অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুমাৰী নাম আৰু বিবাহিত নাম

যেতিয়া কোনো ব্যক্তিয়ে (পৰম্পৰাগতভাৱে বহু সংস্কৃতিত পত্নী) নিজৰ দাম্পত্য সংগীৰ পৰিয়ালৰ নাম গ্ৰহণ কৰে, তেতিয়া কিছুমান দেশত সেই নামে ব্যক্তিজনৰ পূৰ্বৰ উপাধিৰ ঠাই লয়, যিটো পত্নীৰ ক্ষেত্ৰত কুমাৰী নাম বা "জন্মৰ নাম" বুলি পৰিচিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭০৭ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

যেতিয়া কোনো ব্যক্তিয়ে (পৰম্পৰাগতভাৱে বহু সংস্কৃতিত পত্নী) নিজৰ দাম্পত্য সংগীৰ পৰিয়ালৰ নাম গ্ৰহণ কৰে, তেতিয়া কিছুমান দেশত সেই নামে ব্যক্তিজনৰ পূৰ্বৰ উপাধিৰ ঠাই লয়, যিটো পত্নীৰ ক্ষেত্ৰত কুমাৰী নাম বা "জন্মৰ নাম" বুলি পৰিচিত। আনহাতে বিবাহিত নাম হৈছে বিবাহৰ সময়ত ব্যক্তিয়ে গ্ৰহণ কৰা পৰিয়ালৰ নাম বা উপাধি।

কিছুমান ন্যায়িক অধিকাৰক্ষেত্ৰত নাম সলনি কৰিবলৈ আইনী প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। যেতিয়া মানুহে বিয়া বা বিবাহ বিচ্ছেদ কৰে, তেতিয়া নাম সলনি কৰাৰ আইনী দিশসমূহ সৰল বা স্বাভাৱিকভাৱে অন্তৰ্ভুক্ত হ’ব পাৰে, যাতে বিবাহ বা বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে নতুন নামটো প্ৰতিষ্ঠা হয়। পৰম্পৰাগতভাৱে ফাশ্চাত্যৰ এংলোফোন এলেকাত পুৰুষতকৈ মহিলাসকলে বিবাহৰ সময়ত নিজৰ উপাধি সলনি কৰাৰ সম্ভাৱনা বহু বেছি, কিন্তু কিছুমান ক্ষেত্ৰত পুৰুষেও বিবাহৰ সময়ত নিজৰ উপাধি সলনি কৰিব পাৰে, য'ত সমলিংগ দম্পতীও অন্তৰ্ভুক্ত।১

এই প্ৰবন্ধটোত জন্মৰ নাম, পৰিয়ালৰ নাম, উপাধি, বিবাহিত নাম আৰু কুমাৰীৰ নামে পিতৃবংশৰ উপাধিক বুজায় যদিও স্পষ্টভাৱে মাতৃতান্ত্ৰিক উপাধিক বুজায় বুলি বৰ্ণনা কৰা হোৱা নাই।

বিবাহৰ দ্বাৰা নাম সলনি

বিবাহৰ সময়ত মহিলাসকলে নিজৰ নাম সলনি কৰাৰ ব্যাপক প্ৰথাৰ বাবে সাধাৰণতে তেওঁলোকে তেনে কৰাত অলপ অসুবিধাৰ সম্মুখীন হয়, কাৰণ বিবাহৰ আইনী প্ৰক্ৰিয়াত এই সুযোগ অন্তৰ্ভুক্ত কৰা হয়।১২ যদিহে বিবাহ সংঘটিত কৰা বিধিসমূহে বিবাহৰ সময়ত নাম সলনি হ’ব পাৰে বুলি উল্লেখ নকৰে, যি ক্ষেত্ৰত বিবাহৰ প্ৰমাণপত্ৰই নতুন নামটো সূচায়, সাধাৰণ আইন অনুসৰণ কৰা আদালতে ইয়াক আনুষ্ঠানিকভাৱে এজন ব্যক্তিৰ (পুৰুষ, মহিলা আৰু কেতিয়াবা শিশুৰ) তেওঁলোকৰ নাম সলনি কৰিবলৈ অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। কিন্তু পুৰুষে নিজৰ শেষ নাম সলনি কৰাত অধিক অসুবিধাৰ সম্মুখীন হয়।৩

