অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কাৰাণী বংশ

বংগাছ জিলাৰপৰা অহা কাৰ্লানি জনগোষ্ঠীৰ এজন জনগোষ্ঠীয় আফগান তাজ খান কাৰাণীয়ে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰিছিল কাৰাণী বংশ। এই অঞ্চলটো মোগল সাম্ৰাজ্যৰ চুবহ হোৱাৰ আগতেই বংগৰ চুলতানত্বত শাসন কৰা শেষ বংশটোৱেই আছিল এই বংশ।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বংগাছ জিলাৰপৰা অহা কাৰ্লানি জনগোষ্ঠীৰ এজন জনগোষ্ঠীয় আফগান তাজ খান কাৰাণীয়ে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰিছিল কাৰাণী বংশ।১ এই অঞ্চলটো মোগল সাম্ৰাজ্যৰ চুবহ হোৱাৰ আগতেই বংগৰ চুলতানত্বত শাসন কৰা শেষ বংশটোৱেই আছিল এই বংশ।

ইতিহাস

প্ৰতিষ্ঠা

তাজ খান পূৰ্বতে শূৰ সম্ৰাট শ্বেৰ শ্বাহ শূৰীৰ কৰ্মচাৰী আছিল। ১৫৬২ চনৰপৰা ১৫৬৪ চনলৈ তাজখানে দক্ষিণ-পূব বিহাৰ আৰু পশ্চিম বংগ দখল কৰে আৰু শেষৰ মহম্মদ শ্বাহী শাসকক হত্যা কৰি সমগ্ৰ বংগ দখল কৰে। ৰাজধানী আছিল গৌড়ত। তাজ খানৰ পিছত তেওঁৰ ভাতৃ চুলেমান খান কাৰাণীয়ে ১৫৬৫ চনত ৰাজধানী গৌড়ৰপৰা তান্দালৈ (মালদাতো) স্থানান্তৰ কৰে। ১৫৬৮ চনত চুলেমান খানে উৰিষ্যাক স্থায়ীভাৱে কাৰাণী চুলতানৰ লগত সংযুক্ত কৰে। তেওঁ মোগল সম্ৰাট আকবৰৰ নামমাত্ৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰিছিল আৰু তেওঁৰ প্ৰধানমন্ত্ৰী লোদী খানে মোগলসকলক উপহাৰ আৰু ভোজ-ভাতৰদ্বাৰা শান্ত কৰিছিল।২ চুলাইমান খানৰ কৰ্তৃত্ব কোচ বিহাৰ ৰাজ্যৰপৰা পুৰীলৈকে, আৰু সোণ নদীৰপৰা ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত আছিল।৩

মোগলৰ আক্ৰমণ

১৫৭৪ চনৰ ২৫ ছেপ্টেম্বৰত মোগল সেনাপতি মুনিম খানএ কাৰাণী ৰাজধানী তান্দা দখল কৰে। ১৫৭৫ চনৰ ৩ মাৰ্চত হোৱা টুকাৰোই যুদ্ধৰ ফলত কাৰাণীৰ শেষ শাসক দাউদ খান কাৰাণীয়ে উৰিষ্যালৈ আঁতৰি আহিবলৈ বাধ্য হয়। এই যুদ্ধৰ ফলত কটক সন্ধিৰ সৃষ্টি হয়, য’ত দাউদে সমগ্ৰ বংগ আৰু বিহাৰক হেৰুৱাই কেৱল উৰিষ্যাক ধৰি ৰাখিলে। ১৫৭৫ চনৰ অক্টোবৰ মাহত ৫০ বছৰ বয়সত মুনিম খানৰ মৃত্যুৰ পাছত এই সন্ধি অৱশেষত বিফল হয়। সুযোগ লৈ দাউদ খানে আকবৰৰপৰা স্বাধীনতা ঘোষণা কৰি বংগ আক্ৰমণ কৰে। ১৫৭৬ চনৰ ১২ জুলাইত মোগল সেনাপতি প্ৰথম খান জাহানৰ নেতৃত্বত ৰাজমহলৰ যুদ্ধৰ লগে লগে কাৰাণী চুলতানৰ বিৰুদ্ধে মোগলৰ আক্ৰমণৰ অন্ত পৰে। দাউদ খানক ফাঁচি দিয়া হয়। কিন্তু ইছা খানৰ নেতৃত্বত পষ্টুন আৰু অসমৰ বাৰ ভূঞাসকল নামেৰে পৰিচিত স্থানীয় মাটিৰ মালিকসকলে মোগলৰ আগ্ৰাসনক প্ৰতিহত কৰি থাকিল। পিছলৈ ১৬১২ চনত জাহাংগীৰৰ ৰাজত্বকালত বংগক নিৰ্ণায়কভাৱে মোগল প্ৰদেশ হিচাপে একত্ৰিত কৰা হয়।৪

শাসকসকলৰ তালিকা

NameReign
Sultan Taj Khan Karrani চুলতান তাজ খান কাৰাণী১৫৬৪-১৫৬৫
Sultan Sulayman Khan Karrani চুলতান চুলেমান খান কাৰাণী১৫৬৫-১৫৭২
Sultan Bayazid Khan Karrani চুলতান বায়াজিদ খান কাৰাণী১৫৭২
Sultan Dawud Khan Karrani চুলতান দাউদ খান কাৰাণী১৫৭২-১৫৭৬

তথ্যসূত্ৰ

  1. ↑ Roy, Atul Chandra. (1968). History of Bengal: Mughal Period, 1526–1765 A.D.. Nababharat Publishers. পৃ. 12
  2. ↑ Eaton, Richard. (1996). The Rise of Islam and the Bengal Frontier, 1204–1760. University of California Press. পৃ. 140. ISBN 978-0-520-20507-9
  3. ↑ Sengupta, Nitish. (2011). Land of Two Rivers: A History of Bengal from the Mahabharata to Mujib. Penguin Books India. পৃ. 126. ISBN 978-0-14-341678-4
  4. ↑ Hasan, Perween. (2007). Sultans and Mosques: The Early Muslim Architecture of Bangladesh. I.B.Tauris. পৃ. 18. ISBN 978-1-84511-381-0

সম্পৰ্কিত শ্ৰেণী

ৰাজতন্ত্ৰজনগোষ্ঠীশাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰাণী বংশ” প্ৰবন্ধৰ সংশোধন ৫৩৯৪৫৪ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।