সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
খিলঞ্জীয়া নাৰীবাদ
খিলঞ্জীয়া নাৰীবাদ (Indigenous feminism) হৈছে নাৰীবাদৰ এক আন্তঃবিভাজনমূলক তত্ত্ব আৰু অনুশীলন যিয়ে খিলঞ্জীয়া মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বি-ঔপনিৱেশিকৰণ, খিলঞ্জীয়া সাৰ্বভৌমত্ব, আৰু মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
গান্ধী টুপী
গান্ধী টুপী (गांधी टोपी) হৈছে এক বগা ৰঙৰ টুপী বা চাইডকেপ। ইয়াৰ সন্মুখ আৰু পিছ অংশ ঠেক আৰু মাজ অংশ অলপ বহল। গান্ধী টুপী খাদীৰ পৰা তৈয়াৰ কৰা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথমে ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় কৰা ভাৰতীয় নেতা মহাত্মা গান্ধীৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে।
-
গাৰ্লি গাৰ্ল
গাৰ্লি গাৰ্ল (Girly girl) হৈছে পৰম্পৰাগতভাৱে নাৰীসুলভভাৱে নিজকে উপস্থাপন কৰা ছোৱালী বা মহিলাৰ বাবে ব্যৱহাৰ কৰা বিশেষণ সূচক শব্দ। ইয়াৰ ভিতৰত গোলাপী ৰঙৰ কাপোৰ পিন্ধা, মেক-আপ ব্যৱহাৰ কৰা, সুগন্ধি ব্যৱহাৰ কৰা, স্কাৰ্ট পিন্ধা আৰু পৰম্পৰাগতভাৱে নাৰীত্বৰ সৈতে জড়িত কামত লিপ্ত হোৱা, যেনে বিভিন্নজনৰ…
-
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান।
-
গৃহিণী
গৃহিণীক (Housewife) গৃহনিৰ্মাতা (Homemaker) বা ঘৰতে থকা মাতৃ/মা/মা বুলিও জনা যায়৷ গৃহিণী হৈছে এনে এগৰাকী মহিলা যাৰ ভূমিকা হ’ল পৰিয়ালৰ ঘৰ চলোৱা বা পৰিচালনা কৰা৷ গৃহ পৰিচালনাৰ লগতে সন্তানৰ যত্ন লোৱাও সন্নিৱিষ্ট হ'ব পাৰে৷ ইয়াৰ উপৰি ঘৰ চাফা আৰু ৰক্ষণাবেক্ষণ কৰা; পৰিয়ালৰ বাবে কাপোৰ চিলোৱা, সামগ্ৰী…
-
গোৰেশ্বৰ মহাবিদ্যালয়
গোৰেশ্বৰ মহাবিদ্যালয় (Goreswar College) অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বেতনা কৃষি উন্নয়ন সংঘ'ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
-
গ্ৰাম্য মহিলা
বিশ্বৰ গ্ৰাম্য সম্প্ৰদায়সমূহে যত্ন প্ৰদান কৰা আৰু জীৱিকাৰ বাবে খেতি, ক্ষুদ্ৰ ব্যৱসায় আৰু কৃষিৰ বাহিৰৰ কামৰ দৰে সংখ্যক অৰ্থনৈতিক কামৰ সৈতে জড়িত হোৱাত গ্ৰাম্য মহিলাসকলে মৌলিক ভূমিকা পালন কৰে। পৃথিৱীৰ বেছিভাগ ঠাইতে গ্ৰাম্য মহিলাসকলে অতি কঠোৰ পৰিশ্ৰম কৰে যদিও তেওঁলোকৰ উপাৰ্জন অতি কম।
-
গৰীয়া
গৰীয়া (Goria) অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰা পৃথক নহয়।
-
ঘানাৰ নাৰী
যোৱা কেইটামান দশকত ঘানাৰ মহিলাসকলৰ মৰ্যাদা আৰু ঘানাৰ সমাজত তেওঁলোকৰ ভূমিকা সলনি হৈছে।ইতিহাসৰ পাতত ঘানাৰ মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ লাহে লাহে বৃদ্ধি পোৱা দেখা গৈছে। ঘানাৰ সংবিধানৰ অধীনত মহিলাসকলক সমান অধিকাৰ দিয়া হৈছে যদিও মহিলাসকলৰ শিক্ষা, নিয়োগ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্য মাৰ যোৱা নাই।
-
ঘেৱৰ
