অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰেড হেট ছ’চাইটি

ৰেড হেট ছ'চাইটি (RHS) হৈছে ১৯৯৮ চনত আমেৰিকাত ৫০ বছৰ বয়স আৰু তাৰ ওপৰৰ বয়সৰ মহিলাৰ বাবে প্ৰতিষ্ঠা হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সামাজিক সংস্থা, কিন্তু এতিয়া ই সকলো বয়সৰ মহিলাৰ বাবে মুকলি।

হালনাগাদ: ৫ এপ্ৰিল ২০২৪ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰেড হেট ছ'চাইটি (RHS) হৈছে ১৯৯৮ চনত আমেৰিকাত ৫০ বছৰ বয়স আৰু তাৰ ওপৰৰ বয়সৰ মহিলাৰ বাবে প্ৰতিষ্ঠা হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সামাজিক সংস্থা, কিন্তু এতিয়া ই সকলো বয়সৰ মহিলাৰ বাবে মুকলি।১

ইতিহাস

১৯৯৭ চনৰ শেষৰ ফালে কেলিফৰ্ণিয়াৰ ফুলাৰ্টনৰ এগৰাকী শিল্পী ছ্যু এলেন কুপাৰে এৰিজোনাৰ টাচন ভ্ৰমণৰ সময়ত ৰঙা টুপী এটা কিনিছিল। তাৰ পিছত কুপাৰে আন এটা ৰঙা টুপী কিনি জন্মদিনৰ উপহাৰ হিচাপে বন্ধু এগৰাকীক দিলে। কুপাৰে “জেনী জোচেফ’’ৰ কবিতা ৱাৰ্নিংৰ পৰা অনুপ্ৰাণিত হৈছিল, যিটো লিজ কাৰ্পেণ্টাৰৰ দ্বাৰা লিখা ৰিডাৰছ ডাইজেষ্টৰ এটা প্ৰবন্ধৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল৷২ কবিতাটোৰ আৰম্ভণিতে লিখা হৈছে: “যেতিয়া মই বুঢ়ী হ’ম, তেতিয়া বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধিম, ৰঙা টুপী এটা পিন্ধিম যিটো মোৰ লগত খাপ নাযায়।” কুপাৰে তেওঁৰ বন্ধুবোৰক প্ৰাণ-চঞ্চলতাৰে দি নিয়াবলৈ উৎসাহিত কৰিব বিচাৰিছিল।৩ কুপাৰৰ অনুৰোধত আন কেইবাগৰাকীও বন্ধুক ৰঙা টুপী উপহাৰ দিয়া কৰে আৰু শেষত কেইবাগৰাকীও মহিলাই বেঙুনীয়া ৰঙৰ সাজ-পোছাক কিনি, ১৯৯৮ চনৰ ২৫ এপ্ৰিলত এটা চাহ মেল অনুষ্ঠিত কৰে আৰু তাতেই ৰেড হেট ছ'চাইটি আৰম্ভ হয়।৪

সাংবাদিক ল'ৰী বাছেডাই দ্য অৰেঞ্জ কাউন্টি ৰেজিষ্টাৰৰ বাবে লিখা এটা প্ৰৱন্ধৰ জৰিয়তে এই সংস্থাটো প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ত মানুহৰ দৃষ্টি আকৰ্ষণ কৰে, যিটো প্ৰৱন্ধ সমগ্ৰ দেশৰ বাতৰি কাকতত পুনৰ ছপা কৰা হয়।৫

কুপাৰে সংস্থাটোৰ বৃদ্ধিত বহুত অৰিহণা আগবঢ়াইছে আৰু তেওঁ এতিয়া এই সংস্থাটোৰ "মাহন ৰাণী মা" হিচাপে কাম কৰি আছে। সংস্থাটোৰ বিষয়ে তেওঁ দুখন কিতাপ লিখিছে: দ্য ৰেড হেট ছ'চাইটি: ফ্ৰেণ্ডশ্বিপ এণ্ড ফান আফটাৰ ফিফটি (২০০৪) আৰু দ্য ৰেড হেট ছ'চাইটিৰ লাফ লাইনছ: ষ্ট'ৰীজ অৱ ইনস্পিৰেচন এণ্ড হেটিটুড (২০০৫)।৬

২০২০ চনৰ হিচাপ মতে ৰেড হেট ছ'চাইটিৰ সদস্য সংখ্যা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান ৩৫,০০০ তকৈ অধিক আছে।৭

সংস্থাটোৰ নিয়ম

২০১৫ চনত মিয়ামিত অনুষ্ঠিত হোৱা AARP অধিৱেশনত ৰেড হেট ছ'চাইটিৰ বুথ।
২০১৫ চনত মিয়ামিত অনুষ্ঠিত হোৱা AARP অধিৱেশনত ৰেড হেট ছ'চাইটিৰ বুথ।ছবি: Whoisjohngalt · CC BY-SA 3.0

