কিংখাপ বা সিংখাপ হৈছে হৈছে সোণ, ৰূপ আৰু ৰেচমৰ সূতাৰে অলংকৃত কাপোৰ বোৱাৰ এক প্ৰাচীন ভাৰতীয় কলা। ইয়াক কিমখোৱাব, কামখাব, হিৰণ্য আৰু পুষ্পলতা নামেৰেও জনা যায়। ইয়াৰ অলংকৰণক কোৱা হয় জাৰ-বাফ্ট।১ অসমতো মধ্যযুগৰে পৰা কিংখাপৰ সাজ-পোছাক প্ৰচলিত হৈ আহিছে। কিমখোৱাব মূলতঃ পাৰ্ছী ভাষাৰ শব্দ। অসমীয়া ভাষাত এই শব্দটোৱে অপভ্ৰংশ হৈ কিংখাপ ৰূপ পায়। শব্দ ডট অৰ্গৰ মতে কিংখাপ হৈছে গুণাৰ বন কৰা এবিধ পাটৰ কাপোৰ।২ আনহাতে হিৰণ্য শব্দৰ অৰ্থ সোণ। কাপোৰ বোৱাৰ এই কলাক গুপ্ত যুগত পুষ্পলতা (ফুলেৰে গুঠা বস্ত্ৰ) বোলা হৈছিল।৩৪৫৬ মধ্যযুগত অসমৰ অভিজাত শ্ৰেণীৰ নাৰীয়ে কিংখাপৰ মেখেলা আদি পৰিধান কৰিছিল।৭ আহোম স্বৰ্গদেৱসকলেও মেজাংকৰি, গোমচেং আদিৰ লগতে কিংখাপেৰে তৈয়াৰী চোলা পৰিধান কৰিছিল।
নামকৰণ
কিংখাপৰ মূল কিমখোৱাব শব্দটো পাৰ্ছী ভাষাৰ পৰা উদ্ভৱ হৈছে। পাৰ্ছী ভাষাত কম-খোৱাব৮ শব্দৰ অৰ্থ হৈছে টোপনি কম হোৱা। কিংখাপৰ কাপোৰ ৰুক্ষ হোৱাৰ বাবে এই কাপোৰ পিন্ধিলে টোপনি কম হয় বুলি ধাৰণা কৰা হৈছিল। অন্য অৰ্থত, যি মানুহে এই কাপোৰ দেখা নাই তেওঁ ইয়াৰ বিষয়ে ন্যূনতম কল্পনাও কৰিব নোৱাৰে। সেয়ে ইয়াক কোৱা হয় 'কম-খোৱাব'।৯
কোনো কোনো সূত্ৰৰ মতে চীনা ভাষাত কিন শব্দৰ অৰ্থ সোণ আৰু পাৰ্ছী ভাষাত খোৱাব মানে হৈছে সপোন। গতিকে কিমখোৱাব শব্দই একেলগে সোণালী সপোনৰ সূতা অৰ্থ প্ৰকাশ কৰে।১০
প্ৰস্তুতকৰণ
সাধাৰণতে ৰেচমৰ কাপোৰত সোণালী বা ৰূপালী সূতাৰে ফুল তুলি কিংখাপৰ কাপোৰ প্ৰস্তুত কৰা হৈছিল। এই সূতাবিলাক কোনো কোনো সময়ত প্ৰকৃত সোণ বা ৰূপৰ সূতা আছিল যদিও অধিকাংশ সময়ত সোণ বা ৰূপৰ পানী চৰোৱা সূতা ব্যৱহাৰ কৰা হৈছিল।
কিমখোৱাব কলাত আৰৱ তথা পাৰ্ছী সংস্কৃতিৰ পৰশ দেখা পোৱা যায়। ইয়াক উলম্বভাৱে ৰাখি টেপেষ্ট্ৰী শৈলীত বোৱা হৈছিল। ধাতুৰ সূতাৰ সংযোজনৰ বাবে এই কাপোৰ আছিল গধুৰ। এইসমূহ মূলতঃ অভিজাত লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি বয়ন কৰা হৈছিল।৩ বিভিন্ন ফুল আদিৰ নক্সা পাট আদি ৰেচমৰ কাপোৰত ধাতৱ সূতাৰে তৈয়াৰ কৰা হৈছিল। অসমত কিংখাপৰ প্ৰচলন মোগলৰ আক্ৰমণৰ পিছৰ পৰা আৰম্ভ হয়। এই বস্ত্ৰসমূহৰ নক্সাত আহোম ৰাজত্বকালৰ প্ৰভাৱ দেখা যায়। কিংখাপ শৈলীৰ ৰজাদিনীয়া জনপ্ৰিয় নক্সাত মুখামুখিকৈ থকা দুটা সিংহ আৰু এটা ম'ৰা চৰাই দেখা গৈছিল।১১ বৰ্তমান সময়ৰ নক্সাসমূহৰ ভিতৰত গছা, চৰাই, পখিলা আদি প্ৰচলিত।
তথ্যসূত্ৰ
- ↑ Steingass, F. (2018-10-24). Persian-English Dictionary: Including Arabic Words and Phrases in Persian Literature. Routledge. পৃ. 614. ISBN 978-1-136-85241-1
- ↑ কিংখাপ. xobdo.org
- ↑ Qazi, Moin. (2014). Woven Wonders of the Deccan. Notion Press. ISBN 978-93-83808-62-5
- ↑ (2000). Students' Britannica India: I to M (Iblis to Mira Bai). Encyclopaedia Britannica (India). পৃ. 238
- ↑ Editors, Britannica; inc, Encyclopaedia Britannica. (2003). The New Encyclopaedia Britannica. Encyclopaedia Britannica. পৃ. 866. ISBN 978-0-85229-961-6
- ↑ (2008). Encyclopedia of India: I to Mira Bai. Encyclopaedia Britannica (India) Pvt. Limited. পৃ. 237. ISBN 978-81-8131-008-8
- ↑ কাঞ্চন দাস. (14 February 2023). as.vikaspedia.in. বিকাশপেডিয়া
- ↑ Shakespear, John. (1834). A Dictionary Hindustani and English. Parbury, Allen and C°. পৃ. 1367, 1368
- ↑ Yule, Henry; Burnell, A. C. (2013-06-13). Hobson-Jobson: The Definitive Glossary of British India. OUP Oxford. পৃ. 299. ISBN 978-0-19-164583-9
- ↑ KIMKHAB, KINKHAB. textilesofindia.in
- ↑ Menuolhoulie Kire. Motifs on Silks of Assam. www.dsource.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিংখাপ” প্ৰবন্ধৰ সংশোধন ৩৮৪৯০৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।