অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

একে লিংগৰ অভিভাৱকত্ব

একে লিংগৰ অভিভাৱকত্ব বা ৰামধেনু পৰিয়াল সাধাৰণতে নাগৰিক মিলন, বা সমলিংগীয় বিবাহত আবদ্ধ থকা একে লিংগৰ দম্পতি (গে’, লেচবিয়ান, বা বাইছেক্সুৱেল) ব্যক্তিৰ দ্বাৰা সন্তান লালন-পালন কৰা কাৰ্য। সমলিংগী পিতৃ-মাতৃত্বৰ বিৰোধীসকলে যুক্তি দিয়ে যে ইয়াৰ ফলত সন্তানৰ ওপৰত কু প্ৰভাৱ পৰে।

হালনাগাদ: ১৮ মে’ ২০২৬ ৮৪৩ শব্দ · ৫ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

একে লিংগৰ অভিভাৱকত্ব বা ৰামধেনু পৰিয়াল১ সাধাৰণতে নাগৰিক মিলন, বা সমলিংগীয় বিবাহত আবদ্ধ থকা একে লিংগৰ দম্পতি (গে’, লেচবিয়ান, বা বাইছেক্সুৱেল) ব্যক্তিৰ দ্বাৰা সন্তান লালন-পালন কৰা কাৰ্য।

সমলিংগী পিতৃ-মাতৃত্বৰ বিৰোধীসকলে যুক্তি দিয়ে যে ইয়াৰ ফলত সন্তানৰ ওপৰত কু প্ৰভাৱ পৰে। কিন্তু বৈজ্ঞানিক গৱেষণাই নিয়মীয়াকৈ প্ৰমাণ কৰিছে যে লেচ্বিয়ান আৰু গে’ অভিভাৱকসকলে বিপৰীত লিংগী পিতৃ-মাতাৰ দৰে সক্ষম আৰু যোগ্য। লেচ্বিয়ান আৰু গে’ পিতৃ-মাতাৰ দ্বাৰা লালিত-পালিত সন্তানসকল মানসিকভাৱে সুস্থ আৰু সমলিংগী পিতৃ-মাতাৰ সন্তানে বিপৰীত লিংগী পিতৃ-মাতাৰ সন্তানেৰ দৰে ভালদৰে চলিব পাৰে।২৩

প্ৰধান চিকিৎসা, মনোবৈজ্ঞানিক, মানসিক বিশেষজ্ঞ, মনোবিশ্লেষক, শিশুৰোগ বিশেষজ্ঞ, থেৰাপিষ্ট আৰু সমাজকৰ্মী সংগঠনসমূহে এই বিষয়ত কোনো বিশ্বাসযোগ্য পৰীক্ষামূলক গৱেষণা পোৱা নাই যিয়ে একে লিংগৰ অভিভাৱকত্বৰ বিপৰীত ফলাফল প্ৰদৰ্শন কৰে।

প্ৰকাৰ

বহু লেচ্বিয়ান, গে', বাইছেক্সুৱেল, আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তি অভিভাৱক হিচাপে আছে। উদাহৰণস্বৰূপে, ২০০০ চনৰ আমেৰিকাৰ জনগণনা অনুসৰি, মহিলা সমলিংগী দম্পতিসমূহৰ ৩৩ শতাংশ আৰু পুৰুষ সমলিংগী দম্পতিসমূহৰ ২২ শতাংশে নিজৰ ঘৰত অন্তত এজন কণমানি (১৮ বছৰৰ তলৰ) সন্তান থকা বুলি জনাইছিল।৪ ২০০৫ চনৰ তথ্যানুসৰি, আনুমানিক ২৭০,৩১৩ শিশু আমেৰিকা যুক্তৰাষ্ট্ৰত সমলিংগী দম্পতিসমূহৰ পৰিয়ালত বাস কৰে।৫

সন্তান তুলি লোৱা

বিশেষভাৱে লক্ষ্যণীয় যে, এলজিবিটি ব্যক্তিসকলৰ বাবে সন্তান তুলি লোৱা সাধাৰণতে পৰিয়াল গঠনৰ প্ৰথম পছন্দ, আৰু বিপৰীত লিংগী ব্যক্তিসকলৰ বাবে ই সাধাৰণতে অন্তিম বিকল্প হয়। লগতে, গৱেষণাই দেখুৱাইছে যে, এলজিবিটি অভিভাৱকসকলে বিপৰীত লিংগী অভিভাৱকসকলৰ দৰে সক্ষম আৰু যোগ্য, আৰু তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সু-সমন্বিত সন্তান লালন-পালন কৰিব পাৰে।

