অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কবীৰ কলা মঞ্চ

কবীৰ কলা মঞ্চ এটা সাংস্কৃতিক সংগঠন আছিল, যাক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ পিছত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুণেত গঠন কৰা হৈছিল। সংগঠনটোৱে সংগীত, কবিতা আৰু নাটকৰ জৰিয়তে বৰ্ণবিভেদ-বিৰোধী আৰু গণতন্ত্ৰ-পোষক বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কবীৰ কলা মঞ্চ এটা সাংস্কৃতিক সংগঠন আছিল, যাক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ পিছত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত গঠন কৰা হৈছিল। সংগঠনটোৱে সংগীত, কবিতা আৰু নাটকৰ জৰিয়তে বৰ্ণবিভেদ-বিৰোধী আৰু গণতন্ত্ৰ-পোষক বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছিল।১ এই সংগঠনটোত শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰী লোক অন্তৰ্ভুক্ত আছিল, যিসকলে বস্তি আৰু ৰাজপথত প্ৰতিবাদী কবিতা আৰু নাট প্ৰদৰ্শন কৰিছিল।

ইতিহাস

২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ পিছত,১ কেইজনমান শিক্ষাৰ্থীয়ে একেলগ হৈ কবীৰ কলা মঞ্চ গঠন কৰে। সংগীত আৰু কবিতাৰ জৰিয়তে এই সাংস্কৃতিক গোটটোৱে সামাজিক অসমতা, নিপীড়িত শ্ৰেণীৰ শোষণ, কৃষকৰ আত্মহত্যা, কন্যা ভ্ৰূণহত্যা, দলিত হত্যাকাণ্ড আৰু বঢ়ি অহা দুৰ্নীতিবিৰোধী বিষয়সমূহ উত্থাপন কৰিছিল।

কবীৰ কলা মঞ্চৰ কিছুমান প্ৰদৰ্শন চলচিত্ৰ নিৰ্মাতা আনন্দ পাটৱৰ্ধনৰ তথ্যচিত্ৰ জয় ভীম কমৰেডত অন্তৰ্ভুক্ত কৰা হৈছিল।২৩

নক্সালপন্থীৰ সৈতে সম্পৰ্কৰ অভিযোগ

মহাৰাষ্ট্ৰ চৰকাৰে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত কবীৰ কলা মঞ্চৰ কৰ্মীসকলক “মাওবাদী” আৰু “নক্সালপন্থী” বুলি অভিযোগ তুলি গ্ৰেপ্তাৰ কৰিছিল। ২০১১ চনৰ মে’ মাহত মাওবাদী বা নক্সাল মতাদৰ্শ প্ৰচাৰ কৰাৰ অভিযোগত সংগীতশিল্পী আৰু কবিসকলৰ বিৰুদ্ধে এন্টি-টেৰ’ৰিজম স্কোৱাডে অভিযান চলায়, যাৰ ফলস্বৰূপে শীতল সাঠেসহ কবীৰ কলা মঞ্চৰ আন কেইজনমান সদস্য আত্মগোপন কৰিবলগীয়া হয়।৪৫

২০১৩ চনৰ ২ এপ্ৰিলত কবীৰ কলা মঞ্চৰ সদস্য শীতল সাতে আৰু তেওঁৰ স্বামী সচিন মালে মুম্বাইত আৰক্ষীৰ আগত আত্মগোপনৰ পৰা ওলাই আহে। তেওঁলোকে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ অস্বীকাৰ কৰি এই কাৰ্যক “আত্মসমৰ্পণ” বুলি গণ্য কৰিব নোৱাৰি বুলি দাবী কৰে। এইটো ঘটনা কবীৰ কলা মঞ্চৰ আন দুজন সদস্য দীপক ডেংলে আৰু সিদ্ধাৰ্থক বম্বে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছত ঘটে।৬৭ কিন্তু গৰ্ভৱতী হোৱাৰ পিছতো শীতল সাঠে আৰু তেওঁৰ স্বামীক তৎকালীনভাৱে আৰু পুনৰ ২০১৩ চনৰ ৪ জুনত মুম্বাই ছেচন আদালতে জামিন নাকচ কৰে।৮৯ শেষত ২০১৩ চনৰ ২৮ জুনত বম্বে উচ্চ ন্যায়ালয়ে মানৱীয় কাৰণত শীতল সাঠেৰ জামিন মঞ্জুৰ কৰে।১০

২০১৭ চনৰ ৩ জানুৱাৰীত কবীৰ কলা মঞ্চৰ অবশিষ্ট গ্ৰেপ্তাৰ হোৱা সদস্য — শচীন মালি, সাগৰ গোৰ্খে আৰু ৰমেশ ঘাইচৰ —ক ভাৰতৰ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।১১

২০২০ চনৰ ডিচেম্বৰ মাহত কবীৰ কলা মঞ্চৰ দুজন সদস্য সাগৰ গোৰ্খে আৰু ৰমেশ ঘাইচৰে বম্বে উচ্চ ন্যায়ালয়ত নিজৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনায়। আদালতত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই কয় যে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কাৰণ আছিল এনে গান গোৱা, যিবোৰত তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাটাও নীতিৰ সমালোচনা কৰিছিল। সংস্থাটোৱে আদালতত এই গানসমূহৰ অনুবাদ দাখিল কৰে, য’ত গৰুৰ মূত্ৰ পান কৰাৰ আহ্বান (ভাৰতত আয়ুষ মন্ত্ৰালয়ে প্ৰচাৰ কৰা এক অভ্যাস), প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ক বিদ্ৰূপ কৰা আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰাসকলৰ বাবে “নিধন অনিবাৰ্য” বুলি সতৰ্কবাণী দিয়া বক্তব্য অন্তৰ্ভুক্ত আছিল। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এই অনুবাদসমূহক হিংসাত্মক কাৰ্যকলাপ আৰু ষড়যন্ত্ৰৰ প্ৰমাণ হিচাপে আদালতত দাখিল কৰে।১২

কবীৰ কলা মঞ্চৰ সদস্যসকলৰ ওপৰত আক্ৰমণ

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনেৰ ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এনএফএআই) ত অভিনয় কৰাৰ পিছত অনুষ্ঠানটোৰ আয়োজকসকলৰ লগতে কেকেএমৰ সদস্যসকলক আক্ৰমণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে।১৩

তথ্যসূত্ৰ

  1. ↑ (২৮ মাৰ্চ ২০১০). Kabir Kala Manch creates awareness through dramatics. DNA India
  2. ↑ (২৮ জানুৱাৰী ২০১২). A film with a difference. The Hindu
  3. ↑ (২৮ এপ্ৰিল ২০১২). A Song that will be Sung. Tehelka
  4. ↑ (11 April 2012). Former FC girl student, now wanted for ‘Maoist’ links. Indian Express
  5. ↑ (20 April 2013). The thin line between dissent and rebellion: Why is a radical Dalit cultural group and its members being persecuted in Maharashtra?. Tehelka
  6. ↑ (5 May 2013). Democracy needs their song. The Hindu
  7. ↑ (3 April 2013). Two activists suspected to be naxals by ATS surrender near Vidhan Bhavan. Hindustan Times
  8. ↑ (15 June 2013). Why is this woman still in jail?. Tehelka
  9. ↑ (5 June 2013). Pregnant ‘Maoist sympathiser’ denied bail. Indian Express
  10. ↑ (28 June 2013). HC grants bail to suspected Naxal Sheetal Sathe. DNA India
  11. ↑ After Three Years in Jail, India's 'Most Dangerous' Singers Finally Make Bail. The Wire
  12. ↑ NIA Cites Kabir Kala Manch's Songs That Parody Modi, BJP to Justify Arrest of Singers. The Wire
  13. ↑ (২৪ আগষ্ট ২০১৩). ABVP thrashes FTII student for not saying ‘Jai Narendra Modi’. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাংস্কৃতিক কেন্দ্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবীৰ কলা মঞ্চ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫২১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।