কিৰিবাথ (Kiribath) চাউলৰ পৰা তৈয়াৰী শ্ৰীলংকাৰ এক পৰম্পৰাগত খাদ্য। ইয়াক নাৰিকলৰ গাখীৰ(ৰস)ৰ সৈতে চাউল সিজাই প্ৰস্তুত কৰা হয়; সেয়ে এইবিধক কিৰিবাথ নাম দিয়া হয় আৰু ইয়াক চাউলৰ পিঠা বা চাউলৰ পুডিঙৰ এটা প্ৰকাৰ বুলি ধৰিব পাৰি।১ শ্ৰীলংকাৰ খাদ্যত কিৰিবাথ এক অপৰিহাৰ্য খাদ্য। ইয়াক প্ৰতি মাহৰ প্ৰথম দিনটোত ৰাতিপুৱাৰ জলপানত পৰিৱেশন কৰা হয়৷ কিৰিবাথৰ অতিৰিক্ত তাৎপৰ্য্য হ’ল যে, ইয়াক মানুহৰ জীৱনৰ যিকোনো শুভ মুহূৰ্তত খোৱা হয় যিবোৰে জীৱনৰ পৰিৱৰ্তনৰ সময় চিহ্নিত কৰে।২৩ ই শ্ৰীলংকাৰ অধিক বিখ্যাত পৰম্পৰাগত খাদ্যসমূহৰ ভিতৰত অন্যতম।৪
ব্যুৎপত্তি
কিৰিবাথ শব্দটো সিংহলী ভাষাৰ স্বচ্ছ অৰ্থৰ দুটা শব্দৰ যোগত সৃষ্টি হৈছে৷ সিংহলী ভাষাত ’কিৰি’ (කිරි)ৰ অৰ্থ "গাখীৰ" আৰু ’বাথ’ৰ ( බත්)ৰ অৰ্থ "ভাত"।
ইতিহাস
কিৰিবাথৰ উৎপত্তিৰ সময় স্পষ্ট নহয় যদিও এই খাদ্য শ্ৰীলংকাৰ বাবে অনন্য যেন লাগে।৫ প্ৰচলিত বিশ্বাসমতে কোৱা হয় যে, সুজাতাই গৌতম বুদ্ধই জ্ঞান লাভ কৰাৰ ঠিক আগতে বোধি গছৰ তলত ধ্যান কৰি থকাৰ সময়ত গৌতম বুদ্ধক এই কিৰিবাথ আগবঢ়াইছিল।৩৬৭
উপলক্ষ্য
সিংহলী ঘৰত আৰু সিংহলীসকলৰ বন্ধৰ দিনত অনুষ্ঠান পালনৰ সময়ত কিৰিবাথে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই খাদ্যৰ দ্বাৰা উৎসৱ বা শুভ অনুষ্ঠান উদযাপন কৰা হয় আৰু ই জীৱনৰ নতুন দিক নিৰ্ণয় বা পৰিৱৰ্তনৰ আৰম্ভণিৰ প্ৰতীক।৬ পৰম্পৰাগতভাৱে ইয়াক প্ৰতি মাহৰ প্ৰথম দিনটোত প্ৰতি পৰিয়ালে পুৱাৰ জলপানত খায়।৭
নৱবৰ্ষ
সিংহলী নৱবৰ্ষ উদযাপনত সিংহলীসকলৰ বাবে কিৰিবাথৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে ইয়াক বছৰৰ প্ৰথম আহাৰ হিচাপে গ্ৰহণ কৰে৮৬ নতুন বছৰৰ আৰম্ভণিতে ঘৰৰ ভিতৰৰ ঘৰৰ মহিলাই এটা অগ্নিকুণ্ড জ্বলায় আৰু পৰম্পৰাগতভাবে পাত্ৰ এটাত কিৰিবাথ সিজাই লোৱা হয়। কেতিয়াবা এই অনুষ্ঠানৰ বাবে বিশেষভাৱে ৰখা চাউল ব্যৱহাৰ কৰা হয়, কিয়নো এই কিৰিবাথৰ বাবে উত্তম চাউলৰ প্ৰয়োজন হয়, যিটো সোৱাদৰ ক্ষেত্ৰত অনন্য হৈ উঠে। ৰন্ধা-বঢ়া শেষ হ’লে ধাৰাবাহিকভাৱে পালন আৰু আচাৰ-অনুষ্ঠান পালন কৰি বুদ্ধ আৰু আন দেৱতাক প্ৰসাদ অৰ্পণ কৰাৰ পিছত পৰিয়ালটোৱে খাবলৈ আৰম্ভ কৰে। পৰিয়ালটোৱে একেবিধ চাউলৰ পৰাই খায়, ইয়াৰ অৰ্থ, যেন প্ৰতীকীভাৱে বুদ্ধ আৰু দেৱতাৰ সৈতে একেলগে ভোজন কৰি আছে। সিংহলী নৱবৰ্ষৰ সময়ত বা আন যিকোনো বিশেষ অনুষ্ঠানত কিৰিবাথ খাদ্যৰ মূল বা কেন্দ্ৰীয় খাদ্য হিচাপে পৰিৱেশন কৰা হয়। টেবুলত কিৰিবাথৰ লগতে পৰম্পৰাগত মিঠাই যেনে কেভুম, কোকি, কল আৰু আন বহুতো সুস্বাদু খাদ্য পৰিৱেশন কৰা হয়। ইয়াৰ পিছত তেলৰ চাকি জ্বলোৱা হয় আৰু বছৰৰ প্ৰথম আহাৰ আৰম্ভ হয়।৯ কিৰিবাথ জীৱনৰ প্ৰতীক আৰু সেয়েহে পৰিয়ালৰ মুৰব্বীয়ে পিতৃ বা মাতৃয়ে পৰিয়ালৰ বাকীসকলক নতুন বছৰৰ বাবে তেওঁলোকৰ উত্তৰপুৰুষক কিৰিবাথ খুৱাই দিয়ে।১০