কিন্তু, সমলিংগী সকলে সন্তান তুলি লোৱাৰ ওপৰত বহুতো সামাজিক চাপ থাকে, বিশেষকৈ হেটেৰ’ন’ৰ্মেটিভ লিংগভিত্তিক ভুমিকাত খাপ খুৱাই লৈ কৰা দাবী। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত সন্তান তুলি লোৱা সংস্থাসমূহে এই ধৰণৰ মানদণ্ড আৰু নিয়ম অধিক উৎসাহিত কৰে। ফলস্বৰূপে, সমলিংগী ব্যক্তিসকলে নিজৰ যৌন অভিমুখীতাক লুকুৱাবলৈ বা লঘুৱাই দেখুৱাবলৈ বাধ্য হয়, যাতে তেওঁলোকে অধিক "উপযুক্ত" আৰু "বৈধ" অভিভাৱক হিচাপে বিবেচিত হয়।

যদি সন্তান তুলি লোৱা সংস্থা আৰু এলজিবিটি ব্যক্তিসকলৰ মাজত থকা কুসংস্কাৰ দূৰ কৰা হয়, তেন্তে দুই পক্ষৰ মাজত এক পৰস্পৰ সহায়ক সম্পৰ্ক গঢ়ি উঠিব পাৰিলহেঁতেন। ইয়াৰ ফলত, সন্তান তুলি লোৱা প্ৰক্ৰিয়াৰ সময়ছোৱাত এলজিবিটি ব্যক্তিসকলৰ মানসিক চাপ কমাব কৰিব পাৰিব। তদুপৰি, গৱেষণাই সমৰ্থন জনাই যে, “এলজিবিটি ব্যক্তিসকলক শিশুকল্যাণ প্ৰণালী আৰু সন্তান তুলি লোৱা সংস্থাসমূহে অতি মূল্যবান সম্পদ হিচাপে গণ্য কৰা উচিত।”

চাৰ'গেচি

মূল প্ৰবন্ধ: চাৰ'গেচি

কিছুমান এলজিবিটি দম্পতিয়ে চাৰ'গেচিৰ জৰিয়তে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয়। এজন চাৰ'গেট সেই ব্যক্তি যিজনে শুক্রাণুৰ দ্বাৰা নিষিক্ত ডিম্বাণু বহন কৰে আৰু শিশু জন্ম দিবলৈ অন্য এজনক অভিভাৱক হিচাপে দিয়াৰ স্পষ্ট অভিপ্ৰায় থাকে। ডিম্বাণু আৰু শুক্রাণু চাৰ'গেট ব্যক্তিৰ, দাতা ব্যক্তিৰ, বা উদ্দেশ্যযুক্ত অভিভাৱকৰ হ’ব পাৰে। জেষ্টেচনেল কেৰিয়াৰ হৈছে চাৰ'গেটৰ এক প্ৰকাৰ, যিয়ে এনে ভ্ৰূণ বহন কৰে, যাৰ সৈতে তেওঁৰ কোনো জিনগত সম্পৰ্ক নাথাকে। এক গৱেষণাই সুচাই যে, জেষ্টেচনেল কেৰিয়াৰ ব্যৱহাৰৰ সফলতাৰ হাৰ তেওঁলোকৰ তুলনাত বেছি, যিয়ে নিজৰ ডিম্বাণু ব্যৱহাৰ কৰে।৬

কিছুমান ব্যক্তি টকাৰ বাবে চাৰ'গেট হয়, আনহাতে কিছুমানে মানৱসেৱাৰ অভিপ্ৰায়েৰে বা দুয়োটা কাৰণতে এইটো কৰে।৭ চাৰ'গেচি ব্যৱহাৰ কৰা অভিভাৱকসকল সমাজৰ কটাক্ষৰ সন্মুখীন হ’ব পাৰে, আৰু এই প্ৰক্ৰিয়াটো বিভিন্ন সমালোচনাৰ সন্মুখীন হয়।৮ কিছুমান ঘটনাত দেখা গৈছে যে, অভিভাৱকসকলক তেওঁলোকৰ চাৰ'গেট ব্যক্তিক কিমান টকা দিয়া হৈছে তাৰ বিষয়ে বিভ্ৰান্ত কৰা হয়, যাৰ ফলত বাণিজ্যিক চাৰ'গেচিৰ নৈতিকতা লৈ প্ৰশ্ন উঠিছে।৯ নিষিক্তকৰণ (Insemination)

