কে চি দাস কমাৰ্চ কলেজ (ইংৰাজী ভাষা: K.C. Das Commerce College)কামৰূপ (মহানগৰ) জিলাৰ এখন অন্যতম পুৰণি মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ আঠগাওঁ অঞ্চলৰ ছাত্ৰীবাৰীত বাণিজ্য মহাবিদ্যালয়খন অৱস্থিত। যশস্বী শিক্ষাবিদ কেশৱ চন্দ্ৰ দাসৰ পুত্ৰ ৰমেশ চন্দ্ৰ চৌধুৰীৰ আৰ্থিক সাহাৰ্যৰে শিক্ষাবিদগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খনক ২০০৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council) বা চমুকৈ NAAC-য়ে প্ৰথম মূল্যাংকন কৰে৷ শেহতীয়াকৈ ২০১৭ বৰ্ষত হোৱা দ্বিতীয় মূল্যাংকনত মহাবিদ্যালয়খনে B+ গ্ৰেড লাভ কৰে।১
ইতিহাস
১৯৮৩ চনৰ ৭ নৱেম্বৰত বাণিজ্য মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। প্ৰথমাৱস্থাত স্থায়ী চৌহদ আৰু ভৱনৰ অভাৱত ভৰলুমুখত থকা সোণাৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত সান্ধ্য শ্ৰেণী হিচাপে মহাবিদ্যালয়ৰ পাঠদান কৰা হৈছিল। পিছলৈ স্থায়ী ভৱন নিৰ্মাণ কৰাত ১৯৯৪ চনৰ ৩০ নৱেম্বৰত মহাবিদ্যালয়খন ছাত্ৰীবাৰীলৈ স্থানান্তৰিত কৰা হয়।
অধ্যক্ষৰ তালিকা
| অধ্যক্ষৰ নাম | কাৰ্যকাল২ |
|---|---|
| উমাকান্ত শৰ্মা | ১৯৮৩- |
| পূৰ্ণকান্ত বৰদলৈ | |
| ড° বন্ধুৰাম ডেকা | ১৯৯৪ |
| ড° স্ববেৰা ইচলাম | ১৯৯৪-১৯৯৭ |
| ড° হিতেশ ডেকা | ১৯৯৭ |
| ড° হোমেশ্বৰ কলিতা | |
| ড° ঘনশ্যাম নাথ | ২০১৪- |
পাঠ্যক্ৰমসমূহ
- বাণিজ্যৰ উচ্চতৰ মাধ্যমিক
- বাণিজ্যৰ স্নাতক
- একাউন্টেঞ্চী
- মেনেজমেন্ট
- ফাইনেঞ্চ
- বেংকিং
- ই-কমাৰ্চ
- বাণিজ্যৰ স্নাতকোত্তৰ
- ব্যৱসায় পৰিচালনাৰ স্নাতক (BBA)
- কম্পিউটাৰ ব্যৱহাৰৰ স্নাতক (BCA)
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱৰ্ত্তী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত কলা আৰু বাণিজ্যৰ স্নাতক
তথ্যসূত্ৰ
- ↑ Accreditation List. NAAC
- ↑ Kalita Dhirendra Nath. The Story of Birth and Development of K.C. Das Commerce College. Annual magazine (K.C. das Commerce College 2013-2014)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৬৮১১ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।