সংস্থাটোৰ স্থানীয় অধ্যায়ৰ প্ৰতিষ্ঠাপক বা নেত্ৰীক সাধাৰণতে "ৰাণী" বুলি কোৱা হয়।৮ ৫০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সদস্যসকলক "ৰেড হেটাৰ" বুলি কোৱা হয় আৰু সকলো অনুষ্ঠানতে ৰঙা টুপী আৰু বেঙুনীয়া ৰঙৰ সাজ-পোছাক পৰিধান কৰে। ৫০ বছৰৰ তলৰ এগৰাকী মহিলাও সংস্থাৰ সদস্য হ’ব পাৰে, কিন্তু ৫০ বছৰীয়া জন্মদিন পূৰণ নোহোৱালৈকে সংস্থাৰ অনুষ্ঠানলৈ গোলাপী ৰঙৰ টুপী আৰু লেভেণ্ডাৰ সাজ-পোছাক পৰিধান কৰিব লাগে। তেওঁলোকক “পিংক হেটাৰ” বুলি কোৱা হয়। তেওঁলোকৰ জন্মদিনৰ মাহত (বা সংস্থাৰ জন্ম মাহ এপ্ৰিলত) কোনো সদস্যই তেওঁৰ ৰং ওলোটাকৈ পিন্ধিব পাৰে, অৰ্থাৎ বেঙুনীয়া বা লেভেণ্ডাৰ টুপী আৰু ৰঙা বা গোলাপী ৰঙৰ সাজ-পোছাক।৯

কাৰ্যকলাপ

ৰঙা টুপী আৰু গোলাপী টুপী, উভয়েই গোটৰ সভাত প্ৰায়ে অতি আড়ম্বৰপূৰ্ণভাৱে সজোৱা টুপী আৰু আকৰ্ষণীয় ফেশ্বনৰ আনুষংগিক সামগ্ৰী, যেনে পাখিৰে তৈয়াৰী স্কাৰ্ফ পিন্ধে।১০১১

বেলেগ বেলেগ শাখাৰ ওপৰত নিৰ্ভৰ কৰি সংস্থাৰ অনুষ্ঠান বেলেগ বেলেগ হয় যদিও ৰেড হেটাৰসকলৰ মাজত সাধাৰণ কাৰ্যকলাপৰ ভিতৰত চাহ মেল আয়োজন কৰা, খেল খেলা, চিনেমা বা থিয়েটাৰৰ অনুষ্ঠানলৈ যোৱা আদি বিষয় অন্তৰ্ভুক্ত।১১

পৃথিৱীজুৰি সদস্যপদ

ৰেড হেট ছ’চাইটি বিশ্বৰ আন আন দেশলৈও বিয়পি পৰিছে। ২০১১ চনলৈকে আমেৰিকাত হাজাৰ হাজাৰ শাখা থকাৰ উপৰিও আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, কানাডা, ইকুৱেডৰ, ইংলেণ্ড, ফিনলেণ্ড, জাৰ্মানী, গ্ৰীচ, গুৱাম, আয়াৰলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, মেক্সিকো, নামিবিয়া নেদাৰলেণ্ড, নিউজিলেণ্ড, নৰৱে, পানামা, পেৰু, পুয়েৰ্টো ৰিকো, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা, ছুইডেন, টাইৱান, ট্ৰিনিদাদ ট'বাগো আৰু ৱেলছ আদি ঠাইত ছ’চাইটিৰ স্থানীয় শাখা আছে৷১২

তথ্যসূত্ৰ

  1. ↑ www.redhatsociety.com press release August 3, 2010. Online journal "Red Hatter Matters" Winter 2012, p.11
  2. ↑ Joseph, Jenny. (1999-11-01). Jenny Joseph on the popularity of her poem "Warning". The Lancet. পৃ. SIII30–SIII32
  3. ↑ Cooper, Sue Ellen. (2008). The Red Hat Society?: Fun and Friendship After Fifty. Grand Central Publishing. ISBN 978-0446548748
  4. ↑ Mary Jane Solomon. (October 22, 2004). Crimson Tide. The Washington Post
  5. ↑ Moving beyond the age of rules - Baltimore Sun. www.baltimoresun.com
  6. ↑ Vann, Korky. (July 16, 2007). Red Hat Society: Hats off to a celebration of friendship. The Hartford Courant
  7. ↑ DeSanto, John. (August 31, 2020). 845LIFE: Hats off to the Red Hat Society. Times Herald-Record
  8. ↑ Young, BJ. (2015-06-24). Red Hat Society Queens of the Crowned Jewels chapter holds annual meeting. CapeGazette.com. VillageSoup
  9. ↑ Nass, Shannon M. (2015-06-06). Red Hat Society goal: Change attitudes on aging women. Pittsburgh Post-Gazette
  10. ↑ Gray, Jessica. (2014-05-17). Why I Wear What I Wear: Carol Thompson. Great Falls Tribune
  11. ↑ Blum, Julie. (2015-06-21). Red Hatters celebrate fun, friendship at state convention. Columbus Telegram
  12. ↑ www.redhatsociety.com "Chapter Contact Search"

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেড হেট ছ’চাইটি” প্ৰবন্ধৰ সংশোধন ৪১৭১৫১ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।