কৃত্ৰিম নিষিক্তকৰণ

মূল প্ৰবন্ধ: Artificial insemination

নিষিক্তকৰণ (Insemination) গৰ্ভধাৰণৰ এটা তুলনামূলক কম আক্রমণাত্মক (non-invasive) পদ্ধতি। যিসকল দম্পতীৰ অন্তত এজনৰ গৰ্ভাশয় আৰু ডিম্বাশয় আছে আৰু বন্ধ্যাত্বৰ সমস্যা নাই, তাত দাতা শুক্রাণুৰ দ্বাৰা নিষিক্তকৰণ গৰ্ভধাৰণৰ প্ৰথম পদ্ধতি হিচাপে বিবেচিত হ’ব পাৰে।১০

নিষিক্তকৰণ হৈছে এনে প্ৰক্ৰিয়া য’ত এজন গৰ্ভাশয় আৰু ডিম্বাশয় থকা ব্যক্তিক দাতা শুক্রাণুৰ সহায়ত নিষিক্ত কৰা হয়। এইটো ঘৰতে যোনিৰ ভিতৰত (intravaginal) হ’ব পাৰে, অথবা চিকিৎসা কেন্দ্ৰত ইন্ট্ৰাউটেৰাইন ইনসেমিনেচন (IUI) পদ্ধতিৰ জৰিয়তে কৰিব পাৰি।১০

দাতা শুক্রাণু সমূহ শুক্রাণু বেংক, পৰিয়ালৰ সদস্য, বন্ধু, বা পৰিচিত এগৰাকীৰ পৰা আহিব পাৰে। যিসকলে চিনাক্ত দাতাৰ শুক্রাণু ব্যৱহাৰ কৰি গৰ্ভধাৰণ কৰিবলৈ থিৰাং কৰে, তেওঁলোকে সাধাৰণতে দাতাৰ অভিভাৱকত্বৰ দায়িত্ব আৰু অধিকাৰ সম্বন্ধীয় আইনী চুক্তি কৰিবলগীয়া হয়।১০ আমেৰিকাত এইটো ৰাজ্যভেদে ভিন্ন হয়। কিছুমান ৰাজ্যত দাতাক তেওঁলোকৰ অভিভাৱকত্বৰ অধিকাৰ ত্যাগ কৰিবলৈ চিকিৎসা কেন্দ্ৰৰ জৰিয়তে দান কৰিব লাগে, আন ৰাজ্যত গৰ্ভধাৰণৰ পূৰ্বে এক লিখিত চুক্তি যথেষ্ট হয়।১১

কিছুমান ব্যক্তিয়ে মানৱসেৱাৰ উদ্দেশ্যে শুক্রাণু দান কৰে, আনহাতে কিছুমানে আৰ্থিক লাভৰ বাবে বা দুয়োটা উদ্দেশ্যে কৰে। কিছুমান দেশত দাতা ব্যক্তিৰ গোপনীয়তা ৰাখিব পাৰি (যেনেকৈ স্পেইনত) আৰু কিছুমান দেশত (যেনেকৈ সংযুক্ত ৰাজ্যত) দাতাৰ পৰিচয় লুকুৱাব নোৱাৰি। গ্ৰীচত সমলিংগী মাতৃসকলৰ অভিজ্ঞতা সম্পৰ্কে এক অধ্যয়নে কৈছে, “গ্ৰীচত সমলিংগী মহিলাসকলক IVF (ভিট্ৰো নিষিক্তকৰণ) সুবিধা নাথাকে, কিন্তু অবিবাহিত মহিলাসকলক চিকিৎসা সংক্ৰান্ত কাৰণত এই সুবিধা দিয়া হয়।”১২

ৰেচিপ্ৰ'কেল আইভিএফ (Reciprocal IVF)

