অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাছিয়াৰ নাৰী

শতিকাজুৰি অসংখ্য শাসন ব্যৱস্থা অতিক্ৰম কৰি অহা ৰাছিয়ান সমাজত মহিলাৰ এক চহকী আৰু বৈচিত্ৰ্যময় ইতিহাস আছে। মন কৰিবলগীয়া কথা যে ৰাছিয়া বহুসংস্কৃতিৰ সমাজ হোৱা হেতু ৰাছিয়াৰ মহিলাসকলৰ অভিজ্ঞতা জাতিগত, ধৰ্মীয় আৰু সামাজিক ৰেখাৰ মাজত যথেষ্ট ভিন্ন।

হালনাগাদ: ২৫ জুন ২০২৪ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

শতিকাজুৰি অসংখ্য শাসন ব্যৱস্থা অতিক্ৰম কৰি অহা ৰাছিয়ান সমাজত মহিলাৰ এক চহকী আৰু বৈচিত্ৰ্যময় ইতিহাস আছে। মন কৰিবলগীয়া কথা যে ৰাছিয়া বহুসংস্কৃতিৰ সমাজ হোৱা হেতু ৰাছিয়াৰ মহিলাসকলৰ অভিজ্ঞতা জাতিগত, ধৰ্মীয় আৰু সামাজিক ৰেখাৰ মাজত যথেষ্ট ভিন্ন। এগৰাকী জনগোষ্ঠীয় ৰাছিয়ান মহিলাৰ জীৱন বাছকিৰ, চেচেন, বা ইয়াকুট (ছাখা) মহিলাৰ লেখীয়া আন সংখ্যালঘু মহিলাৰ জীৱনৰ পৰা নাটকীয়ভাৱে পৃথক হ’ব পাৰে; ঠিক যেনেকৈ নিম্ন শ্ৰেণীৰ গ্ৰাম্য পৰিয়ালৰ মহিলাৰ জীৱন উচ্চ মধ্যবিত্তীয় নগৰীয়া পৰিয়ালৰ মহিলাৰ জীৱনৰ পৰা পৃথক হ’ব পাৰে। তথাপিও এটা সাধাৰণ ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটে ৰাছিয়াৰ মহিলা সম্পৰ্কত মন্তব্য ৰাখিবলৈ এক কাঠামো প্ৰদান কৰে।

১৯৯৩ চনৰ ৰাছিয়াৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত মহিলা আৰু পুৰুষৰ সম অধিকাৰৰ নিশ্চয়তা দিয়া হৈছে।১ শ্ৰম আইন অনুসৰি মহিলাসকলৰ প্ৰসূতিকালীন ছুটী, বেতনযুক্ত পিতৃ-মাতৃৰ ছুটী আৰু বিনা বেতনে পিতৃ-মাতৃৰ ছুটীৰ অধিকাৰ আছে৷ শিশুটিৰ বয়স ৩ বছৰ হোৱালৈকে এই ছুটীসমূহ বৃদ্ধি কৰিব পাৰি।২

মহিলাসকলে এতিয়া প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঘৰৰ বাহিৰত কাম কৰি আহিছে৷ দ্বৈত আয়ৰ পৰিয়াল আটাইতকৈ সাধাৰণ য'ত মহিলা আৰু পুৰুষৰ নিয়োগৰ হাৰ ক্ৰমে ৬৬.১% আৰু ৭৬.২% (বয়স ১৫–৬৪, ২০১৮ চনৰ হিচাপত)। তথাপিও শ্ৰম খণ্ডৰ মহিলাসকল প্ৰায়ে বৈষম্যৰ সন্মুখীন হয়৷ আইনেও মহিলাৰ বাবে নিষিদ্ধ কৰি থোৱা ১০০টা বৃত্তিৰ তালিকা প্ৰস্তুত কৰিছে৩ কাৰণ এই বৃত্তিবোৰক মহিলাৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপজ্জনক বুলি গণ্য কৰা হয়, বিশেষকৈ প্ৰজননগত স্বাস্থ্যৰ বাবে৷ ২০১৯ চনলৈকে এইদৰে নিষিদ্ধ কৰি থোৱা বৃত্তিৰ সংখ্যা হৈছিলগৈ ৪৫৬৪। ইয়াৰ পিছতো বহু ৰাছিয়ান মহিলাই ব্যৱসায়ত সফলতা লাভ কৰিছে।৫