ঘেৱৰ ( Ghevar) বা ঘেৱাৰ হৈছে ডিস্ক আকৃতিৰ ৰাজস্থানী মিঠাই। যাৰ টেক্সচাৰ মৌচাকৰ দৰে, ঘিঁউ, ময়দা আৰু চেনিৰ চিৰাপৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগতভাৱে ইয়াক শাওন মাহ আৰু তীজ আৰু ৰক্ষা বন্ধন উৎসৱৰ সৈতে জড়িত কৰা হয়।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
চাপাটি
চাপাটি বা ৰোটি, ৰুটি, ৰোটলি, ৰোটা, সফাতি, ফুলকা (মাৰাঠী), চাপো (পূব আফ্ৰিকাত), সাদা ৰোটী (কেৰিবিয়ানত), পলি, আৰু ৰোছি (মালদ্বীপত), বোলা হয় আৰু ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা এই চেপেটা সমান ৰুটী ভাৰতৰ উপৰি নেপাল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, আৰব উপদ্বীপ, পূব আফ্ৰিকাত আৰু কেৰিবিয়ান দেশৰ প্ৰধান…
-
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত। এই বিদ্যালয় ১৯৪১ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়ৰ মুখপত্ৰখনৰ নাম "জাগৰণ"।
-
চিকেন টিক্কা
চিকেন টিক্কা ( Chicken tikka) ভাৰত, বাংলাদেশ, পাকিস্তান আৰু যুক্তৰাজ্যত জনপ্ৰিয় কুকুৰাৰ খাদ্য। পৰম্পৰাগতভাৱে ই ভাৰতীয় মছলা আৰু দৈ ত মেৰিনেট কৰাৰ পিছত এঞ্জিথি নামৰ ব্ৰেজিয়াৰত বা কয়লাৰ ওপৰত স্কেৱাৰ ব্যৱহাৰ কৰি বেক কৰা হাড়বিহীন কুকুৰাৰ সৰু টুকুৰা—এইটো এটা সোৱাদযুক্ত আৰু কোমল, মূলতঃ তণ্ডুৰী…
-
চিকেন টিক্কা মছলা
চিকেন টিক্কা মছলা ( Chicken tikka masala) হৈছে মছলাযুক্ত চাটনি (মছলা)ত ৰোষ্ট কৰা মেৰিনেটেড কটা মুৰ্গী (চিকেন টিক্কা)ৰে গঠিত। সাধাৰণতে এই চাটনি ক্ৰীম আৰু কমলা ৰঙৰ হয়। এই খাদ্যৰ উৎপত্তিৰ বিষয়ে বিতৰ্ক চলি আছে, বহুতে বিশ্বাস কৰে যে ইয়াক ব্ৰিটেইনৰ দক্ষিণ এছিয়াৰ ৰান্ধনীসকলে সৃষ্টি কৰিছে।
-
চিণ্ট্জ
চিণ্ট্জ (Chintz) ১৬ শতিকাত ভাৰতৰ গোলকণ্ডা (বৰ্তমানৰ হায়দৰাবাদ)ত উৎপত্তি হোৱা কাঠৰ ব্লকত ছপা কৰা, ৰং কৰা, ৰঙীন বা গ্লেজ কৰা কেলিকো বস্ত্ৰ। সাধাৰণতে পোহৰ আৰু সাধাৰণ পটভূমিত কাপোৰখনত বিভিন্ন ৰঙৰ ফুল আৰু অন্যান্য আৰ্হিৰ ডিজাইন ছপা কৰা হয়।
-
চিত্ৰা বিশ্বেশ্বৰন
চিত্ৰা বিশ্বেশ্বৰন (ইংৰাজী: Chitra Visweswaran) হৈছে ভাৰতীয় ভাৰত নাট্যম নৃত্যশিল্পী। বৰ্তমান তেওঁ চেন্নাইত চিদাম্বৰম একাডেমী অৱ পাৰফৰ্মিং আৰ্টছ নামৰ নৃত্য বিদ্যালয় চলাই আছে। ১৯৯২ চনত তেওঁ ভাৰত চৰকাৰৰ অন্যতম শীৰ্ষ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
চুঙা পিঠা
চুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়।
-
চেণ্টিনেলী জনগোষ্ঠী
চেণ্টিনেলী জনগোষ্ঠী,(Sentinelese) বা চেণ্টিনেলিজ হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ বংগোপসাগৰৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা এক থলুৱা জনগোষ্ঠী। এই জনগোষ্ঠী বিচ্ছিন্ন খিলঞ্জীয়া জনসংখ্যাৰ অন্তৰ্গত দক্ষিণ এছিয়াৰ এক অন্যতম জনগোষ্ঠী।
-
চোলে ভাতুৰে
চোলে ভাতুৰে ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চলৰ এবিধ জনপ্ৰিয় খাদ্য ব্যঞ্জন ৷ ইয়াত চানা মছলা (মছলা বগা বুটম্মাহ বা কাবেলী বুট) আৰু ভাতুৰা / পুৰি থাকে। এইকেইটা ময়দাৰ পৰা তৈয়াৰী তেলত ডুবাই ভজা ৰুটিসদৃশ খাদ্য। চোলে ভাতুৰে প্ৰায়ে পুৱাৰ আহাৰ হিচাপে খোৱা হয়। কেতিয়াবা ইয়াক লচীৰ সৈতেও খোৱা হয়।
