ৰেড কেনেৰী ছং (ইংৰাজী ভাষা: Red Canary Song) হৈছে এছিয়ান আৰু প্ৰব্ৰজনকাৰী মাছাজ পাৰ্লাৰ কৰ্মীসকলৰ অধিকাৰৰ হকে কাম কৰা এটা আমেৰিকান তৃণমূল পৰ্যায়ৰ মিত্ৰজোঁট। এই মিত্ৰজোঁটটোৱে প্ৰব্ৰজনকাৰী মাছাজ কৰ্মীসকলৰ বাবে ৰাজনৈতিক প্ৰতিনিধিত্ব, শ্ৰমৰ অধিকাৰ, সামূহিক সংগঠন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে টৰণ্টো, পেৰিছ আৰু হংকঙৰ দৰে ডায়েচপৰাৰ ভিতৰত আৰক্ষী তথা আৰক্ষীৰ ছদ্মবেশধাৰীসকলৰদ্বাৰা হোৱা হিংসাৰপৰা সুৰক্ষা প্ৰদান কৰিবলৈ কাম কৰে।১২
ইতিহাস
২০১৭ চনৰ ২৫ নৱেম্বৰত ফ্লাশ্বিং কুইন্সৰ ৩৮বছৰীয়া মাছাজ কৰ্মী ইয়াং চঙৰ মৃত্যুৰ পাছত ২০১৮ চনৰ নৱেম্বৰ মাহত কেট জেন, এথেনা জি., ৰেড এছ. আৰু জুলি এক্সৰদ্বাৰা ৰেড কেনেৰী ছং প্ৰতিষ্ঠা কৰা হৈছিল। আৰক্ষীৰ অভিযানৰ সময়ত এটা অট্টালিকাৰ চতুৰ্থ মহলাৰপৰা পৰি ইয়াং চঙৰ মৃত্যু হৈছিল।৩
২০২১ চনৰ হিচাপত এই গোটটো বৰ্তমান ফ্লাশ্বিঙত অৱস্থিত আৰু ইয়াক পৰিচালনা কৰে ইন কিউ.৪ আৰু এষ্টাৰ কাওৱে।৫ ইয়াং চঙৰ পৰিয়ালক সহায় কৰিবলৈ আৰু আৰক্ষীৰ জবাবদিহিতাৰ বাবে যুঁজিবলৈ চঙৰ মৃত্যুৰ কিছুসময়ৰ পাছতে ৰেড কেনেৰী ছং সৃষ্টি কৰা হৈছিল।৬ মিত্ৰজোঁটটোৱে বৰ্তমান মাছাজ কৰ্মীসকল বলি হ'ব পৰা অতি-যৌনতাকৰণ (hypersexualization) আৰু বিদেশীভীতিৰ (xenophobia) সমস্যা সমাধানৰ বাবে চেষ্টা চলায়, যিটো ২০২১ চনৰ আটলাণ্টা স্পা গুলীচালনাৰ ঘটনাই স্পষ্ট কৰি তুলিছিল।৭ ৰেড কেনেৰী চঙে এই বুলি মত পোষণ কৰে যে মাছাজ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিলেই কৰ্মীসকলৰ উন্নত মানদণ্ডৰ জীৱন নিশ্চিত নহয়। বৰঞ্চ এই কৰ্মীসকলৰ অধিকাৰ আৰু মৰ্যাদা স্বীকাৰ কৰাৰ মাজতহে ইয়াৰ সমাধান নিহিত আছে। ৰেড কেনেৰী চঙে সকলো প্ৰব্ৰজনকাৰী মাছাজ কৰ্মীক সমৰ্থন কৰিলেও, মিত্ৰজোঁটটোৱে কাৰো ওপৰত প্ৰব্ৰজনকাৰী যৌন কৰ্মীৰ ধাৰণা বা পৰিচয় জাপি দিব নিবিচাৰে।৮
তথ্যসূত্ৰ
- ↑ Q., Yin. (June 2020). Sex Worker Mutual Aid Combats Persistent Exclusion of Migrant Massage Workers. A Women's Thing
- ↑ Rowland, Maggie. (1 April 2021). Pseudo-feminism has obscured violence against Asian-American women • The Tulane Hullabaloo. The Tulane Hullabaloo
- ↑ Barry, Dan; Singer, Jeffrey. (11 October 2018). The Case of Jane Doe Ponytail. The New York Times
- ↑ (19 March 2021). How activists are mobilizing on Instagram to fight anti-Asian racism after Atlanta. news.yahoo.com
- ↑ Solis, Marie. (23 April 2021). Are police the biggest threat to massage parlor workers' safety?. the Guardian
- ↑ Campoamor, Danielle. Red Canary Song Has Supported Asian American Workers, Long Before Atlanta. Refinery 29
- ↑ Shih, Elena. (26 March 2021). How to Protect Massage Workers. The New York Times
- ↑ Ho, Rosemarie. (2 April 2021). Migrant Massage Workers Don't Need to Be Rescued. The Nation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেড কেনেৰী ছং” প্ৰবন্ধৰ সংশোধন ৫৯৪২৯২ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।