অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ( Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ( Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১ ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।২

ইতিহাস

২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ অৰ্থাৎ এন এম চিৰ অধীনৰ মেডিকেল এছেচমেণ্ট এণ্ড ৰেটিং বোৰ্ডে চিঠি নম্বৰ NMC/UG/2023-24/000023/005791 জৰিয়তে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ অধ্যয়ন কৰিব পাৰিব বুলি আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী লগতে আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৩৪ এই তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় অন্যতম। ই বড়োলেণ্ড অঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। ডাঃ অতুল চন্দ্ৰ বড়ো মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।৫

পাঠ্যক্ৰম

২০২৩-২৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।৬

অৱস্থান

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ চহৰৰ ৰাঙলীখাতাত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা ই ৮ কিঃমিঃ আৰু ৰূপসী বিমানবন্দৰৰ পৰা ৬৭ কিঃমিঃ নিলগত অৱস্থিত। কোকৰাঝাৰ চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্যসূত্ৰ

  1. ↑ Academic activities at Nagaon, Nalbari, Kokrajhar medical colleges from October. India Today
  2. ↑ Kokrajhar Medical College. Bodopedia
  3. ↑ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী. নিয়মীয়া বাৰ্তা
  4. ↑ PM Modi Dedicates Northeast's 1st AIIMS, 3 New Medical Colleges In Assam. NDTV
  5. ↑ Kokrajhar Medical College gets National Medical Commission approval. News Live
  6. ↑ Kokrajhar Medical College Receives NMC Nod for 100 MBBS Seats. Pratidin Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসা মহাবিদ্যালয়অসমৰ চিকিৎসালয়কোকৰাঝাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০২১৪৩ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।