শিশু পৰ্ণগ্ৰাফি (যাক শিশু যৌন উৎপীড়ন সামগ্ৰী বুলিও কোৱা হয়১ বা শিশু পৰ্ণ; Child pornography) হৈছে বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ য'ত শিশু যৌন উত্তেজনাৰ বলি হয়। শিশুক প্ৰত্যক্ষ ভাৱে জড়িত কৰাই বা শিশুৰ সৈতে যৌন উৎপীড়নৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হ'ব পাৰে (যাক শিশু যৌন উৎপীড়ন ছবি বুলিও কোৱা হয়)।২৩৪ শিশুৰ পৰ্ণগ্ৰাফিৰ উৎপাদনত শিশুৰ জননেন্দ্ৰিয়ৰ ফটো, ভিডিঅ' আদিৰ যৌন প্ৰদৰ্শনীৰ দ্বাৰা শিশুৰ উৎপীড়ন কৰা হয়। শিশু পৰ্ণগ্ৰাফত বিভিন্ন মাধ্যম ব্যৱহাৰ হ'ব পাৰে, সেইসমূহত,৫ যিকোনো যৌন উত্তেজক লিখনি য'ত শিশুক কেন্দ্ৰীভূত কৰা হয়,২৬৭ আলোচনী, ফটো,৫ ভাস্কৰ্য, ছবি,৫ কাৰ্টুন,৫ পেইণ্টিং,৫ এনিমেছন, চাউণ্ড ৰেকৰ্ডিং,৮ ভিডিঅ',৫ আৰু ভিডিঅ' গেম ইত্যাদি।৯ লাভ অৰ্জন বা আন কাৰণত শিশু পৰ্ণগ্ৰাফ সৃষ্টি কৰা হ'ব পাৰে।১০
আইন
ইতিহাস
১৯৭৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত শিশু পৰ্ণগ্ৰাফি তৈয়াৰ কৰা মুনাফা কোম্পানী সমূহ নিষিদ্ধ কৰিবৰ বাবে আইন প্ৰণয়ন কৰা হয়। ১৯৮৬ চনত মীছ প্ৰতিবেদন অনুযায়ী এই পৰ্ণগ্ৰাফিৰ দ্বাৰা শিশুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু এই কাৰণতেই শিশু যৌন উৎপীড়ন আৰু পৰ্ণগ্ৰাফি আইন ১৯৪৬ প্ৰণয়ন কৰা হয়। কংগ্ৰেছে ১৯৮৪ চনত শিশু সুৰক্ষা আইনৰ প্ৰৱৰ্তন কৰে আৰু শিশু পৰ্ণগ্ৰাগ্ৰাফৰ সংজ্ঞা বিস্তৃত কৰি ইয়াৰ উৎপাদন আৰু সৰবৰাহেৰে জড়িত যিকোনো অনুষ্ঠান বা ব্যক্তিক অপৰাধী ঘোষণা কৰে।১১
ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় আইন
শিশু পৰ্ণগ্ৰাফি আইনবোৰে প্ৰায় সকলো সমাজৰ উৎপাদক আৰু বিতৰকসকলৰ ওপৰত জৰিমনা আৰোপ কৰে। বিতৰণ কৰা সামগ্ৰীৰ পৰিমাণ আৰু সমলৰ ওপৰত নিৰ্ভৰ কৰি অ-বাণিজ্যিক বিতৰণৰ শিশু পৰ্ণগ্ৰাফ প্ৰস্তুত কৰ্তা সকলৰ কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। অৱশ্যে কিছু কিছু ক্ষেত্ৰত এই আইনে সুচলতা প্ৰদান কৰে।২
২০০৬ চনত, ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ মিছিং এণ্ড এক্সপ্লয়টেড চিল্ড্ৰেন (আইচিএমইচি) নামৰ সংস্থাটোৱে ১৮৪খন ইণ্টাৰপোল সদস্য দেশত (পিছলৈ ১৯৬ খন) শিশু পৰ্ণগ্ৰাফৰ বাবে আইনৰ উপস্থিতিৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।১২১৩১৪১৫ "চাইল্ড পৰ্ণগ্ৰাফি: মডেল লেগিচলেচন এণ্ড গ্লোবাল ৰিভিউ" নামৰ প্ৰতিবেদনখনে ৰাষ্ট্ৰীয় আইন ৰখা হৈছে নে নাই মূল্যায়ন কৰে:
(১) বিশেষভাৱে শিশু পৰ্ণগ্ৰাফী সন্দৰ্ভত স্থিত; (২) শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে এক সংজ্ঞা আগবঢ়ায়; (৩) কম্পিউটাৰ-আধাৰিত অনাচাৰসমূহক অপৰাধৰ মান্যতা প্ৰদান কৰে; (৪) বিতৰণ কৰাৰ বিষয়ে বিবেচনা নকৰিলেও জ্ঞাত অৱস্থাত হাতত ৰখা শিশু পৰ্ণগ্ৰাফীক অপৰাধৰ মান্যতা দিয়ে; আৰু (৫) আইএচপিসমূহে সন্দেহজনক শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে আইনৰক্ষীক বা আন আইনী পক্ষক অভিযোগ দাখিল কৰাটো বিচাৰে।১৩১৬১৭</blockquote>
শিশুৰ যৌন উৎপীড়ন

