ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থা (NIOS) পূৰ্বতে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় নামেৰে জনাজাত ভাৰত চৰকাৰৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব’ৰ্ড। ১৯৮৯ চনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে (পূৰ্বৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়) প্ৰতিষ্ঠা কৰে।১
নেশ্যনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং (এন আই অ’ এছ) ভাৰত আৰু বিদেশত পাঁচটা বিভাগ, ২৩টা আঞ্চলিক কেন্দ্ৰ, দুটা উপ-আঞ্চলিক কেন্দ্ৰ, দুটা এন আই অ’ এছ কোষ, আৰু ৭,৪০০ৰো অধিক অধ্যয়ন কেন্দ্ৰ (এ আই/এ ভি আই)ৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে। যোৱা পাঁচ বছৰত মুঠ ৪১.৩ লাখতকৈ অধিক শিক্ষাৰ্থীৰ নামভৰ্তিৰ সৈতে ইয়াক বিশ্বৰ সৰ্ববৃহৎ মুকলি বিদ্যালয় ব্যৱস্থা হিচাপে গণ্য কৰা হয়।
২০০৪ চনৰপৰা ২০০৯ চনৰ ভিতৰত এন আই অ’ এছে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত মুঠ প্ৰায় ১৫ লাখ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৰেকৰ্ড কৰিছিল আৰু ই প্ৰতি বছৰে প্ৰায় ৩৫০,০০০ শিক্ষাৰ্থীক নামভৰ্তি কৰি আহিছে। এন আই অ’ এছ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা হিচাপে কাম কৰে, আন ৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডৰ দৰে একে মৰ্যাদা।
এন আই অ’ এছে ভোলা পাছৱান শাস্ত্ৰী মহাবিদ্যালয়, বাভাংগামা, বিহাৰগঞ্জ, মধেপূৰা (কোড° ০৩০০৪৯) আৰু কে.কে.পি.কে. হাইস্কুল, বাভানগামা, বিহাৰগঞ্জ, মধেপূৰা (কোড° ০৩০০৫০)। বৰ্তমানৰ পৰিচালক দীনানাথ প্ৰবোধ, আৰু অধ্যক্ষ অতুলেশ ভাৰ্মা (বাবুল জী), যিয়ে বিহাৰৰ জনতা দল (ইউনাইটেড)ৰ শিক্ষক কোষৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাম কৰে।
আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বহিঃৰাজ্য কেন্দ্ৰ
এন আই অ’ এছে কমনৱেলথ অৱ লাৰ্নিং (চি অ’ এল) আৰু ইউনেস্ক’ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। ২ ইয়াৰ উপৰি বাহৰেইন, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান, কুৱেইট, নেপাল, কানাডা, চৌদি আৰব ৰাজ্য, অষ্ট্ৰেলিয়া, যুক্তৰাজ্য, নিউজিলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় প্ৰবাসীসকলৰ বাবে অধ্যয়ন কেন্দ্ৰ আছে। ৩
পাঠ্যক্ৰম
এনআইঅ'এছে তলত দিয়া পাঠ্যক্ৰমসমূহ আগবঢ়ায়: ৪
১৪+ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰী, আৰু প্ৰাপ্তবয়স্কৰ বাবে মুক্ত মৌলিক শিক্ষা (OBE) কাৰ্যসূচী, যিটো আনুষ্ঠানিক বিদ্যালয় ব্যৱস্থাৰ তৃতীয়, পঞ্চম, আৰু অষ্টম শ্ৰেণীৰ সমতুল্য।
মাধ্যমিক পাঠ্যক্ৰম - দশম শ্ৰেণীৰ সমতুল্য
ছিনিয়ৰ ছেকেণ্ডাৰী পাঠ্যক্ৰম - দ্বাদশ শ্ৰেণীৰ সমতুল্য
বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম
জীৱন সমৃদ্ধিৰ কাৰ্যসূচী
ডি.ই.এল.ই.ডি. পাঠ্যক্ৰম
আই টি আই ছাত্ৰ-ছাত্ৰীৰ বাবে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পাঠ্যক্ৰম
এন আই অ’ এছে ২০২১ চনৰপৰা শ্ৰৱণ ক্ষমতাহীনতা (বধিৰতা) শিশুসকলৰ বাবে মাধ্যমিক পৰ্যায়ত বিষয় হিচাপেও ভাৰতীয় সাংকেতিক ভাষা আগবঢ়াইছে।
এন আই অ’ এছে ভোলা পাছৱান শাস্ত্ৰী মহাবিদ্যালয়, বাভাংগামা, বিহাৰগঞ্জ, মধেপূৰা (০৩০০৪৯) আৰু কে.কে.পি.কে. হাইস্কুল, বাভাংগামা, বিহাৰগঞ্জ, মধেপূৰা (০৩০০৫০)। পৰিচালক: দীনানাথ প্ৰবোধ, অধ্যক্ষ: অতুলেশ ভাৰ্মা (বাবুল জী), ৰাজ্যিক সাধাৰণ সম্পাদক, শিক্ষক কোষ, জে ডি ইউ, বিহাৰ।
পৰীক্ষা
বছৰত দুবাৰকৈ এপ্ৰিল-মে’ আৰু অক্টোবৰ-নৱেম্বৰ মাহত এন আই অ’ এছৰদ্বাৰা নিৰ্ধাৰিত তাৰিখত ৰাজহুৱা পৰীক্ষা অনুষ্ঠিত হয়। অৱশ্যে যিকোনো ব্যক্তিয়ে (যদি ষ্ট্ৰীম ১, ৩, আৰু ৪ৰ অধীনত পঞ্জীয়ন কৰিছে) অন ডিমাণ্ড পৰীক্ষাৰ জৰিয়তে মাধ্যমিক (দশম) আৰু ছিনিয়ৰ ছেকেণ্ডাৰী (দ্বাদশ)ৰ বাবেও হাজিৰ হ’ব পাৰে। ৰাজহুৱা পৰীক্ষা চলি থকা এপ্ৰিল-মে’ আৰু অক্টোবৰ-নৱেম্বৰ মাহৰ বাহিৰে গোটেই বছৰটো অন-ডিমাণ্ড পৰীক্ষা অনুষ্ঠিত হয়।
ৰাজহুৱা পৰীক্ষা আৰু অন ডিমাণ্ড পৰীক্ষাৰ ফলাফল সাধাৰণতে শেষ পৰীক্ষাৰ তাৰিখৰ সাত সপ্তাহৰ পিছত ঘোষণা কৰা হয়।
এন আই অ' এছ সংস্থাৰ(NIOS) গঠন আৰু পদাধিকাৰীসকল
| + NIOS Current Who is Who৫ | ||
| ক্ৰমিক নং | পদৱী | নাম |
|---|---|---|
| অধ্যক্ষ | ড° অখিলেশ মিশ্ৰ | |
| 1 | সম্পাদক | কৰ্ণেল শ্বকিল আহমদ |
| 2 | সঞ্চালক (শৈক্ষিক) | ড° ৰাজীৱ কুমাৰ সিং |
| 3 | সঞ্চালক (এছ এছ এছ) | শ্ৰী এছ বিজয়া কুমাৰ |
| 4 | সঞ্চালক (বৃত্তিমূলক) | ডা° টি এন গিৰি |
| 5 | যুটীয়া সঞ্চালক(প্ৰশাসন)/আৰ.ডি | শ্ৰী. ভি সন্থানম |
| 6 | প্ৰকাশন বিষয়া | শ্ৰী. ডি.এন.উপ্ৰেতি |
| 7 | চিষ্টেম বিশ্লেষক আৰু প্ৰগ্ৰেমাৰ (SAP) | শ্ৰী. নবীন ভাটিয়া |
| 8 | সহকাৰী সঞ্চালক (ভৰ্তি) | বিট্টু ৰায় |
| 9 | সহকাৰী সঞ্চালক | শ্ৰী. আদিত্য কুমাৰ |
| 10 | একাউণ্ট বিষয়া | শ্ৰীমতী ৰম্ভা কুমাৰী |
উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ
- মেৰী কম অলিম্পিক বক্সাৰ
- কাব্য মাধৱন
বাহ্যিক সংযোগ
NIOS
তথ্যসূত্ৰ
- ↑ (2012-02-19). National Institute of Open Schooling. Nos.org
- ↑ (1945-11-16). International Centre for Training in Open Schooling. Nos.org
- ↑ Majumdar Sahil, Pallavi. (15 October 2002). Open school for UAE expats. The Times of India
- ↑ About Us
- ↑ NIOS Staff list. nios.ac.in. NIOS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থান” প্ৰবন্ধৰ সংশোধন ৫৬১৬৭০ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।