অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

খিচিৰি

খিচিড়ি বা খিচিৰি হৈছে দক্ষিণ এছিয়াৰ খাদ্যত চাউল আৰু মচুৰ দাইলৰ দ্বাৰা তৈয়াৰী এবিধ খাদ্য আৰু ইয়াৰ অসংখ্য সংস্কৰণ আছে। এই সংস্কৰণসমূহৰ ভিতৰত বাজৰা আৰু মগু দাইলৰ খিচিৰি অন্তৰ্ভুক্ত।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

খিচিড়ি বা খিচিৰি হৈছে দক্ষিণ এছিয়াৰ খাদ্যত চাউল আৰু মচুৰ দাইলৰ দ্বাৰা তৈয়াৰী এবিধ খাদ্য আৰু ইয়াৰ অসংখ্য সংস্কৰণ আছে। এই সংস্কৰণসমূহৰ ভিতৰত বাজৰা আৰু মগু দাইলৰ খিচিৰি অন্তৰ্ভুক্ত। ভাৰতীয় সংস্কৃতিত, কেইবাটাও অঞ্চলত বিশেষকৈ উত্তৰ অঞ্চলত ইয়াক কেঁচুৱাই খোৱা প্ৰথম কঠিন খাদ্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।১২৩

ব্যুৎপত্তি আৰু বানান

খিচিড়ি শব্দটো৪৫ সংস্কৃত खिच्चा-ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ'ল এব্বিধ চাউল আৰু মাহজাতীয় শস্যৰ খাদ্য।৬

ইতিহাস

গ্ৰীক ৰজা চেলিউকাছে ভাৰত (খ্ৰীষ্টপূৰ্ব ৩০৫-৩০৩) অভিযানৰ সময়ত, দাইলযুক্ত চাউল ভাৰতীয় উপমহাদেশৰ মানুহৰ মাজত অতি জনপ্ৰিয় বুলি উল্লেখ কৰিছিল।৩ গ্ৰীক দাৰ্শনিক, ভূগোলবিদ আৰু ইতিহাসবিদ ষ্ট্ৰেবোৱে এইটোও লক্ষ্য কৰিছে যে ভাৰ৭ তীয় খাদ্য মূলতঃ চাউলৰ মণ্ড আৰু চাউলৰ পৰা তৈয়াৰী পানীয়ৰে গঠিত আছিল, যাক বৰ্তমান আৰাক বুলি কোৱা হয়। মৰক্কোৰ ভ্ৰমণকাৰী ইবন বাট্টুতাই ১৩৫০ চনৰ আশে-পাশে তেওঁ ভাৰতত থকাৰ সময়ছোৱাত খিচিৰিক চাউল আৰু মগু দাইলেৰে তৈয়াৰী খাদ্য হিচাপে উল্লেখ কৰিছে।৮ খিচিৰিৰ বৰ্ণনা পঞ্চদশ শতিকাত ভাৰত উপমহাদেশলৈ অহা ৰাছিয়ান অভিযাত্ৰী আফনাছি নিকিটিনৰ লেখাত পোৱা যায়। ই মোগলসকলৰ মাজত বিশেষকৈ জাহাংগীৰৰ অতি প্ৰিয় আছিল। মোগল সম্ৰাট আকবৰৰ ৱজিয়াৰ আবু'ল ফজলে লিখা ১৬ শতিকাৰ আইন-ই-আকবাৰী নামৰ নথিখনত খিচিৰিৰ ৰেচিপিৰ কথা উল্লেখ কৰা হৈছে, য'ত সাতটা সংস্কৰণ দিয়া হৈছে।৯ আকবৰ আৰু তেওঁৰ দৰবাৰৰ উপদেষ্টা বীৰবলক লৈ খিচিড়িৰ এক আখ্যানমূলক কাহিনী আছে।১০

ইংৰাজ-ভাৰতীয় খাদ্য কেডগেৰী খিচিৰিৰ পৰা উৎপন্ন বুলি ভবা হয়।১১১২

আঞ্চলিক ভিন্নতা

খিচিৰি সমগ্ৰ ভাৰতীয় উপমহাদেশ অৰ্থাৎ বাংলাদেশ, পাকিস্তান, নেপাল আৰু শ্ৰীলংকাৰ অতি জনপ্ৰিয় খাদ্য। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, তেলেংগানা, মধ্যপ্ৰদেশ, গুজৰাট, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ, অসম, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ আদি ৰাজ্যতো এই খাদ্য ব্যাপকভাৱে প্ৰস্তুত কৰা হয়।১৩ ফুলকবি, আলু, সেউজীয়া মটৰ আদি পাচলি সাধাৰণতে ইয়াত যোগ কৰা হয়।

মূলতঃ উত্তৰ/উত্তৰ-পশ্চিমৰ পৰা অহা হিন্দুসকলে উপবাসৰ সময়ত শস্য খোৱাৰ পৰা বিৰত থাকে, তেওঁলোকে চাগুৰ পৰা তৈয়াৰী চাবুদানা খিচিৰি খায়।১৪১৫ ভাৰতৰ দক্ষিণ অংশত অৱশ্যে খিচিৰি শব্দটো ইমান জনপ্ৰিয় নহয়। তামিলনাডু আৰু অন্ধ্ৰ অঞ্চলৰ মানুহে পংগল, আৰু কানাড়িগাসকলে হুগ্গি প্ৰস্তুত কৰে যিটো হৈছে মগু দাইল খিচিৰি আৰু বিছি বেলে ভাত।

