অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ United Nations Security Council (UNSC) হৈছে ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগৰ ভিতৰত অন্যতম, আৰু নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবাহী শাখা,ইয়াৰ প্ৰধান দায়িত্ব হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ৬৯৬ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ United Nations Security Council (UNSC) হৈছে ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগৰ ভিতৰত অন্যতম,১ আৰু নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবাহী শাখা,ইয়াৰ প্ৰধান দায়িত্ব হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।২ ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা অনুসৰি ইয়াৰ ক্ষমতাসমূহৰ ভিতৰত শান্তিৰক্ষা অভিযান স্থাপন, সামৰিক কাৰ্য্যক অনুমোদন দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা আদি অন্তৰ্ভুক্ত। ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ৰ অধীনত পৰিষদে আন্তঃৰাষ্ট্ৰীয় শান্তিৰ প্ৰতি ভাবুকি চিনাক্ত কৰিব পাৰে, সেই শান্তিৰ ভংগ নিৰ্ধাৰণ কৰিব পাৰে আৰু বল প্ৰয়োগকে ধৰি সঁহাৰিৰ অনুমোদন দিব পাৰে। ৰাষ্ট্ৰসংঘৰ ই একমাত্ৰ সংস্থা যিয়ে সকলো সদস্য ৰাষ্ট্ৰৰ বাবে বাধ্যতামূলক প্ৰস্তাৱ জাৰি কৰি বাধ্যতামূলক আন্তৰ্জাতিক আইন গ্ৰহণ কৰাৰ ক্ষমতা আছে।২ পৰিষদে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত নতুন সদস্য ৰাষ্ট্ৰসমূহক নামভৰ্তি কৰাৰ পৰামৰ্শও দিয়ে,৩ আৰু চনদখনৰ সংশোধনীত অনুমোদন জনায়। ৪ ইয়াৰ নেতৃত্বত থাকে নিৰাপত্তা পৰিষদৰ সভাপতি আৰু সচিব প্ৰধানে ইয়াৰ কাৰ্যবাহী প্ৰশাসক হিচাপে ইয়াৰ সিদ্ধান্ত আৰু কাৰ্যভাৰ ৰূপায়ণৰ তদাৰক কৰে।

নিৰাপত্তা পৰিষদ ১৫ জন সদস্যৰে গঠিত। পাঁচখন স্থায়ী সদস্যৰাষ্ট্ৰ হৈছে ৰাছিয়া, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু ফ্ৰান্স আৰু সাধাৰণ পৰিষদে দুবছৰৰ বাবে নিৰ্বাচিত কৰা দহজন অস্থায়ী সদস্য। ৫ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰশক্তিৰ বা তেওঁলোকৰ স্বীকৃতিপ্ৰাপ্ত উত্তৰাধিকাৰী ৰাষ্ট্ৰৰ প্ৰধান শক্তি হিচাপে পৰিগণিত হোৱা পাঁচজন স্থায়ী সদস্যৰ প্ৰত্যেকৰে ডাঙৰ প্ৰস্তাৱৰ ওপৰত ভেটো ক্ষমতা আছে, যাৰ ফলত তেওঁলোকৰ যিকোনো এজনক আন সদস্যসকলৰ সমৰ্থনৰ স্তৰ যিয়েই নহওক কিয়, খচৰা প্ৰস্তাৱ গ্ৰহণ কৰাত বাধা দিয়াৰ ক্ষমতা প্ৰদান কৰে। এই ভেটো ক্ষমতা সাধাৰণ পৰিষদৰ বিষয় বা ভোটৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিবোৰ বাধ্যতামূলক নহয়। ইংৰাজী বৰ্ণানুক্ৰমে পোন্ধৰজন সদস্যৰ মাজত সভাপতি পদটো মাহেকীয়াকৈ ঘূৰি থাকে।

সদস্য

স্থায়ী সদস্য

নিৰাপত্তা পৰিষদৰ পাঁচজন স্থায়ী সদস্যৰ যিকোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তথা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা আছে, যাৰ ফলত এজন স্থায়ী সদস্যই কোনো প্ৰস্তাৱ গ্ৰহণ কৰাত বাধা দিব পাৰে যদিও বিতৰ্কক বাধা বা শেষ কৰিব নোৱাৰে। ৬