যিকোনো বয়সৰ শিশুক১৮ পৰ্ণগ্ৰাফ উৎপাদনত উৎপীড়ন কৰা হয়।১৯২০ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগৰ মতে পৰ্ণগ্ৰাফৰসকলে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে এক নিযুতৰো অধিক শিশুৰ উৎপীড়নৰে পৰ্ণগ্ৰাফিক সমল তৈয়াৰ কৰে।২১ কম বয়সৰ শিশু ভুক্তভোগী সকলৰ প্ৰতি হোৱা এই অপৰাধ বৰ্ধিত হাৰত আৰু অধিক নিৰ্মমতাৰে চলি আছে। শিশু নিৰ্যাতনৰ অপৰাধৰ ইণ্টাৰনেট অনুসন্ধানকাৰী ফ্লিণ্ট ৱাটাৰ্ছৰ মতে, "এই লোকসকলে শিশু আৰু শিশুক ধৰ্ষন কৰি আছে। আপুনি ভিডিঅ' বোৰত শিশুটোৰ কান্দোন, অসহায়বোধ, আৰু সহায়ৰ বাবে কাবৌ কৰা দেখিবলৈ পাব, আৰু এয়া ভয়াবহ!"২২ শিশুৰ "বাণিজ্যিক যৌন শোষণ"ৰ বিৰুদ্ধে বিশ্ব কংগ্ৰেছৰ মতে, "শিশু পৰ্ণগ্ৰাফি সমূহত হোৱা শিশু নিৰ্যাতনৰ সঠিক তথ্য সংগ্ৰহ কৰা অসম্ভৱ, আন্তৰ্জাতিক বজাৰত সহজে উপলব্ধ শিশু পৰ্ণগ্ৰাফিৰ ইমানবোৰ সমলে সূচিত কৰে যে এই মাধ্যমৰ যোগেৰে যথেষ্ট সংখ্যক শিশুক যৌন শোষণ কৰা হৈছে। "২৩
যুক্তৰাজ্য শিশুৰ অনুদান অনুষ্ঠান এন চি এইচ-এ কৈছে যে ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ চাহিদাৰ ফলত যৌন উৎপীড়নৰ ঘটনা বৃদ্ধি হৈছে, আৰু ইয়াৰ ফলতেই উৎপাদন প্ৰক্ৰিয়াত উৎপীড়নৰ বলি হোৱা শিশুৰ সংখ্যা বৃদ্ধি হৈছে।২৪ আমেৰিকা যুক্তৰাষ্ট্ৰত শিশু পৰ্ণগ্ৰাফি নিৰ্মাণৰ বাবে আটক কৰা ব্যক্তিৰ বিশ্লেষণৰ এক অধ্যয়নত এই কথা পোহৰলৈ আহে যে ২০০০ চনৰ পৰা ২০০১ চনলৈ এই এবছৰীয়া সময়ৰ ভিতৰত ৮৩% ৰ যৌৱনকাল আৰম্ভ নোহোৱা শিশুৰ পৰ্ণগ্ৰাফিক ছবি আছিল আৰু ৮০% ছবি আছিল যৌন কাৰ্য সম্পাদনৰ গ্ৰাফিকেল ছবি। ২১% ত বিভিন্ন হিংসাত্মক ব্যৱহাৰ যেনে হাত-ভৰি বন্ধা, ধৰ্ষণ, বা অত্যাচাৰ কৰা আৰু অন্তৰ্ভুক্ত শিশুৰ বেছিভাগ ছবিতেই দেখুওৱা হৈছিল শিশু সকলক হাত ভৰি বান্ধি, অচেতন কৰি, মুখত সোপা দি, চুকত কাপোৰ বান্ধি যৌন অত্যাচাৰ কৰা হৈছিল। ৩৯% ত গতি আৰু শব্দৰ সৈতে শিশু-পৰ্ণগ্ৰাফৰ ভিডিঅ' আছিল। ৭৯% শিশুৰ নগ্ন বা অৰ্ধ-নগ্ন ছবি। আইন প্ৰণয়নৰ দ্বাৰা পোৱা গৈছিল যে ৪৮%ৰ ভিতৰত ১০০ৰো অধিক গ্ৰাফিক স্থিৰ চিত্ৰ আৰু ১৪% ৰ ১০০০ বা অধিক গ্ৰাফিক ফটো আছিল। ৪০% আছিল "দ্বৈত অপৰাধকাৰী"ৰ যি শিশুক যৌন নিৰ্যাতন কৰিছিল আৰু সেই নিৰ্যাতনৰে শিশু পৰ্ণগ্ৰফি তৈয়াৰ কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Lee, Hee-Eun; Ermakova, Tatiana; Ververis, Vasilis. (September 2020). Detecting child sexual abuse material: A comprehensive survey. Forensic Science International: Digital Investigation. পৃ. 301022
- ↑ Akdeniz, Yaman. (2008). Internet child pornography and the law: national and international responses. Ashgate Publishing, Ltd. পৃ. 11. ISBN 978-0-7546-2297-0
- ↑ Wortley, Richard; Stephen Smallbone. (2006). Situational Prevention Of Child Sexual Abuse, Volume 19 of Crime prevention studies. Criminal Justice Press. পৃ. 192. ISBN 978-1-881798-61-3
- ↑ Sanderson, Christiane. (2004). The seduction of children: empowering parents and teachers to protect children from child sexual abuse. Jessica Kingsley Publishers. পৃ. 133. ISBN 978-1-84310-248-9