বিবাহৰ পাছত স্বামীৰ উপাধি

আগতে ইংলেণ্ডৰ এগৰাকী মহিলাই সাধাৰণতে বিয়াৰ পিছত নতুন স্বামীৰ পৰিয়ালৰ নাম (বা উপাধি) গ্ৰহণ কৰিছিল; প্ৰায়ে তেওঁলোকে তাত প্ৰচলিত coverture আইন অনুসৰি তেনে কৰিবলৈ বাধ্য হৈছিল। স্বামীৰ উপাধি গ্ৰহণ কৰি লোৱাটো আজি যুক্তৰাষ্ট্ৰত এক সাধাৰণ কথা,(যদিও নাম সলনি কৰিব লাগিব বুলি কোৱা কোনো আইন নাই) আৰু অন্যান্য দেশ যেনে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান, জিব্ৰাল্টাৰ, ফকলেণ্ড দ্বীপপুঞ্জ, ভাৰত, ফিলিপাইনছ, কানাডা আৰু আমেৰিকাৰ ইংৰাজী ভাষী প্ৰদেশত নাৰীৰ বাবে ই সাধাৰণ প্ৰথা হৈয়েই আছে। প্ৰায়ে পৰিয়ালৰ নাম গ্ৰহণকে ধৰি নাম গ্ৰহণৰ ভিন্নতা থাকে। সাধাৰণতে এই বিবাহবোৰৰ সন্তানক পিতৃৰ উপাধি দিয়া হয়।

কিছুমান পৰিয়ালত (মূলতঃ আমেৰিকাত) মাতৃৰ কুমাৰীকালৰ নামটোৰ এটা সন্তানৰ বাবে মধ্যম নাম হিচাপে ব্যৱহাৰ কৰাৰ প্ৰথা আছে—ফ্ৰেংকলিন ডেলানো ৰুজভেল্টএ তেওঁৰ মধ্যম নামটো এইদৰে লৈছিল, যিটো পিছলৈ প্ৰথম হিচাপেও সমাদৰ লাভ কৰিছিল।৪ ব্ৰিটেইনৰ পৰা পোৱা তেনে এটা উদাহৰণ হ'ল ইছাম্বাৰ্ড কিংডম ব্ৰুনেল। স্পেছাৰ্ড হলণ্ড, এজন ফ্ল'ৰিডাৰ প্ৰাক্তন গৱৰ্ণৰ আৰু প্ৰাক্তন চিনেটৰ, যাৰ মাতৃৰ প্ৰথম নাম আছিল ভাৰ্জিনিয়া স্পেছাৰ্ড, তেওঁ এইদৰেই প্ৰথম নাম লাভ কৰিছিল।

নিজৰ নামত থকা

বিয়াৰ পিছত নিজৰ উপাধি ৰখা মহিলাসকলে কেইবাটাও কাৰণত তেনে কৰিব পাৰে:

  • তেওঁলোকে নিজৰ নাম সলনি কৰাৰ কোনো কাৰণ দেখা নাপায়, ঠিক যেনেকৈ পুৰুষে প্ৰায়ে নিজৰ নাম সলনি কৰাৰ কোনো কাৰণ দেখা নাপায়।
  • এই পৰম্পৰা একপক্ষীয়তাৰ প্ৰতি আপত্তি।৫
  • সেই উপাধিৰে তেওঁলোকৰ পৰিয়ালৰ শেষ সদস্য হোৱাৰ বাবে।
  • তেওঁলোকৰ নাম সলনিৰ লগত জড়িত কাগজ-পত্ৰৰ জামেলা এৰাই চলিবলৈ।
  • নিজৰ পৰিচয় বজাই ৰাখিবলৈ ইচ্ছা।
  • দাম্পত্য সংগীৰ শেষ নামতকৈ নিজৰ শেষ নামটো বেছি পছন্দ কৰা।
  • পেছাদাৰী ক্ষেত্ৰৰ অসুবিধা এৰাই চলিবলৈ।৬

নাৰীবাদ

নাৰীবাদী লুচি ষ্টোনে (১৮১৮–১৮৯৩) আমেৰিকাত নাৰীৰ অধিকাৰৰ বাবে কৰা আন্দোলনৰ অংশ হিচাপে এগৰাকী বিবাহিতা মহিলাৰ নিজৰ উপাধি ৰখাৰ অধিকাৰ (যেনেকৈ তেওঁ নিজেই বিবাহৰ সময়ত কৰিছিল)ক এটা ৰাষ্ট্ৰীয় বিষয় কৰি তুলিছিল৷ সেয়ে, স্বামীৰ উপাধি ব্যৱহাৰ কৰিবলৈ অনিচ্ছুকসকলক "লুচি ষ্ট'নাৰ্ছ" বুলি কোৱা হৈছে।৭ নাৰীবাদী এলিজাবেথ কেডি ষ্টেণ্টনে স্বামীৰ উপাধিটো নিজৰ নামৰ অংশ হিচাপে লৈ নিজকে এলিজাবেথ কেডী ষ্টেণ্টন বা ই কেডি ষ্টেণ্টন বুলি চহী কৰিছিল যদিও তেওঁ নিজকে মিচেছ হেনৰী বি ষ্টেণ্টন বুলি সম্বোধন কৰিবলৈ অস্বীকাৰ কৰিছিল। ১৮৪৭ চনত তেওঁ লিখিছিল যে, "মহিলাক মিচেছ জন ডিছ আৰু মিচেছ টম ডেট আৰু ৰঙীন পুৰুষক ছাম্বো আৰু জিপ কুন বুলি কোৱাৰ প্ৰথাটো এই নীতিৰ ওপৰত প্ৰতিষ্ঠিত যে, বগা পুৰুষ সকলোৰে প্ৰভু।"৮৯ পিছলৈ, ১৮৬০ চনত নিউয়ৰ্কৰ ৰাজ্যিক বিধানসভাৰ ন্যায়িক সমিতিত "এ স্লেভছ আপীল" নামৰ ভাষণৰ এটা অংশত তেওঁ কৈছিল, "নিগ্ৰো [দাস]জনৰ কোনো নাম নাই। তেওঁ হৈছে কাফি ডগলাছ বা কাফি ব্ৰুকছ, যাৰ নাম মাত্ৰ কাফি"৷ তেওঁৰ আন কোনো নাম নাই, তেওঁ হৈছে মিচেছ ৰিচাৰ্ড ৰ' বা মিচেছ জন ড', তেওঁ ঠিক যাৰ মিচেছ হ'ব পাৰে, তাৰ।"১০১১