দেশআঞ্চলিক গোটবৰ্তমানৰ ৰাষ্ট্ৰৰ প্ৰতিনিধিত্বপূৰ্বৰ ৰাষ্ট্ৰৰ প্ৰতিনিধিত্ব
এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলচীনRepublic of China (1945–1949, 1949–1971)
পশ্চিম ইউৰোপ আৰু অন্যান্যফ্ৰান্সফৰাচী গণৰাজ্যৰ অস্থায়ী চৰকাৰ (১৯৪৫–১৯৪৬) ফান্সৰ চতুৰ্থ গণৰাজ্য (১৯৪৬–১৯৫৮)
পূব ইউৰোপৰাছিয়াUnion of Soviet Socialist Republics (1945–1991)
পশ্চিম ইউৰোপ আৰু অন্যান্যগ্ৰেট বৃটেইন আৰু উত্তৰ আয়াৰলেণ্ড
পশ্চিম ইউৰোপ আৰু অন্যান্যআমেৰিকা যুক্তৰাষ্ট্ৰ

১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত ইয়াৰ পাঁচখন স্থায়ী সদস্য আছিল চীন গণৰাজ্য, ফ্ৰান্স (ফ্ৰান্স গণৰাজ্যৰ অস্থায়ী চৰকাৰে প্ৰতিনিধিত্ব কৰা), ছোভিয়েট ইউনিয়ন, যুক্তৰাজ্য আৰু আমেৰিকা। তাৰ পিছৰে পৰা দুটা ডাঙৰ আসনৰ পৰিৱৰ্তন ঘটিছে। চীনৰ এই আসনখন প্ৰথমে চিয়াং কাই-শ্বেকৰ জাতীয়তাবাদী চৰকাৰৰ হাতত আছিল। ১৯৪৯ চনত চীনৰ গৃহযুদ্ধৰ সময়ত যেতিয়া জাতীয়তাবাদীসকলে টাইৱানলৈ পিছুৱাই যাবলৈ বাধ্য হয়, তেতিয়া চীনৰ কমিউনিষ্ট পাৰ্টিয়ে মূল ভূখণ্ডৰ নিয়ন্ত্ৰণ লাভ কৰে পিপলছ ৰিপাব্লিক অৱ চাইনা হিচাপে। ১৯৭১ চনত সাধাৰণ পৰিষদৰ ২৭৫৮ নং প্ৰস্তাৱত চীনৰ গণৰাজ্যক ৰাষ্ট্ৰসংঘত চীনৰ বৈধ প্ৰতিনিধি হিচাপে স্বীকৃতি দিয়া হয় আৰু সেই অনুসৰি নিৰাপত্তা পৰিষদৰ আসন হস্তান্তৰ কৰা হয়; চীন গণৰাজ্যক ৰাষ্ট্ৰসংঘৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰা হৈছিল, পৃথক ৰাষ্ট্ৰ হিচাপে সদস্যপদ লাভ কৰাৰ কোনো সুযোগ নোহোৱাকৈ। ৭ ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত ৰাছিয়ান ফেডাৰেচনক বৈধ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰি ছোভিয়েট আসনখন অক্ষুণ্ণ ৰাখিছিল।৮

এই পাঁচখন স্থায়ী সদস্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়ী মহাশক্তি ৯ আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী সামৰিক বাহিনী বজাই ৰাখিছিল। প্ৰতি বছৰে সামৰিক ব্যয়ৰ ক্ষেত্ৰত তেওঁলোক সৰ্বাধিক খৰচী। ২০১৩ চনত তেওঁলোকে সামূহিকভাৱে প্ৰতিৰক্ষাৰ বাবে ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত ব্যয় কৰিছিল, যিটো বিশ্বৰ সামৰিক ব্যয়ৰ ৫৫%তকৈ অধিক (কেৱল আমেৰিকাই ৩৫%তকৈ অধিক ব্যয় কৰিছিল)। এই দেশকেইখন বিশ্বৰ অন্যতম বৃহৎ অস্ত্ৰ ৰপ্তানিকাৰক ১০ আৰু পাৰমাণৱিক অস্ত্ৰ অপ্ৰসাৰ সন্ধি (NPT)ৰ অধীনত আনুষ্ঠানিকভাৱে "পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ ৰাষ্ট্ৰ" হিচাপে স্বীকৃতি পোৱা একমাত্ৰ দেশ যদিও আন ৰাষ্ট্ৰৰ পাৰমাণৱিক অস্ত্ৰ থকা বুলি জনা যায় বা সন্দেহ কৰা হয়।

