সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শিশু পৰ্ণগ্ৰাফি
শিশু পৰ্ণগ্ৰাফি (যাক শিশু যৌন উৎপীড়ন সামগ্ৰী বুলিও কোৱা হয় বা শিশু পৰ্ণ; Child pornography) হৈছে বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ য'ত শিশু যৌন উত্তেজনাৰ বলি হয়। শিশুক প্ৰত্যক্ষ ভাৱে জড়িত কৰাই বা শিশুৰ সৈতে যৌন উৎপীড়নৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হ'ব পাৰে (যাক শিশু যৌন উৎপীড়ন ছবি বুলিও কোৱা হয়)।
-
শৰণীয়া কছাৰী
শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত।
-
সদৌ অসম কবি সন্মিলন
সদৌ অসম কবি সন্মিলন (All Assam Poets Association) অসম সাহিত্য সভাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ কাব্য সংগঠন। আধুনিক কাব্যধাৰাক গতিশীল কৰি ৰাখিবলৈ এখন মুকলি মঞ্চৰ প্ৰযোজন অনুভৱ কৰি নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ উদ্যোগত জনতাৰ কবি ৰাম গগৈ প্ৰমুখ্যে বহুকেইজন বৰেণ্য কবিৰ যৌথ প্ৰচেষ্টাত ১৯৮৭ চনৰ ৬…
-
স্ত্ৰী
এটা জীৱৰ লিংগ হ’ল স্ত্ৰী (চিহ্ন: ♀) যদিহে ই ডিম্বাণু উৎপন্ন কৰে, যিটো হ’ল একপ্ৰকাৰৰ জনন কোষ, যি যৌন প্ৰজননৰ সময়ত পুৰুষ জনন কোষ (শুক্ৰাণু)ৰ সৈতে মিলিত হয়। এগৰাকী স্ত্ৰীৰ জনন কোষ পুৰুষতকৈ ডাঙৰ।
-
হাঁচতি
হাঁচতি বা হাঁচটি এখন ক্ষুদ্ৰ বস্ত্ৰ৷ হাঁচতি অসমীয়া গীতিসাহিত্যৰ সমল আৰু লোক-সংস্কৃতিৰ অংগ স্বৰূপ। আগৰ দিনত তামোল-পাণ বান্ধি নিবলৈ হাঁচতি ব্যৱহাৰ কৰা হৈছিল৷ সোণোৱাল জনগোষ্ঠীৰ লোকে পছন্দ হোৱা ছোৱালী খোজা-বঢ়া কৰিবলৈ দৰাৰ মাক-বাপেক আৰু গাঁৱৰ বয়সীয়াল লোক এজনে ডেৰফুট দৈৰ্ঘ আৰু একফুট বহল…
-
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।
-
ৰাজপথৰ হাৰাশাস্তি
thumb| এই কামত আমি মহিলালৈ হুইচেল নামাৰোঁ আৰু আমি ৰাজপথৰ হাৰাশাস্তিৰ বিৰোধী।’' ২০২০ চনত চেণ্টিয়াগো ডি চিলিৰ এটা নিৰ্মাণস্থানত পোষ্টাৰ। ৰাজপথত হাৰাশাস্তি (Street Harassment)হৈছে এনে এক প্ৰকাৰৰ হাৰাশাস্তি যাক অবাঞ্চিত যৌন উৎপীড়ন, উচটনিমূলক ইংগিত, হৰ্ণ বজোৱা, সুহুৰি বজোৱা, অশ্লীল উন্মোচন,…
-
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (Rajiv Gandhi University) ১৯৮৪ চনত স্থাপিত ভাৰতৰ, অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল।
-
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day) বিভিন্ন দেশত পালন কৰা এটা ৰাজহুৱা দিৱস। দেশসমূহৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহ আৰু পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয়। এই দিনটোত বিভিন্ন বয়সৰ জনতাই কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে।
-
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী: National Centre for Biological Sciences), চমুকৈ NCBS,কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ।
-
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় (National Institute of Health Research, Dibrugarh ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম।
-
ঁ (চন্দ্ৰবিন্দু)
ঁ (চন্দ্ৰবিন্দু) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪১ নং আখৰ হিচপে আছে যদিও ই এটা বৰ্ণ নহয়, এটা নাসিক্যধ্বনিহে৷ ই সদায় স্বৰবৰ্ণৰ ওপৰত বহি নাসিক্য ধ্বনি সূচায়, অৰ্থাৎ ইয়াক উচ্চাৰণ কৰোঁতে স্বৰধ্বনি নাকেৰে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইংৰাজী N ধ্বনিযুক্ত বৰ্ণ বুজাবলৈয়ো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷…
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী বা চমুকৈ এইম্ছ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ চাংসাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল।
-
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (AISA) ভাৰতৰ এটা বাঁওপন্থী ছাত্ৰ সংগঠন। ই নিজকে "উগ্ৰবাদী ছাত্ৰ আন্দোলনৰ কণ্ঠ" বুলি বৰ্ণনা কৰে আৰু ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তিৰ সৈতে জড়িত। এই সংস্থাটো পূৰ্বে আই পি এফৰ সৈতে জড়িত আছিল।