২০১৫ চনৰ হিচাপত ৰাছিয়াৰ মুঠ উৰ্বৰতাৰ হাৰ ১.৬১,৬ প্ৰতিস্থাপন হাৰ ২.১তকৈও এই সংখ্যা কম হ'লেও ১৯৯০ চনৰ তুলনাত এতিয়াও বেছি।৭

২০১৭ চনৰ জানুৱাৰী মাহত ৰাছিয়াৰ বিধায়িনী দলৰ নিম্ন সদনে প্ৰথমবাৰৰ বাবে ঘৰুৱা নিৰ্যাতনক অপৰাধমুক্ত কৰে।৮ এইটো প্ৰথম অপৰাধৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰে গুৰুতৰ আঘাতৰ সৃষ্টি নকৰে৷;পূৰ্বৰ সৰ্বোচ্চ দুবছৰৰ কাৰাদণ্ডৰ পৰা এতিয়া সৰ্বোচ্চ পোন্ধৰ দিনলৈ কাৰাদণ্ড হ্ৰাস কৰা হয়। ই এটা প্ৰশাসনিক অপৰাধত পৰিণত হৈছিল, প্ৰথম অপৰাধৰ শাস্তি প্ৰশাসনিক সংহিতাৰ অধীনত পৰিছিল। এইবোৰ সাধাৰণতে জৰিমনা বা নিলম্বিত শাস্তি যদিহে অভিযুক্ত পৰিয়ালৰ সদস্য হয়৷ দ্বিতীয় অপৰাধ আৰু ইয়াৰ বাহিৰৰ অপৰাধৰ বাবে ইয়াক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়৷ ফৌজদাৰী সংহিতাৰ অধীনত ইয়াৰ গোচৰ চলোৱা হয়। এই পদক্ষেপক বহুলভাৱে পুটিনৰ দিনত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত পৰম্পৰাগত মূল্যবোধৰ ফালে ঢাল খোৱা আৰু ব্যক্তিগত তথা মানৱ অধিকাৰৰ উদাৰ ধাৰণাৰ পৰা আঁতৰি যোৱাৰ অংশ হিচাপে গণ্য কৰা হৈছিল। ৰাষ্ট্ৰপতি পুটিনে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ স্বাক্ষৰ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Chapter 2. Rights and Freedoms of Man And Citizen - The Constitution of the Russian Federation. Constitution.ru
  2. ↑ РФ, ТК. (17 August 2014). Статья 255. Отпуска по беременности и родам. Trudkod.ru
  3. ↑ Приказ Министерства труда и социальной защиты Российской Федерации от 18.07.2019 № 512н ∙ Официальное опубликование правовых актов ∙ Официальный интернет-портал правовой информации
  4. ↑ OHCHR - Russia's list of banned jobs for women violated woman's rights, needs amending – UN experts. Ohchr.org
  5. ↑ (8 March 2016). Russia, Philippines have most female business leaders, Japan ranks low. Reuters
  6. ↑ The World Factbook — Central Intelligence Agency. CIA
  7. ↑ Russian Demographics: The Perfect Storm - YaleGlobal Online. Yaleglobal.yale.edu
  8. ↑ Nelaeva, Galina; Andreeva, Anna; Drozhashchikh, Nataliia. (2020-12-14). Media Responses to Domestic Violence: Discussing Volodina v. Russia and the Domestic Violence Law. Problems of Post-Communism. পৃ. 256–269
  9. ↑ Semukhina, Olga. (2020). The Decriminalization of Domestic Violence in Russia. Demokratizatsiya: The Journal of Post-Soviet Democratization. পৃ. 15–45

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাছিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৪২৩৯৯১ (২৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।