মূল প্ৰবন্ধ: ৰেচিপ্ৰ'কেল আইভিএফ

ৰেচিপ্ৰ'কেল আইভিএফ, যাক Co-IVF বুলিও কোৱা হয়, এই প্ৰক্ৰিয়াই দম্পতিসকলক জৈৱিক মাতৃত্ব বা পিতৃত্ব ভাগ-বতৰা কৰিবলৈ সক্ষম কৰে। ৰেচিপ্ৰ'কেল আইভিএফ সেইসকল দম্পতিয়ে ব্যৱহাৰ কৰে য'ত অন্ততঃ এজন অংশীদাৰে ডিম্বাণু থাকে আৰু আনজনৰ গৰ্ভাশয় থাকে। ৰেচিপ্ৰ'কেল আইভিএফত, এজন অংশীদাৰে নিজৰ ডিম্বাণু ভাগ-বতৰা কৰে। এই অংশীদাৰজনে হৰমোনেল উত্তেজনা আৰু মনিটৰিংৰ সৈতে ডিম্বাণু উত্তোলনৰ প্ৰক্ৰিয়াৰ মাজেৰে যায়।১৩

গৰ্ভধাৰণ কৰা অংশীদাৰে ভ্ৰূণ গ্ৰহণ কৰে। এই অংশীদাৰজনে হৰমোনেল চিকিত্সা, ছন'গ্ৰাফিক মনিটৰিং, আৰু একাধিক ভ্ৰূণ স্থানান্তৰণৰ দৰে চিকিৎসাসমূহ লাভ কৰিব পাৰে।১৩

দম্পতিসকলে ডিম্বাণু প্ৰদানকাৰী বা গৰ্ভধাৰণ কৰা অভিভাৱক হিচাপে নিজৰ ভূমিকা নিৰ্ধাৰণ কৰিব পাৰে। এই নিৰ্ণয় জৈৱিক কাৰণ (যেনে বন্ধ্যাত্ব) বা ব্যক্তিগত কাৰণ (যেনে গৰ্ভৱতী হোৱাৰ ইচ্ছা) অনুসৰি কৰিব পাৰি।১০ কিছুমান ক্ষেত্ৰত, উভয় অংশীদাৰই ডিম্বাণু ভাগ-বতৰা কৰা প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে, তাৰ পিছত সেই ডিম্বাণুবোৰ মিশ্ৰিত, নিষিক্ত, কৰি গৰ্ভাশয়ত স্থাপন কৰা হয়।১৪

এই পদ্ধতিয়ে দম্পতিসকলক এজন জৈৱিক সন্তান লাভ কৰাৰ সুবিধা প্ৰদান কৰে, য'ত কেৱল এটা অংশীদাৰ জিনগতভাৱে সম্পৃক্ত হৈ থকা নাথাকে। আনহাতে, কিছুমান দম্পতিয়ে ডুয়েল-পাৰ্টনাৰ গৰ্ভধাৰণ (Dual Partner Conception) পদ্ধতি গ্ৰহণ কৰে, য'ত দুয়ো অংশীদাৰে পালোপাল গৰ্ভধাৰণ আৰু ডিম্বাণু প্ৰদান কৰে। এনে বিশেষ ধৰণৰ প্ৰক্ৰিয়াত, দুয়ো অংশীদাৰ গৰ্ভধাৰণ আৰু জিনগতভাৱে সন্তানৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ লাভ কৰে।১০