খিচিৰি আছিল এংলো-ইণ্ডিয়ান কেডগেৰীৰ প্ৰেৰণা।১১১৬ হাৰিয়ানাৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত খিচিৰি জনপ্ৰিয় পৰম্পৰাগত খাদ্য। হাৰিয়ানৱী খিচিড়ি পাৰ্ল বাজৰা আৰু মগু দালিৰ পৰা উড়ালত গুড়ি কৰি তৈয়াৰ কৰা হয়, আৰু প্ৰায়ে গৰম ঘিঁউ বা লাচী, আনকি দৈৰ সৈতে মিহলাই খোৱা হয়।১৭১৮১৯ কেতিয়াবা বাজৰা আৰু মগু দাইলৰ লগতো জোৱাৰ মিহলাই দিয়া হয়ত।১৯

তেলেংগানা, মাৰাথৱাড়া আৰু কল্যাণা-কৰ্ণাটক অঞ্চলৰ পূৰ্বৰ হায়দৰাবাদ ৰাজ্যৰ হায়দৰাবাদী মুছলমান সম্প্ৰদায়ে খিচিডিক পুৱাৰ সাধাৰণ খাদ্য হিচাপে তৈয়াৰ কৰে আৰু হায়দৰাবাদী খাদ্যৰ ই এক গুৰুত্বপূৰ্ণ অংশ।২০ এই খাদ্যক খিচিৰি, খীমা বা খট্টা বুলি কোৱা হয়।২১

আমিষ খাদ্য হালীমৰ সৈতে মিল থকাৰ বিপৰীতে খিচৰা হৈছে চাউল আৰু দালি বা মচুৰ দাইলৰ সৈতে নিৰামিষ খাদ্য, য'ত কোনো মছলা নাথাকে।২২

তথ্যসূত্ৰ

  1. ↑ IANS. (2016-02-15). Gujarati khichdi rocks Masterchef, thanks to Indian American chef. The Hans India See MasterChef (American season 6)
  2. ↑ (23 June 2022). Khichdi Indian Recipe. indianhealthyrecipes.com Swasthi Recipes
  3. ↑ Gandhi, Malar. (15 April 2012). Khichdi–A Comfort Food – India Currents
  4. ↑ McGregor. (1997). The Oxford Hindi-English Dictionary. Oxford University Press. পৃ. 237. ISBN 978-0-19-864339-5
  5. ↑ (2021-07-17). Tale of the humble ‘Khichdi’. The Times of India
  6. ↑ Monier-Williams, Monier. (1995). A Sanskrit-English Dictionary. Motilal Banarsidass. পৃ. 339. ISBN 81-208-0065-6
  7. ↑ Reddy, Anjana. (2016). Archaeology of Indo-Gulf Relations in the Early Historic Period: The Ceramic Evidence. Manohar Publishers. পৃ. 68. ISBN 978-93-5098-143-6
  8. ↑ Husain, Mabdi. (1976). Rehla of Ibn Battuta. Internet Archive
  9. ↑ Recipes for Dishes Ain-i-Akbari, by Abu'l-Fazl ibn Mubarak. English tr. by Heinrich Blochmann and Colonel Henry Sullivan Jarrett, 1873–1907. The Asiatic Society of Bengal, কলিকতা, Volume I, Chapter 24, page 59. "3. K'hichri. Rice, split dal, and ghee 5 s. of each; ⅓ s. salt: this gives seven dishes."
  10. ↑ Cooking The Khichdi is one of Birbal Stories.. English for Students
  11. ↑ Anne Chotzinoff Grossman and Lisa Grossman Thomas (1997) Lobscouse and Spotted Dog; Which It's a Gastronomic Companion to the Aubrey/Maturin Novels, Norton, p. 12
  12. ↑ Smith, Delia. Buttery Kedgeree. Delia Smith's Complete Cookery Course
  13. ↑ Chatterjee, Priyadarshini. (2017-02-10). From Kashmir to Karnataka, khichdi is the one true underestimated food of India. Scroll.in
  14. ↑ Sean Williams, 2015, "The Ethnomusicologists' Cookbook, Volume II: Complete Meals from around the world", Routledge Taylor & Francis group, page 37
  15. ↑ Uma Aggarwal, 2009, "The Exquisite World of Indian Cuisine", Allied Publications, page 106
  16. ↑ Chatterjee, Rhitu. (2017-07-20). 'Khichuri': An Ancient Indian Comfort Dish With A Global Influence. NPR
  17. ↑ 1912, "Haryana District Gazetteers: Delhi district gazetteer", ভাৰত চৰকাৰ Gazetteers Organisation, Page 90
  18. ↑ 1987, "Haryana District Gazetteers: Hisar", Government of Haryana publication, Page 65
  19. ↑ Charmaine O' Brien, 2013, "The Penguin Food Guide to India", Penguin Books Penguin Books
  20. ↑ (2013-02-15). Hyderabadi Brunch: Khichdi Khatta Kheema. talkistania
  21. ↑ (28 April 2013). My Kitchen's Aroma: Khichdi Keema Khatta. mykitchenaroma.blogspot.ca
  22. ↑ Haleem/Khichda - Wheat berries, Meat and Lentils Porridge. journeykitchen

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খিচিৰি” প্ৰবন্ধৰ সংশোধন ৫৪৯৫৪০ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।