- ↑ What is Child Pornography. NCMEC
- ↑ (2004). Definition of 'Child Pornography'. Criminal Code of Canada, Section 163.1. Electronic Frontier Canada
- ↑ (26 March 2002). Sharpe Not Guilty of Possessing Written Child Pornography. CBC News
- ↑ Akdeniz, Yaman. (2008). Internet child pornography and the law: national and international responses. Ashgate Publishing, Ltd. পৃ. 153. ISBN 978-0-7546-2297-0
- ↑ "Child Porn" video game rated PG in Australia. digiknow
- ↑ (March 12, 2020). Website selling 'real' rape and child pornography videos shut down after arrest in Netherlands, Justice Department says. The Washington Post
- ↑ U.S. Sentencing Commission. (October 2009). The History of the Child Pornography Guidelines
- ↑ Child Pornography: Model Legislation & Global Review. ICMEC
- ↑ Mark Gibney; Wouter Vandenhole. (2013). Litigating Transnational Human Rights Obligations: Alternative Judgments. Routledge. পৃ. 63. ISBN 978-1135121051
- ↑ Jay LaBonte. (2007). Parents Guide to the Internet. Lulu. পৃ. 20–21. ISBN 978-1430307693
- ↑ John J. Barbara. (2007). Handbook of Digital and Multimedia Forensic Evidence. Springer Science & Business Media. পৃ. 78. ISBN 978-1597455770
- ↑ Embassy Santo Domingo (Dominican Republic). (June 25, 2008). Icmec Explores Areas of Cooperation With Godr to Combat Child Sexual Exploitation
- ↑ Yaman Akdeniz. (2013). Internet Child Pornography and the Law: National and International Responses. Ashgate Publishing, Ltd. পৃ. 106, 275, 278, 293. ISBN 978-1409496076
- ↑ Simons, Marlise. (19 July 1998). Dutch Say A Sex Ring Used Infants On Internet. The New York Times
- ↑ Sheldon, Kerry; Dennis Howitt. (2007). Sex Offenders and the Internet. John Wiley and Sons. পৃ. 20. ISBN 978-0-470-02800-1
- ↑ Wells, M.; Finkelhor, D.; Wolak, J. (2007). Defining Child Pornography: Law Enforcement Dilemmas in Investigations of Internet Child Pornography Possession. Police Practice and Research. পৃ. 269–282
- ↑ Levesque, Roger J.R. (1999). Sexual Abuse of Children: A Human Rights Perspective. Indiana University Press. পৃ. 66. ISBN 978-0-253-33471-8
- ↑ (2008). The Child Porn Pipeline Part Three: A child victim's story of betrayal and despair. Buffalo News
- ↑ Child pornography: an international perspective'', Margaret A. Healty, 1996
- ↑ (12 January 2004). Internet porn 'increasing child abuse'. Guardian Unlimited. Guardian News and Media Limited
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিশু পৰ্ণগ্ৰাফি” প্ৰবন্ধৰ সংশোধন ৬৩২৭৯৯ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।