কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় Krishnaguru Adhyatmik Vishvavidyalaya) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন-সত্ৰত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। অসম চৰকাৰে ২০১৭ চনৰ ৯ মাৰ্চ তাৰিখে গৃহীত কৰা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আইন, ২০১৭ৰ আধাৰত স্থাপন কৰা বিশ্ববিদ্যালয়খন অসমৰ ষষ্ঠখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বৰপেটা জিলাৰ ন সত্ৰত কৃষ্ণগুৰু ফাউণ্ডেচনে ইয়াৰ প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনৰ আধাৰশিলা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু অৰুণ চন্দ্ৰ গোস্বামী প্ৰভুৱে স্থাপন কৰিছিল।১ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু বৰ্তমানৰ উপাচাৰ্য ড° দীনেশ বৈশ্য। বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ উপাচাৰ্য আছিল ড° তৰুণচন্দ্ৰ বৰা।
ইতিহাস
২০১৭ চনৰ ৩ আগষ্ট তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত বৰ্তমানৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।২ পূৰ্বতে কৃষ্ণগুৰু মহাবিদ্যালয়ৰ অন্তৰ্গত কলা আৰু বাণিজ্য, কৃষ্ণগুৰু বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ অন্তৰ্গত বিজ্ঞান শাখাৰ স্নাতক মহলা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল। বৰ্তমানে এই বিশ্ববিদ্যালয়ৰ অধীনত চলি আছে।
শিক্ষা
অসমীয়া বিভাগ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰে আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনত স্নাতকোত্তৰ শাখাত অসমীয়া, ৰাজনীতি বিজ্ঞান, দৰ্শন আৰু শিক্ষা বিভাগৰ উপৰি জি. এন. এম. আৰু বি. এছ. চি. নাৰ্ছিং পাঠ্যক্ৰম আৰম্ভ হৈছে। ফিজিঅ'থেৰাপি, দক্ষতা বিকাশ আদি পাঠ্যক্ৰমৰ উপৰি অসমীয়া আৰু ৰাজনীতি বিজ্ঞান বিভাগত পিএইচডি পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে।
বিভাগ
- অসমীয়া বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- ইংৰাজী বিভাগ
- শিক্ষা বিভাগ
- যুক্তি আৰু দৰ্শন বিভাগ
- সমাজশাস্ত্ৰ বিভাগ
- অৰ্থনীতি বিভাগ
- হিচাপবিদ্যা বিভাগ
- ব্যৱস্থাপনা বিভাগ
- বিত্ত বিভাগ
- বিপণন বিভাগ
- গণিত বিভাগ
- ৰসায়ন বিজ্ঞান বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- উদ্ভিদবিজ্ঞান বিভাগ
- প্ৰাণীবিজ্ঞান বিভাগ
উল্লেখযোগ্য ব্যক্তি
- দীনেশ বৈশ্য, বিশিষ্ট শিক্ষাবিদ-চিন্তাবিদ,সাহিত্যিক তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য।
- মাধুৰ্যমণ্ডিত বৰুৱা, বিশিষ্ট লেখক-গৱেষক, চিন্তাবিদ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষণা-সঞ্চালক আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Taxonomy term
- ↑ Publishers, Omega Printers and. The Sentinel, an English daily newspaper - Sonowal inaugurates Krishnaguru Adhyatmik Vishvavidyalaya. sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৩৭৯১ (১৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।