-
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত।
-
ছপা আন্দোলনত মহিলা
ছপা আন্দোলনত মহিলা (WIP) আছিল দ্বিতীয় ঢৌৰ নাৰীবাদীসকলে মহিলাৰদ্বাৰা আৰু মহিলাৰ বাবে সৃষ্টি কৰা বিকল্প যোগাযোগ নেটৱৰ্ক স্থাপনৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা।
-
ছিংগাপুৰৰ নাৰী
ছিংগাপুৰৰ মহিলাসকলে বিশেষকৈ ছিংগাপুৰৰ কৰ্মশক্তিত যোগদান কৰা মহিলাসকলে ছিংগাপুৰৰ সমাজ আৰু অৰ্থনীতিত নিজৰ পৰম্পৰাগত আৰু আধুনিক যুগৰ ভূমিকাসমূহৰ মাজত ভাৰসাম্য ৰক্ষাৰ সন্মুখীন হৈছে।
-
ছিক্কিম বিশ্ববিদ্যালয়
ছিক্কিম বিশ্ববিদ্যালয় (Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ই গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ.
-
জয়নগৰৰ মোৱা
জয়নগৰৰ মোৱা (জয়নগৰেৰ মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এইপ্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিমবঙ্গৰ জয়নগৰত তৈয়াৰ কৰা হৈছিল। কলকাতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাইবিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।
-
জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থা
জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থা হৈছে জাপান চৰকাৰৰ বাবে চৰকাৰী উন্নয়ন সাহায্য (ODA)ৰ ডাঙৰ অংশ যোগান ধৰা এটা চৰকাৰী সংস্থা। ইয়াক উন্নয়নশীল দেশসমূহৰ সৈতে অৰ্থনৈতিক আৰু সামাজিক বৃদ্ধিত সহায় কৰা আৰু আন্তৰ্জাতিক সহযোগিতাৰ প্ৰসাৰৰ বাবে চাৰ্টাৰ কৰা হৈছে।
-
জাপানী খাদ্য
জাপানী খাদ্যই, জাপানৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ লগত বিকশিত হৈছে আৰু এই খাদ্যই আঞ্চলিক আৰু শতিকাজুৰি চলি অহা পৰম্পৰাগত খাদ্যসমূহক সামৰি লয়।
-
জীয়াৰী
জীয়াৰী, জীয়ৰী বা কন্যা (:Daughter) এগৰাকী স্ত্ৰীলিংগৰ সন্তান; পিতৃ-মাতৃৰ সম্পৰ্কত এগৰাকী ছোৱালী বা মহিলা। কন্যা হ’বলৈ কাৰোবাৰ কন্যা সন্তান হিচাপে পৰিচিত অৱস্থা। সমকক্ষ পুৰুষবাচক শব্দ পুত্ৰ। বিভিন্ন উপাদানৰ মাজৰ সম্পৰ্ক দেখুৱাবলৈ কেইবাটাও ক্ষেত্ৰত এই নামটো ব্যৱহাৰ কৰা হয়।
-
জুবান বুকচ্
জুবান বুকচ্ ২০০৩ চনত স্থাপন কৰা ভাৰতৰ দ্বিতীয়টো নাৰীবাদী প্ৰকাশন সংস্থা। ই নতুন দিল্লীত অৱস্থিত আৰু দক্ষিণ এছিয়াৰ মহিলাসকলৰ বাবে, মহিলাসকলৰদ্বাৰা আৰু তেওঁলোকৰ বিষয়ে কল্পকাহিনী, অকল্পকাহিনী, শৈক্ষিক আৰু শিশুৰ কিতাপ প্ৰকাশ কৰে।উৰ্বশী বুটালিয়াই ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু ই মহিলাৰ বাবে…
-
জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা
জোনাকী জাতীয় বিদ্যালয়, শিমুলচালা (Jonaky Jatiya Bidyalaya, Shimulchala) অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি আৰু আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান।