অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন

ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন (NFDW) হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দলিত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে এক বেচৰকাৰী সংস্থা। ১৯৯৫ চনত ৰুথ মনোৰমাই প্ৰতিষ্ঠা কৰিছিল এন এফ ডি ডব্লিউ।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন (NFDW) হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দলিত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে এক বেচৰকাৰী সংস্থা। ১৯৯৫ চনত ৰুথ মনোৰমাই প্ৰতিষ্ঠা কৰিছিল এন এফ ডি ডব্লিউ।

ইতিহাস

১৯৯৩ চনত ৰুথ মনোৰমাই দলিত মহিলাৰ ওপৰত হোৱা হিংসাৰ বিষয়ে বাংগালুৰুত শুনানিৰ আয়োজনত সহায় কৰাৰ সময়ত ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন (এন এফ ডি ডব্লিউ) এটা ধাৰণা হিচাপে আৰম্ভ কৰিছিল।১২ ইয়াৰ ফলতেই ১৯৯৫ চনত এনএফডিডব্লিউ প্ৰতিষ্ঠা কৰা হয়।২ পিছলৈ বেইজিঙত মহিলা সম্পৰ্কীয় বিশ্ব সন্মিলনত এনএফডিডব্লিউৱে অংশগ্ৰহণ কৰে, আৰু মনোৰামা আছিল এই গোটটোৰ প্ৰতিনিধি।৩

এন এফ ডি ডব্লিউৱে কেইবাটাও প্ৰাৰম্ভিক লক্ষ্যৰ সৃষ্টি কৰিছিল, য’ত কেইবাখনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন, দলিত লোকৰ বিৰুদ্ধে হোৱা অপৰাধৰ সন্ধান, সম্পদ সৃষ্টি আৰু দলিত মহিলাৰ শিক্ষাৰ বাবে বৃত্তি প্ৰদান আদি আছিল।৪ ২০০১ চনত মনোৰামাৰ সৈতে এনএফডিডব্লিউৱে বৰ্ণবাদৰ বিৰুদ্ধে বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰে, য'ত তেওঁলোকে "জাতি বৈষম্যক এনেদৰে অনুবাদ আৰু আলোচনা কৰে যে ইয়াৰ বিশ্বব্যাপী অনুৰণন বৃদ্ধি কৰা যেন লাগে।"৫ ২০০৬ চনত এনএফডিডব্লিউৱে নেচনেল কেম্পেইন ফৰ দলিত হিউমেন ৰাইটছ (এনচিডিএইচআৰ)ৰ সৈতে নতুন দিল্লী চহৰত দলিত মহিলাৰ ওপৰত হোৱা হিংসাৰ ওপৰত প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰে।৬

সবিশেষ

এই সংগঠনটো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিকভাৱে নিয়ন্ত্ৰিত আৰু দলিত মহিলাৰ বিষয়ত কাম কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দলিত মহিলাসকলক প্ৰতিনিধিত্ব কৰে।৭৮ এন এফ ডি ডব্লিউৱে স্থানীয় আৰু আঞ্চলিক দলিত মহিলা গোটসমূহৰ সৈতে কাম কৰি ইজনে সিজনৰ সৈতে সমস্যা আৰু উদ্বেগসমূহ ভাগ-বতৰা কৰে।৯ এন এফ ডি ডব্লিউৱে মহিলাসকলক হিংসাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণতো সহায় কৰে আৰু নেতৃত্বৰ সুযোগ প্ৰদান কৰাত সহায় কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Bhattacharya, Swarnima. (27 August 2016). The Making and Unmaking of a Dalit Woman Leader. The Wire
  2. ↑ Women Empowerment: Dr Ruth Manorama, President, National Alliance of Women. Challenger Awards
  3. ↑ Smith 2008
  4. ↑ Mehta 2017, পৃ. 233
  5. ↑ Mehta 2017, পৃ. 234
  6. ↑ Mehta 2017, পৃ. 234
  7. ↑ Subramaniam. (2006). The Power of Women's Organizing: Gender, Caste, and Class in India. Lexington Books. পৃ. 59–60. ISBN 9780739113288
  8. ↑ Mehta 2017
  9. ↑ Mehta 2017, পৃ. 234
  10. ↑ Manorama, Ruth. Background Information on Dalit Women in India. Right Livelihood Award

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীনাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন” প্ৰবন্ধৰ সংশোধন ৪৭৭৫৩৬ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।