গৱেষণা চলি থকা প্ৰক্ৰিয়া

মূল প্ৰবন্ধ: এলজিবিটি প্ৰজনন

বৰ্তমান বিজ্ঞানীসকলে বিকল্প ধৰণৰ মানুহৰ মাতৃত্ব-পিতৃত্বৰ ওপৰত গৱেষণা কৰিছে, যিয়ে সমলিঙ্গ দম্পতিসকলক সন্তান পোৱাৰ সুবিধা প্ৰদান কৰিব পাৰে।১৫ এজন সম্ভাৱনা হৈছে ত্বককোষৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰা।১৬ এই পদ্ধতিটোক ইন ভিট্ৰো গামেটজেনেছিস (In Vitro Gametogenesis) বুলি কোৱা হয়, আৰু ইয়াৰ উদ্দেশ্য হৈছে প্রাপ্তবয়স্ক কোষবোৰক পুনঃপ্ৰগ্ৰাম কৰি সেয়া শুক্ৰাণু আৰু ডিম্বাণু কোষৰ দৰে কাৰ্য কৰিবলৈ প্ৰস্তুত কৰা।১৭ এই প্ৰক্ৰিয়া এতিয়ালৈকে মানুহৰ ওপৰত কৰা হোৱা নাই, কিন্তু এই পদ্ধতিটোৰ ওপৰত নৈতিক চিন্তা-ভাবনা আগবঢ়োৱা হৈছে। কিছুমান ব্যক্তিয়ে ইয়াক ইউজেনিক্স (জাতিগত শুদ্ধতা)ৰ পৰিপ্ৰেক্ষিতত চিন্তা কৰিছে, কাৰণ এই পদ্ধতিটো মানুহৰ কোষৰ ওপৰত অধিক নিয়ন্ত্ৰণ দিয়াৰ সম্ভাৱনা সৃষ্টি কৰে, যাৰ দ্বাৰা সন্ততিসকলৰ জিনগত গুণাবলী নিয়ন্ত্ৰণ কৰিব পাৰিব। তেন্তে, এই পদ্ধতিয়ে অভিভাৱকসকলক তেওঁলোকৰ সন্ততিসকলৰ স্বাস্থ্যৰ বিপদজনক যিকোনো সমস্যাৰ পৰা বাচিবলৈ নিশ্চিত কৰিবলৈ সহায় কৰিব, যিয়ে সু স্বাস্থ্যৰ সৈতে শিশুবোৰ সৃষ্টি কৰা সহজ কৰিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Hočevar, Andreja. (2014-09-02). Children in rainbow families. Annual of Social Work. পৃ. 83
  2. ↑ Manning, Wendy D.; Fettro, Marshal Neal; Lamidi, Esther. (2014-08-01). Child Well-Being in Same-Sex Parent Families: Review of Research Prepared for American Sociological Association Amicus Brief. Population Research and Policy Review. পৃ. 485–502
  3. ↑ (December 2017). What does the scholarly research say about the well-being of children with gay or lesbian parents?
  4. ↑ APA Policy Statement on Sexual Orientation, Parents & Children, American Psychological Association, July 28 & 30, 2004. Retrieved on 04-06-2007
  5. ↑ Williams Institute: Census Snapshot – United States
  6. ↑ Perkins, Kiran M.; Boulet, Sheree L.; Jamieson, Denise J. (2016-08-01). Trends and outcomes of gestational surrogacy in the United States. Fertility and Sterility. পৃ. 435–442.e2
  7. ↑ For Gay Men: Becoming a Parent through Surrogacy
  8. ↑ Gahan, Luke (2017) "Separated Same-Sex Parents' Experiences and Views of Services and Service Providers," Journal of Family Strengths: Vol. 17: Iss. 2, Article 2. Available at: digitalcommons.library.tmc.edu/jfs/vol17/iss2/2
  9. ↑ Birthstory. Radiolab Podcasts · WNYC Studios
  10. ↑ Pang, Samuel C. (September 1, 2017). The Boston IVF Handbook of Infertility: A Practical Guide for Practitioners Who Care for Infertile Couples. CRC Press. ISBN 9781351241472
  11. ↑ Goldberg, Naomi G.; Hasenbush, Amira. (2020-11-19). Family Law and Policy for LGBTQ Individuals and Families: Adoption, Foster Care, Assisted Reproduction, and Parental Rights. Oxford Research Encyclopedia of Politics. ISBN 978-0-19-022863-7
  12. ↑ Voultsos, Polychronis; Zymvragou, Christina-Erato; Raikos, Nikolaos. (2019-01-02). Lesbians' experiences and attitudes towards parenthood in Greece. Culture, Health & Sexuality. পৃ. 108–120
  13. ↑ Yeshua, Arielle; Lee, Joseph A.; Witkin, Georgia. (June 2015). Female Couples Undergoing IVF with Partner Eggs (Co-IVF): Pathways to Parenthood. LGBT Health. পৃ. 135–139
  14. ↑ Brandão, Pedro; Ceschin, Nathan. (2023-04-10). Lesbian shared IVF: the ROPA method: a systematic review. Porto Biomedical Journal. পৃ. e202
  15. ↑ (9 December 2010). Breakthrough raises possibility of genetic children for same-sex couples
  16. ↑ Stem Cells and Same Sex Reproduction
  17. ↑ Center, Petrie-Flom. (2017-01-11). The Promise and Peril of Emerging Reproductive Technologies. The Petrie-Flom Center for Health Law Policy, Biotechnology, and Bioethics at Harvard Law School

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একে লিংগৰ অভিভাৱকত্ব” প্ৰবন্ধৰ সংশোধন ৬০৬৯২৯ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।