অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কিণ্ডাৰগাৰ্টেন

তিনিৰপৰা সাত বছৰৰ বয়সৰ শিশু সকলৰ বাবে কিণ্ডাৰগাৰ্টেন (Kindergarten)-ৰ শ্ৰেণীসমূহ সজেৱা হয়। বিদ্যালয়সমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্ধদিন বা সম্পূৰ্ণদিনৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২৪ নৱেম্বৰ ২০১৯ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

তিনিৰপৰা সাত বছৰৰ বয়সৰ শিশু সকলৰ বাবে কিণ্ডাৰগাৰ্টেন (Kindergarten)-ৰ শ্ৰেণীসমূহ সজেৱা হয়। বিদ্যালয়সমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্ধদিন বা সম্পূৰ্ণদিনৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হয়। মাক-দেউতাক বা অভিভাৱক-অভিভৱিকাৰ অবিহনে বেছিভাগ শিশুক এটা গোটৰ ভিতৰত সামাজিক দক্ষতা বৃদ্ধিৰ বাবে ই হৈছে প্ৰথম সোপান। উদ্দেশ্য সম্পৰ্কত প্ৰায়ভাগ কিণ্ডাৰগাৰ্টেন অনুষ্ঠান সহমত যে শিশুসকলক সামাজিক দক্ষতা, উচ্চ আত্মসন্মান আৰু শিশুৰ শৈক্ষিক ক্ষমতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দিয়া হয়। কিণ্ডাৰগাৰ্টেন (Kindergarten) শব্দটো জাৰ্মান ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে- শিশুৰ বাগিছা (garden for children)।

ইতিহাস

মাৰ্গাৰেথ চুজে ১৮৫৬ চনত আমেৰিকাৰ ৱাটাৰটাউন, ৱিস্কঞ্চিনত কিণ্ডাৰগাৰ্টেন প্ৰতিস্থা কৰিছিল। ১৮৭৩ চনত এলিজাবেথ পীবডীয়ে বষ্টন চহৰত স্থাপন কৰিছিল। কিন্তু বিশ্বত প্ৰথম কিণ্ডাৰগাৰ্টেন প্ৰতিস্থাপক হিচাপে ফ্ৰেডৰিক্ ফ্ৰ'বেলক "কিণ্ডাৰগাৰ্টেনৰ পিতৃ" বুলি গণ্য কৰা হয়। কিয়নো, তেওঁ ১৮৩৭ চনত জাৰ্মানৰ কল্লিয়াৰ্ছত কিণ্ডাৰগাৰ্টেন ধাৰণাৰ উন্নতি সাধন কৰিছিল। তেখেতৰ উন্নত ধাৰণা আৰু প্ৰয়োগসমূহ বৰ্তমান সময়তো শ্ৰেণীসমূহত ব্যৱহাৰ হৈ আহিছে। তেওঁ দিয়া আদৰ্শ অনুসৰি শিশুসকলক খেলৰ যোগেদি শিক্ষা আহৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হয়। কিণ্ডাৰগাৰ্টেন হৈছে এনে এখন উপযুক্ত ঠাই য'ত শিশুসকলক পৰস্পৰৰ মাজত সামাজিক সংযুক্তকৰণেৰে ডাঙৰ-দীঘল হোৱা আৰু শিকিবলৈ দিয়া হয়।

ফ্ৰেডৰিক্ ফ্ৰ'বেলে কিণ্ডাৰগাৰ্টেনৰ পৰিৱেশ সম্পৰ্কে কেতবোৰ সূত্ৰ আৰু প্ৰয়োগ সন্নিৱিস্ট এখনি কিতাপ প্ৰণয়ন কৰিছিল, কিন্তু জাৰ্মানীৰ সাম্প্ৰদায়িকতাবাদী কিছুমান লোকে এই কিাতাপখন অগ্নিত নিক্ষেপ কৰে। তেওঁলোকে বিশ্বাস কৰা নাছিল যে শিশুসকলৰ শিক্ষাৰ বাবে খেলা-ধূলাৰ প্ৰয়োজন। তেওঁলোকে বিষয়টো অত্যুক্তি বুলি গণ্য কৰিছিল।

পোন প্ৰথমবাৰৰ বাবে কিণ্ডাৰগাৰ্টেনসমূহ দৰিদ্ৰ আৰু বিশেষভাবে প্ৰয়োজন থকা অঞ্চলৰ শিশুসকলৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। "এই সময়ত কিণ্ডাৰগাৰ্টেনৰ দৰে অসংখ্য নাৰ্চাৰী বহুতো দানশীলা আৰু মানৱতাবাদী মনৰ মহিলাই দৰিদ্ৰ পৰিয়ালৰ সেৱাৰ উদ্দেশ্যে চলাবলৈ লৈছিল" (ক্ৰেমিন/Cremin)। এই নাৰ্চাৰী/কিণ্ডাৰগাৰ্টেন সমূহে ফ্ৰ'বেলাৰ দৰ্শন অনুযায়ী অনুপ্ৰাণিত আছিল। প্ৰণালীবদ্ধ খেল-ধেমালীৰ যোগেদি ল'ৰা-ছোৱালীয়ে শিকিব পাৰে-পাৰ্থক্যৰ চিনাকী, বিশ্লেষণ কৰা, আদান-প্ৰদান কৰা আৰু সমস্যাৰ সমাধান কৰিব পাৰে।

১৮৭২ চনত কিণ্ডাৰগাৰ্টেনে আমেৰিকাৰ ৰাষ্ট্ৰীয় শিক্ষা সংস্থাৰ সমৰ্থন লাভ কৰে আৰু ১৮৮৪ চনত কিণ্ডাৰগাৰ্টেন নিৰ্দেশালয় বুলি এক সুকীয়া বিভাগ গঠন কৰে। এইদৰে বিভিন্ন লোকৰ প্ৰচেষ্টাৰ ফলত কিণ্ডাৰগাৰ্টেন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহত প্ৰচলিত হৈ পৰে।১

তথ্যসূত্ৰ

  1. ↑ Colliers Encyclopedia, vol.14, 1996

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিণ্ডাৰগাৰ্টেন” প্ৰবন্ধৰ সংশোধন ২১০৪৯৮ (২৪ নৱেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।