ৰেহানা ফাথিমা (Rehana Fathima)ক সূৰ্য্যগায়ত্ৰী বুলিও কোৱা হয়১৷ তেওঁ কেৰালাৰ এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী।২৩৪
তেওঁ টেলিকমিউনিকেচন আৰু মডেলিঙৰ দিশত অৰ্হতা আছে৷ তেওঁ নৈতিক পুলিচিং আৰু যৌনতাবাদৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। ২০১৮ চনৰ অক্টোবৰ মাহত ফাতিমাই ব্যাপক চৰ্চা লাভ কৰিছিল যেতিয়া উচ্চতম ন্যায়ালয়ে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ ওপৰত থকা মন্দিৰত প্ৰৱেশজনিত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ পিছত তেওঁ কেৰালাৰ সবৰীমালা মন্দিৰত প্ৰৱেশৰ চেষ্টা কৰিছিল৷ তেওঁ মন্দিৰত প্ৰৱেশ কৰিবলৈ বিচৰা দুগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল। ফেচবুক পোষ্টৰ অভিযোগত আপত্তিজনক পোষ্ট আৰু বডি পেইণ্টিং ভিডিঅ’ৰ বাবে গ্ৰেপ্তাৰ কৰাকে ধৰি তেওঁৰ সক্ৰিয়তাৰ বাবে আইনী পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তেখেতে 'শ্বৰীৰাম সমৰাম সন্নিধ্যাম' নামেৰে এখন আত্মজীৱনী লিখিছিল৷৫
প্ৰাথমিক জীৱন আৰু শিক্ষা
ৰেহানা ফাতিমা প্যাৰিজান চুলাইমানৰ জন্ম হৈছিল এটা মুছলমান পৰিয়ালত।৬ দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁৰ পিতৃ প্যাৰিজান চুলাইমানৰ মৃত্যু হয়।৩ তেওঁৰ এগৰাকী ভনীয়েক আছে।
তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ বি.কম আৰু এম.চি.এ ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
ফাতিমাই ২০২০ চনৰ মে' মাহলৈকে বিএছএনএলৰ সৈতে টেলিকমিউনিকেচন টেকনিচিয়ান হিচাপে কাম কৰিছিল,৭ তাৰপিছত তেওঁ বাধ্যতামূলক অৱসৰ লৈছিল।৮৯
মহিলা অধিকাৰ কৰ্মী হোৱাৰ আগতে ফাতিমাই মডেলিং কৰিছিল।২ৰেহানাই পুনে চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ পৰা কবি আৰু স্নাতক স্বামী মনোজ কে শ্ৰীধৰে লিখা আৰু পৰিচালিত ‘একা’ নামৰ এখন মালয়ালম ছবিতো অভিনয় কৰিছে। চিনেমাখনত আন্তঃলিংগ ব্যক্তিৰ জীৱনৰ বিষয়ে কোৱা হৈছে।৩১০১১
যুগ যুগ ধৰি ভাৰতৰ কেৰালাৰ সবৰীমালা মন্দিৰত সন্তান জন্ম দিয়া বয়সৰ (প্ৰায় ১০–৫০ বছৰ বয়সৰ) মহিলাক পূজা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিছুমান ভক্তৰ মতে তাৰ বাসিন্দা দেৱতাই বৈবাহিক জীৱন পালন কৰি আছে আৰু সন্তান কঢ়িয়াই নিব পৰা মহিলাসকলে তেওঁক ব্ৰতৰ পৰা বিচ্যুত কৰিব পাৰে।১২১৩১৪এনডিটিভিৰ এটা প্ৰবন্ধ অনুসৰি কিছুমানে অনুভৱ কৰে যে মহিলাৰ প্ৰৱেশ অস্বীকাৰৰ মূলতে হৈছে ঋতুস্ৰাৱ কৰা মহিলাসকল "অশুদ্ধ" বুলি প্ৰচলিত হৈ থকা দীৰ্ঘদিনীয়া এক সাংস্কৃতিক বিশ্বাস।.১৫ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ২০ বছৰীয়া আইনী প্ৰত্যাহ্বানৰ অন্তত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।১৬স্ক্ৰ'লৰ মতে, ২০১৮ চনৰ অক্টোবৰ মাহত ফাতিমা আছিল ঋতুস্ৰাৱ বয়সৰ দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী যিয়ে উচ্চতম ন্যায়ালয়ে সকলো বয়সৰ মহিলাক তাত প্ৰাৰ্থনা কৰিবলৈ প্ৰৱেশৰ অনুমতি দিয়াৰ পিছত মন্দিৰত প্ৰৱেশ কৰিব খোজা দুগৰাকী মহিলাৰ এগৰাকী৷ তেওঁলোক প্ৰথমে কেৰেলাৰ সবৰীমালা মন্দিৰত প্ৰৱেশ কৰিছিল।১৫মহিলা দুগৰাকীক আশীজন আৰক্ষী বিষয়াই আগবঢ়াই নিছিল যদিও মন্দিৰলৈ যোৱা পবিত্ৰ খোজত প্ৰায় ৩০০ জনীয়া এটা দলে তেওঁলোকক বাধা দিছিল। দ্য কুইণ্ট, দ্য নিউজ মিনিট আৰু ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি ইয়াৰ পিছত ফাতিমাৰ ঘৰ ভাঙি পেলোৱা হয়।১১১৭১৮
তথ্যসূত্ৰ
- ↑ Ameerudheen, TA. (21 October 2018). 'Sabarimala protestors are using my Muslim name to fan communal fires,' says activist Rahana Fathima. Scroll.in
- ↑ (26 June 2020). Rehana Fathima: Women's rights activist who's no stranger to controversy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Nambudiri, Sudha; Ali, Afrah. (25 March 2018). Meet Kerala's topless feminist. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shane Nigam to Rehana Fathima: Here's the list of celebrities who can be expected in Bigg Boss Malayalam 2. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ A Story of a Phoenix Bird
- ↑ (19 October 2018). Activist Rehana Fathima climbs down from Sabarimala, but this was another bid to break the glass ceiling. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (1 July 2020). BSNL asks ex-employee Rehana Fathima to vacate quarters for 'tarnishing firm's image'. The News Minute. PTI
- ↑ Gopikrishnan Unnithan, P S. (15 May 2020). BSNL orders compulsory retirement for Kerala activist Rehana Fathima over Sabarimala incident. ইণ্ডিয়া টুডে
- ↑ (15 May 2020). BSNL forces employee Rehana Fathima who tried to enter Sabarimala to accept voluntary retirement. Asianet News
- ↑ Mohandas, Vandana. (13 July 2017). Untold tale of intersexuality. Deccan Chronicle
- ↑ (20 October 2018). Rehana Fathima – Activist Who Defied Opposers With Sabarimala Trek. The Quint
- ↑ Ayyappan, Hindu deity. Encyclopædia Britannica
- ↑ Deviah, M.A. (15 January 2016). Here's why women are barred from Sabarimala; It is not because they are 'unclean'. Firstpost
- ↑ Easwar, Rahul. (14 January 2016). Why Sabarimala has restrictions on women, Rahul Easwar explains. The News Minute
- ↑ Koshy. (28 September 2018). Will Fight For Lord Ayyappa's Right To Privacy, Says Activist Rahul Easwar. NDTV
- ↑ Pandey, Geeta. (29 October 2018). Sabarimala: India activist held for 'explicit' thigh photo. BBC News
- ↑ Suresh, Haripriya. (3 January 2019). The long climb: As 2 women enter Sabarimala temple, a look back at others who tried. The News Minute
- ↑ Kundu, Chayan. (21 October 2018). Rehana Fathima, expelled from community for trying to enter Sabarimala, is no stranger to controversies. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেহানা ফাটিমা” প্ৰবন্ধৰ সংশোধন ৪৮১০৪৭ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।