শিশুৰ ক্ষেত্ৰত
পৰম্পৰাগতভাৱে প্ৰথম কেঁচুৱাৰ মুখত দিয়া গোটা আহাৰ হৈছে কিৰিবাথ৷১১৬৭
বিয়াত
বিয়াৰ দিনা দৰাই কইনাক কিৰিবাথ খুৱাই দিয়ে।৬৭
উপাদান আৰু ৰন্ধন প্ৰকৰণ

উপাদান
কিৰিবাথ সাধাৰণতে চাৰিটা মূল উপাদানৰ পৰা প্ৰস্তুত কৰা হয়: বগা মিহি ধানৰ চাউল, ডাঠ নাৰিকলৰ ৰস বা গাখীৰ, পানী আৰু সোৱাদ অনুসৰি নিমখ।৬ পৰম্পৰাগতভাৱে ইয়াক মাৰযুক্ত আৰু আঠাযুক্ত চাউলৰ পৰা তৈয়াৰ কৰা হয়৷ ইয়াৰ নিৰপেক্ষ সোৱাদ আৰু ৰন্ধন গুণৰ বাবে ৰাথু হাল বা ৰাথু কাকুলু হাল নামেৰেও জনাজাত।
প্ৰস্তুতি
প্ৰথমে চাউলখিনি নাৰিকলৰ গাখীৰত সিজোৱা হয়, কেতিয়াবা আন উপাদান যেনে তিল বা কাজু যোগ কৰা হয়। কিৰিবাথ সাধাৰণতে কঠিন কৰি পৰিৱেশনৰ আগতে হীৰা বা বৰ্গক্ষেত্ৰৰ আকৃতিৰ টুকুৰাত কাটি লোৱা হয়।৬
ভোজন
কিৰিবাথ সাধাৰণতে জলকীয়াৰ গুড়ি, মালদ্বীপৰ মাছ, নিমখ আৰু চূণৰ সৈতে মিহলি কৰা ৰঙা পিঁয়াজৰ পৰা তৈয়াৰী লুনুমিৰিছৰ সৈতে পৰিবেশন কৰা হয়৷ ইয়াক চিনি চম্বল, গুড় আৰু কলৰ সৈতেও খাব পাৰি।১২ যদিও চামুচেৰে প্লেটত পৰিবেশন কৰা হয়, কিৰিবাথ পৰম্পৰাগতভাৱে লুনুমিৰিছৰ সৈতে মিহলি কৰিবলৈ হাতেৰে খোৱা হয়।১৩
তথ্যসূত্ৰ
- ↑ Sri Lanka: Food & Tropical Fruits. lankalibrary.com
- ↑ Culture of SRI LANKA. everyculture.com
- ↑ Milk Rice (Kiribath) – A Sri Lankan Tradition. A Hazelnut For My Gypsy Heart
- ↑ Sinhalese New Year Festival. info.lk
- ↑ Jaufer, Aaysha. (23 January 2017). What Makes A Sri Lankan Meal So Distinctive?
- ↑ Ramesh, Nisha. (16 February 2018). SRI LANKA: KIRIBATH. 196 Flavors
- ↑ (4 September 2015). Easy to make Milk Rice (Kiribath) in a rice cooker. Ammis Kitchen
- ↑ Lee, Jonathan H. X. (Ed); Nadeau, Kathleen M. (Ed). (2011). Encyclopedia of Asian American Folklore and Folklife, Volume 1. ABC-CLIO. পৃ. 1085. ISBN 9780313350665
- ↑ Wijesiri, Lionel. Preserving Avurudu traditions, a prime responsibility. Daily news
- ↑ Van Daele, Wim. The meaning of culture-specific food: rice and its webs of significance in Sri Lanka. Journal of Applied Anthropology. পৃ. 292–304
- ↑ Candappa, Rohan. (2010). Picklehead: From Ceylon to suburbia; a memoir of food, family and finding yourself. Random House. পৃ. 88. ISBN 9781407081342
- ↑ (18 July 2016). Everything You Need to Know About Sri Lankan Kiribath. THE FOODIE MILES
- ↑ (3 January 2017). How to make Kiribath (Sri Lankan Milk Rice). Island smile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰিবাথ” প্ৰবন্ধৰ সংশোধন ৪২৫১৭১ (৮ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।