দ্য নিউয়ৰ্কাৰৰ সহ-প্ৰতিষ্ঠাপক নাৰীবাদী জেন গ্ৰাণ্টে ১৯৪৩ চনত তেওঁৰ বিবাহ সত্ত্বেও নিজৰ নাম ৰখাৰ প্ৰচেষ্টাৰ লগতে সামৰিক সেৱা, পাছপ’ৰ্ট, ভোটদান আৰু ব্যৱসায়ৰ সন্দৰ্ভত আন মহিলাসকলৰ কুমাৰীকালৰ নামৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল। শেহতীয়াকৈ নাৰীবাদী জিল ফিলিপভিচে বিবাহ কৰা মহিলাৰ নাম সলনিৰ বিৰোধিতাৰে ২০১৩ চনত দ্য গাৰ্ডিয়ানত প্ৰকাশ কৰিছিল "বিবাহিত মহিলাসকলে নিজৰ নাম কিয় সলনি কৰিব লাগে? পুৰুষে নিজৰ নাম সলনি কৰক", আৰু সামাজিক নিৰ্মাণৰ তত্ত্বৰ ওপৰত অধ্যয়ন কৰাৰ পৰামৰ্শ হিচাপে Critical Encounters in Secondary English: Teaching Literacy Theory to Adolescents by Deborah Applemanৰ উল্লেখ কৰা হৈছিল।১২১৩১৪ ২০১৮ চনত যেতিয়া ফিলিপভিচে বিয়া হৈছিল, তেতিয়া তেওঁ নিজৰ নামৰ শেষ নামটো ৰাখিছিল।১৫১৬

তথ্যসূত্ৰ

  1. ↑ (20 March 2007). More men taking wives' last names. USA Today
  2. ↑ EZ Name Change for Adult, Child, or Family Residents of California!
  3. ↑ Man files lawsuit to take wife's name
  4. ↑ Burns, James MacGregor. (1956). 'Roosevelt' (vol. 1). Easton Press. ISBN 978-0-15-678870-0
  5. ↑ Spender, Dale. (1985). Man-Made Language. Routledge & Kegan Paul. পৃ. 24–25. ISBN 9780710206053
  6. ↑ Moss, Gabrielle. (17 April 2015). Keeping Your Name After Marriage: 27 Women Talk About Why They Didn't Take Their Husband's Surnames. Bustle
  7. ↑ Roiphe, Katie. (24 March 2004). The Maiden Name Debate. Slate
  8. ↑ Griffith, Elisabeth. In Her Own Right: The Life of Elizabeth Cady Stanton. Oxford University Press; New York, NY, 1985. ., p. xx (directly quoting Stanton)
  9. ↑ Kirstin Olsen. (1994). Chronology of Women's History. Greenwood Publishing Group. পৃ. 122. ISBN 978-0-313-28803-6
  10. ↑ The Woman's Bible Index. Sacred-texts.com
  11. ↑ (10 June 2010). (1860) Elizabeth Cady Stanton, "A Slave's Appeal" | The Black Past: Remembered and Reclaimed. The Black Past
  12. ↑ Filipovic, Jill. (7 March 2013). Why should married women change their names? Let men change theirs | Jill Filipovic | Opinion. The Guardian
  13. ↑ Appleman, Deborah (2014), Critical Encounters in Secondary English: Teaching Literacy Theory to Adolescents (third ed.), p. 85, Teachers College Press
  14. ↑ Filipovic, Jill. (2 May 2013). The tragic irony of feminists trashing each other | Jill Filipovic | Opinion. The Guardian
  15. ↑ (4 February 2018). Jill Filipovic, Ty McCormick – The New York Times. The New York Times
  16. ↑ (13 February 2018). Why I Changed My Mind About Marriage. Cosmopolitan.com

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰী নাম আৰু বিবাহিত নাম” প্ৰবন্ধৰ সংশোধন ৬৩১০৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।