অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ( বা NIPER-Guwahati বা NIPER-G) ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ( বা NIPER-Guwahati বা NIPER-G) ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনে ভেষজবিজ্ঞানত স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ৰ ডিগ্ৰী প্ৰদান কৰে। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে মানৱ সম্পদ উন্নয়নত প্ৰতিষ্ঠানখনে ভাৰতীয় ভেষজবিজ্ঞান উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ বিজ্ঞান বিষয়ক বিভিন্ন উদ্যোগৰ লগতে প্ৰচুৰ সম্ভাৱনাময় ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰ খনত ই প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে।১২

ইতিহাস

২০০৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী আৰম্ভ হৈছিল। কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী ৰাম বিলাস পাচোৱানে ২০০৮ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠানখন উদ্বোধন কৰিছিল।৩ ইয়াৰ অস্থায়ী চৌহদ গুৱাহাটীৰ ভাঙাগড়ত অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰাংগণত আছিল। ২০১৫ চনৰ ৩০ মে' তাৰিখে কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰতিষ্ঠান খনৰ স্থায়ী প্ৰাংগণৰ আধাৰশিলা কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰে।

শিক্ষা

প্ৰতিষ্ঠানখনে চাৰিটা বিভাগত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত এমএচ(ফাৰ্ম.) প্ৰদান কৰে। ইয়াৰ লগতে ই পিএইছডি ডিগ্ৰীয়ো প্ৰদান কৰে।

বিভাগসমূহ

  • ভেষজবিজ্ঞান আৰু বিষবিজ্ঞান (Pharmacology and Toxicology

Biotechnology)

  • ফাৰ্মাচী অনুশীলন (Pharmacy Prctice)
  • ঔষধ বিজ্ঞান (Pharmaceutics)
  • ঔষধীয় বিশ্লেষণ (Pharmaceutical Analysis)৪

নামভৰ্তি

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত নামভৰ্তি গ্ৰেজুয়েট ফাৰ্মাচী এপ্তিটিউড টেষ্ট পৰীক্ষাৰ দ্বাৰা হয়। এই পৰীক্ষাৰ পিছত শিক্ষাৰ্থী সকলক নাইপাৰ সকলে অনুষ্ঠিত কৰা সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা বাচনি কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ The Hindu: Education Plus Bangalore: NIPER sets the benchmark
  2. ↑ All-India level rank in NIPER for SC boy - The Hindu
  3. ↑ NIPER paves pharma path - Paswan inaugurates the fifth centre of the higher education & research institute. telegraphindia.com
  4. ↑ NIPER conducts convocation - The Hindu

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৯৩ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।