অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান

ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান (National Institute of Kathak Dance) কথকৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰধান নৃত্য প্ৰতিষ্ঠান। নতুন দিল্লীত অৱস্থিত এই প্ৰতিষ্ঠানখনক কথক কেন্দ্ৰ হিচাপেও জনা যায়। ভাৰতৰ সংগীত, নৃত্য, নাটকৰ ৰাষ্ট্ৰীয় একাডেমী “সংগীত নাটক একাডেমী”ৰ ই এক গোট।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫০৫ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান (National Institute of Kathak Dance) কথকৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰধান নৃত্য প্ৰতিষ্ঠান। নতুন দিল্লীত অৱস্থিত এই প্ৰতিষ্ঠানখনক কথক কেন্দ্ৰ হিচাপেও জনা যায়। ভাৰতৰ সংগীত, নৃত্য, নাটকৰ ৰাষ্ট্ৰীয় একাডেমী “সংগীত নাটক একাডেমী”ৰ ই এক গোট।১ ১৯৬৪ চনত স্থাপিত এই প্ৰতিষ্ঠানটো মূলতঃ কথকৰ বাবে উৎসৰ্গিত যদিও ইয়াত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত (কণ্ঠ) আৰু পাখোৱাজ আৰু তবলাৰ পাঠ্যক্ৰমো প্ৰদান কৰা হয়।

ইতিহাস

১৯৪৭ চনৰ পিছত স্বাধীনতাৰ পিছৰ সময়ছোৱাত দেশীয় ৰাজ্যৰ অন্ত পৰাৰ ফলত কথক প্ৰতিষ্ঠাপকসকলৰ লগতে গুৰুসকলৰো ৰাজকীয় পৃষ্ঠপোষকতাৰ অন্ত পৰিল। বহুতে ব্যক্তিগতভাৱে পাঠদান কৰিবলৈ আৰম্ভ কৰিলে। পূৰ্বে অৱধ ৰাজ্যৰ পৃষ্ঠপোষকতা লাভ কৰা লাচু মহাৰাজ বম্বেলৈ গুচি যায়। আনহাতে তেওঁৰ ভাতৃ শম্ভু মহাৰাজ আৰু ভতিজাক ১৯৫৫ চনত দিল্লীলৈ যায়। কথক কেন্দ্ৰৰ প্ৰতিষ্ঠা মূলতঃ¬ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ কথক শাখাৰ ৰূপক সংগীত নাটক একাডেমীৰ প্ৰথম সচিব নিৰ্মলা যোশীৰ প্ৰচেষ্টা আৰু শ্ৰীৰাম গ্ৰুপৰ উদ্যোগপতি লালা চৰত ৰামৰ পত্নী সুমিত্ৰা চৰত ৰামৰ পৃষ্ঠপোষকতাত হয়। ২ ইয়াত কথকৰ লক্ষ্ণৌ ঘৰানাৰ বিখ্যাত গুৰু পণ্ডিত শম্ভু মহাৰাজ বিভাগৰ মুৰব্বী আছিল। ১৯৬৪ চনত অনুষ্ঠানটো সংগীত নাটক অকাডেমীৰ অংশ হৈ পৰে। ১৯৬৯ চনৰ জুলাই মাহত একাডেমীয়ে ইয়াৰ কাম-কাজৰ দায়িত্বও গ্ৰহণ কৰে আৰু ইয়াক ওচৰৰ পূৰ্বৰ বাহাৱালপুৰ হাউচত নতুন স্থানলৈ স্থানান্তৰ কৰে, য’ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় অৱস্থিত। শম্ভু মহাৰাজ আছিল ভাৱ অংগ (ভাৱাত্মক ভাগ)ৰ এজন বিখ্যাত প্ৰতিপাদক আছিল আৰু আগন্তুক বছৰবোৰত কেইবাটাও ধ্ৰুপদী থুমৰি আৰু ভজন পুনৰুজ্জীৱিত কৰি কথকৰ প্ৰদৰ্শন সূচীত সংযোজন কৰিছিল। তেওঁ কেইবাজনো ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছিল যিয়ে পৰৱৰ্তী সময়ত নিজৰ নাম উজলায়। তাৰ ভিতৰত আছে- কুমুদিনী লখিয়া, দময়ন্তী যোশী, ভাৰতী গুপ্ত, গোপী কৃষ্ণ, মায়া ৰাও আৰু সীতাৰা। ৩

