Why Human Rights are Indispensable to Financial Regulation
- ↑ Past presidents. International Association for Feminist Economics (IAFFE)
- ↑ From Classrooms to Centre Stage: A Professor Who Speaks for Women
- ↑ Radhika Balakrishnan's Curriculum Vitae
- ↑ Center for Popular Economics: Radhika Balakrishnan Bio
- ↑ Women Deliver 2010: Women and Power
- ↑ Targeted News Service (18 February 2009) New! MMC's Radhika Balakrishnan to Present Report on Macro Economics and Human Rights Factiva Document TARGNS0020090219e52i000xk
- ↑ Experts Comment on Rights in Times of Economic Crisis
- ↑ Anastasia, Alex. Radhika Balakrishnan, Faculty Director. www.cwgl.rutgers.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা বালাকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৫৩৭২০৫ (৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।