-
অষ্ট্ৰেলিয়াৰ নাৰী
অষ্ট্ৰেলিয়াৰ মহিলাসকলৰ (Women in Australia) জৰিয়তে অষ্ট্ৰেলিয়াত মহিলাৰ জনগাঁথনিগত আৰু সাংস্কৃতিক উপস্থিতিক বুজোৱা হৈছে। অষ্ট্ৰেলিয়াৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু সেই অৰিহণা বহু ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে।
-
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়
অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ ২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গৱেষণা…
-
অসম প্ৰাদেশিক মহিলা সমিতি
অসম প্ৰাদেশিক মহিলা সমিতি (Assam Provincial Mahila Samiti, সংক্ষেপে APMS, সাধাৰণতে অসম মহিলা সমিতি নামেৰে পৰিচিত) ১৯২৬ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছে। ই অসমৰ এক ঐতিহাসিক নাৰী সবলীকৰণ আৰু সমাজসেৱা সংস্থা হিচাপে পৰিগণিত।
-
অসম শঙ্কৰ মিশ্যন
অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।
-
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (Assam State School Education Board) ভাৰতৰ অসমৰ বিদ্যালয় সমূহৰ পৰিষদ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আইন, ২০২৪ৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰিত কৰি ইয়াক গঠন কৰা হৈছে।
-
অসমত ব্যৱহৃত পতংগ খাদ্য
পতংগখাদক (Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে…
-
আইচ ক্ৰীম
আইচ ক্ৰীম (:Ice cream) সাধাৰণতে গাখীৰ বা ক্ৰীমৰ পৰা তৈয়াৰী এবিধ মিঠা ঠাণ্ডা অতি জনপ্ৰিয় খাদ্য। ইয়াক গাখীৰ, চেনি বা বিকল্প মিঠাই আৰু বিভিন্ন ৰুচিৰ মছলা যেনে ক'ক', ভেনিলা আদি আৰু বিভিন্ন সুস্বাদু ৰসাল ফলৰ সোৱাদ দি তৈয়াৰ কৰা হয়।
-
আউনীআটী বিশ্ববিদ্যালয়
আউনীআটী বিশ্ববিদ্যালয় (Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
আও দাই
আও দাই (Áo dài) হৈছে ভিয়েটনামী পৰম্পৰাগত সাজ-পোছাক, সকলো পৰম্পৰাগত সাজ-পোছাকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াত ট্ৰাউজাৰ এযোৰৰ ওপৰত পিন্ধা গোৰোহাৰ দৈৰ্ঘ্যৰ টিউনিক থাকে, চাৰ্টৰ তলৰ অৰ্ধেক অংশ দুটা পোন ফ্লেপত বিভক্ত, সন্মুখ আৰু পিছফালে, এইটো সমগ্ৰ সাজ-পোছাকৰ এটা বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য।
-
আখুনি (খাদ্য)
আখুনি (Axone) হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চুমী নগা ভাষাৰ পৰা উদ্ভৱ হৈছে। ই 'আখু' আৰু 'নি' এই দুটা শব্দৰে গঠিত। 'আখু' শব্দৰ অৰ্থ 'গোন্ধ' আৰু 'নি' শব্দৰ অৰ্থ 'গভীৰ' বা 'শক্তিশালী'। গতিকে আক্ষৰিক অৰ্থত আখুনিয়ে তীব্ৰ গোন্ধকে সূচায়।
-
আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস
আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস হৈছে "বহু দেশত লাখ লাখ বিধৱা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকে সম্মুখীন হোৱা দৰিদ্ৰতা আৰু অন্যায়"ৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ অনুমোদিত কাৰ্যসূচী। প্ৰতি বছৰে ২৩ জুনত এই দিৱস পালন কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় হস্তমৈথুন মাহ
ৰাষ্ট্ৰীয় হস্তমৈথুন দিৱস, আন্তৰ্জাতিক হস্তমৈথুন দিৱস (International Masturbation Day) হৈছে "হস্তমৈথুন কৰাৰ অধিকাৰ"ক সুৰক্ষিত আৰু উদযাপনৰ বাবে অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠান।
-
আপাটানি
আপাটানি অৰুণাচল প্ৰদেশৰ নিম্ন সোৱনশিৰি অঞ্চলৰ জিৰো উপত্যকাত বসবাস কৰা এটা জনগোষ্ঠীৰ নাম৷
-
আফ্ৰিকাৰ নাৰী
আফ্ৰিকান দেশসমূহত মহিলাৰ ইতিহাস সম্পৰ্কে অসংখ্য সংক্ষিপ্ত গৱেষণা পৰিচালিত হৈছে। বহু গৱেষণাই নাৰীৰ ঐতিহাসিক ভূমিকা আৰু অৱস্থানৰ ওপৰত নিৰ্দিষ্ট দেশ আৰু অঞ্চলত আলোকপাত কৰে। যেনে ইজিপ্ত, ইথিওপিয়া, মৰক্কো, নাইজেৰিয়া, লেচোথো, আৰু উপ-চাহাৰা আফ্ৰিকাত।
-
আলিয়া বিশ্ববিদ্যালয়
আলিয়া বিশ্ববিদ্যালয় ভাৰতৰ পশ্চিম বংগৰ নিউ টাউনত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। পূৰ্বতে মহম্মদ কলেজ অৱ কলিকতা নামেৰে জনাজাত আছিল, ২০০৮ চনত ইয়াক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।