শম্ভু মহাৰাজে সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ বঁটা, সংগীত নাটক অকাডেমী ফেল’শ্বিপ ১৯৬৭ চনত লাভ কৰে। ১৯৭০ চনত শম্ভু মহাৰাজৰ মৃত্যুৰ পিছত প্ৰতিষ্ঠানটোৰ আৰম্ভণিৰে পৰা জড়িত তেওঁৰ ভতিজাক, এজন বিখ্যাত কথক নৃত্যশিল্পী আৰু গুৰু অনুষদৰ মুৰব্বী হৈছিল আৰু লগতে বহু বছৰ ধৰি প্ৰতিষ্ঠানটোৰ সঞ্চালক হৈ আছিল। বীৰজু মহাৰাজে মন্দিৰৰ প্ৰাংগনত বা মেহফিলত সৰু সৰু সমাৱেশৰ বাবে মঞ্চস্থ কৰা নৃত্যটোক আধুনিক প্ৰচেনিয়াম থিয়েটাৰক বৃহৎ সমাৱেশৰ বাবে মঞ্চস্থ কৰিবলৈ আৰম্ভ কৰিলে। লাহেলাহে যিটো মূল ৰূপত একক নৃত্য আছিল, তাক সমূহীয়া ৰূপত অভিযোজিত কৰিবলৈ আৰম্ভ কৰে আৰু কেইবাটাও উল্লেখযোগ্য বেলেট সৃষ্টি কৰে। ৪ পিছৰ কিছু বছৰত পূৰ্বতে 'বেলেট ইউনিট' নামেৰে জনাজাত ৰেপাৰ্টৰী উইঙে বিকশিত মঞ্চ আৰু সাজ-পোছাকৰ ডিজাইনৰ লগতে বিশদ সংগীতৰ সৈতে কথক বেলেৰ উল্লেখনীয় প্ৰযোজনা কৰিছিল। ‘তাজ কি কাহানী’ৰ (১৯৬৬) নৃত্য ৰচনা কৃষ্ণ কুমাৰে কৰিছিল আৰু সংগীত আছিল আমজাদ আলীৰ; ‘চান-ই-অৱধ’ (১৯৬৮), ‘কুমাৰ সম্ভৱ’ আৰু ‘দলিয়া’ আটাইকেইখনৰ নৃত্য ৰচনা কৰিছিল বীৰজুয়ে মহাৰাজে, সংগীত ডাগাৰ ব্ৰাদাৰ্ছৰ। ৪ গোবৰ্ধন লীলা, মচান চোৰী, ফাগ ভৰা আদি কেইটামান প্ৰযোজনাত পৌৰাণিক বিষয়বস্তু ব্যৱহাৰ কৰি আধুনিক উপস্থাপন আগ বঢ়োৱা হৈছিল। ৫ বীৰজু মহাৰাজে এই বেলেট প্ৰযোজনাসমূহ সমগ্ৰ বিশ্বতে পৰিবেশন কৰিছিল আৰু পৰম্পৰাগত নৃত্যৰ ৰূপটোক সমগ্ৰ বিশ্বক চিনাকি কৰাই দিছিল। ৬ কেন্দ্ৰৰ বহু প্ৰাক্তন ছাত্ৰইও ৰেপাৰ্টৰী উইঙত পঞ্জীয়নভুক্ত কৰ্মচাৰী হিচাপে যোগদান কৰে। ৭

অৱলোকন

বাহাৱালপুৰ হাউচত থকা মূল কেন্দ্ৰৰ উপৰিও প্ৰতিষ্ঠানখনে চহৰখনত অতিৰিক্ত দুটা কেন্দ্ৰও চলাই আছে, এটা উত্তৰ দিল্লীত আৰু আনটো দক্ষিণ দিল্লীত। কেন্দ্ৰৰ এটা ৰেপাৰ্টৰী উইঙো আছে যিয়ে বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰে, আৰু পৰীক্ষামূলক কামৰ জৰিয়তে কথক নৃত্যৰ কৌশল বিকশিত কৰাৰ দিশত কাম কৰে।

প্ৰসংগ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kothari, p. 221
  2. ↑ Massey, p. 29
  3. ↑ Massey, p. 157
  4. ↑ Massey, p. 158
  5. ↑ Rubin, Don; Chua Soo Pong; Ravi Chaturvedi. (2001). The World Encyclopedia of Contemporary Theatre: Asia. Taylor & Francis. পৃ. 153. ISBN 0-415-26087-6
  6. ↑ Kothari, p. 152
  7. ↑ (27 October 2006). Kathak's own: Keshav Kothari deserves credit for taking Kathak to a new high.. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৬৩১৩১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।