পশ্চিমীয়া গণতান্ত্ৰিক স্থায়ী সদস্য দেশ ফ্ৰান্স, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰজোঁটক অনানুষ্ঠানিকভাৱে "পি৩" নামেৰে জনাজাত।

অস্থায়ী সদস্য

পাঁচজন স্থায়ী সদস্যৰ উপৰিও নিৰাপত্তা পৰিষদৰ দহজন অস্থায়ী সদস্য আছে যিয়ে ভৌগোলিক অঞ্চল অনুসৰি আৱৰ্তন ভিত্তিত নিজৰ আসন লাভ কৰে। অস্থায়ী সদস্যসকল বিশ্বব্যাপী নিৰাপত্তা বিষয়ক সংক্ষিপ্ত প্ৰতিবেদন সৈতে জড়িত হ'ব পাৰে।১১ প্ৰথম দুটা দশকত নিৰাপত্তা পৰিষদৰ ছয়জন অস্থায়ী সদস্য আছিল, ইয়াৰে প্ৰথমকেইখন সদস্যৰাষ্ট্ৰ আছিল অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইজিপ্ত, মেক্সিকো, নেদাৰলেণ্ড আৰু পোলেণ্ড। ১৯৬৫ চনত অস্থায়ী সদস্যৰ সংখ্যা দহলৈ বৃদ্ধি কৰা হয়।১২

এই দহজন অস্থায়ী সদস্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা দুবছৰৰ বাবে নিৰ্বাচিত কৰে আৰু প্ৰতি বছৰে পাঁচজনক সলনি কৰা হয়। ১৩ অনুমোদন পাবলৈ হ’লে এজন প্ৰাৰ্থীয়ে সেই আসনৰ বাবে দিয়া মুঠ ভোটৰ কমেও দুই তৃতীয়াংশ লাভ কৰিব লাগিব, যাৰ ফলত প্ৰায় সমান যোগ্যতাসম্পন্ন দুজন প্ৰাৰ্থী থাকিলে অচলাৱস্থাৰ সৃষ্টি হ’ব পাৰে। ১৯৭৯ চনত কিউবা আৰু কলম্বিয়াৰ মাজত তিনিমাহৰ পাছত অচলাৱস্থা আৰু অভিলেখ সৃষ্টিকাৰী ১৫৪টা ভোটৰ অন্ত পৰে; অৱশেষত দুয়োজনে আপোচৰ প্ৰাৰ্থী হিচাপে মেক্সিকোৰ সপক্ষে আঁতৰি যায়। ১৪ অৱসৰপ্ৰাপ্ত সদস্য তাৎক্ষণিকভাৱে পুনৰ নিৰ্বাচনৰ বাবে যোগ্য নহয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Article 7 (1) of Charter of the United Nations. United Nations
  2. ↑ Article 24 (1) of Charter of the United Nations. United Nations
  3. ↑ Article 4 (2) of Charter of the United Nations. United Nations
  4. ↑ Article 108 of Charter of the United Nations. United Nations
  5. ↑ www.un.org/en/sections/un-charter/un-charter-ful
  6. ↑ Fasulo 2004, পৃ. 40–41
  7. ↑ Meisler 1995, পৃ. 195–197
  8. ↑ Blum 1992
  9. ↑ Kennedy 2006, পৃ. 70
  10. ↑ SIPRI Military Expenditure Database. Stockholm International Peace Research Institute
  11. ↑ Time
  12. ↑ The UN Security Council. United Nations Foundation
  13. ↑ Current Members. United Nations
  14. ↑ (21 September 2011). Special Research Report No. 4: Security Council Elections 2011. Security Council Report

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩০৬৮৬ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।