সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসম মহিলা বিশ্ববিদ্যালয়
অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়।
-
আখৈ
আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়।
-
আন্তৰ্জাতিক মাষ্টাৰ
আন্তৰ্জাতিক দবা সংস্থাই গ্ৰেণ্ডমাষ্টাৰৰ তলৰ শক্তিশালী দবা খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ উপাধি প্ৰদান কৰে। ১৯৫০ চনত গ্ৰেণ্ডমাষ্টাৰ উপাধিৰ সৈতে একে সময়তে প্ৰতিষ্ঠা হোৱা এই খিতাপক চমুকৈ আই এম বুলি কোৱা হয়।
-
আমৰলি টোপ
আমৰলি টোপ অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হ’ল আমৰলি টোপ৷ আমৰলি পৰুৱাই গছত বাহ বান্ধি থাকে৷ এইবিধ পৰুৱাৰ ৰং ৰঙা আৰু ইয়াৰ পিছৰ অংশত এবিধ এচিড জাতীয় পানীয় জমা থাকে৷ শত্ৰুৰ আক্ৰমণ এইবিধ পৰুৱাই নিজে প্ৰাণ দিও প্ৰতিহত কৰিবলৈ চেষ্টা কৰে৷ পৰুৱা বিধে মুখেৰে কামুৰি…
-
উগাণ্ডাৰ নাৰী
উগাণ্ডাৰ বহু পৰম্পৰাগত সমাজত মহিলাসকলৰ বাবে অনেক অৰ্থনৈতিক আৰু সামাজিক দায়িত্ব অৰ্পণ কৰা হৈছে। উগাণ্ডাৰ মহিলাসকল বিভিন্ন অৰ্থনৈতিক আৰু শৈক্ষিক পটভূমিৰ পৰা আহিছে। সমগ্ৰ দেশতে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰগতিৰ পিছতো উগাণ্ডাত ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতন এক গম্ভীৰ বিষয় হৈয়ে আছে।
-
এছিয়ান উন্নয়ন বেংক
এছিয়ান উন্নয়ন বেংক (Asian Development Bank) বা এডিবি আঞ্চলিক উন্নয়ন বেংক হিচাপে ২২ আগষ্ট, ১৯৬৬ চনত প্ৰতিষ্ঠিত হয়। এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ অৰ্থনৈতিক উন্নয়নক দ্ৰুত, বেগৱান আৰু সহজ কৰায় এই বেংকৰ মূল উদ্দেশ্য।
-
কালান
কালান (মালয়ালম: കാളൻ) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ এবিধ পৰম্পৰাগত ব্যঞ্জন। ই দৈ, নাৰিকল আৰু কেঁচা কাঁচকল (নেণ্ড্ৰা কায়া) বা মাটিৰ তলৰ আলু যেনে ওলকবি/কাঠ আলু (চেনা) ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই তৰকাৰীখন অতি ঘন আৰু টেঙা সোৱাদযুক্ত হয়। কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সদ্যাৰ ই এক অন্যতম অপৰিহাৰ্য পদ।
-
কুইয়াৰ অধ্যয়ন
কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), বাইচেক্সুৱেল (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ…
-
কৃত্ৰিম গাখীৰ
গৰু,ছাগলী,ম'হ আদি কিছুমান বিশেষ জন্তুৰ গাখীৰ মানুহৰ বাবে পুষ্টিকৰ খাদ্য। কিন্তু সকলো ঠাইতে সকলো সময়তে এই গাখীৰ পোৱা নাযায়। জন্তুৰ গাখীৰ পৰিপূৰক হিচাপে মানুহে আজিকালি টিনত থকা পাউদাৰ গাখীৰ ব্যৱহাৰ কৰে। পানী নথকা এই গাখীৰক কৃত্ৰিম গাখীৰ বুলি কোৱা হয়।
-
কেওঁট জনগোষ্ঠী
কেওঁট বা কৈৱৰ্ত জনগোষ্ঠী সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰপৰা কিৱত আৰু‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক। এওঁলোক অসমৰ অন্যতম পুৰণি জনগোষ্ঠী। এই জাতিৰ লোকসকল হিন্দুধৰ্মীয়।এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল।
-
কেবায়া
কেবায়া (ইংৰাজী: kebaya) হৈছে দক্ষিণ-পূব এছিয়াৰ মহিলাসকলে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। ব্ৰুণেই,ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডত মহিলাসকলে কেবায়া পৰিধান কৰে। দক্ষিণ ফিলিপাইন আৰু কম্বোডিয়াৰ কিছু অঞ্চলতো কেবায়া পৰিধান কৰা হয়।
-
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
গোলাঘাট বাণিজ্য মহাবিদ্যালয় গোলাঘাটৰ জ্যোতি নগৰত স্থাপিত উজনি অসমৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান। ১৯৭২ চনৰ ৯ অক্টোবৰত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই মহাবিদ্যালয়খনত বাণিজ্য আৰু কলা দুয়োটা শাখাতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰচলন আছে।
-
গৌড় ব্ৰাহ্মণ
গৌড় ব্ৰাহ্মণ (গড়, গৌড়, গাউৰ বা গৌড়া বুলিও লিখা হয়) ভাৰতৰ ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। বিন্ধ্যৰ উত্তৰত বাস কৰা পাঁচটা পঞ্চ গৌড় ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভিতৰত এওঁলোক অন্যতম।
-
ঘুগনি
ঘুগনি (ଘୁଗ୍ନି ) বা ঘুগুনি ( ঘুগুনি) বা গুগুনি মটৰ বা বুটমাহৰে তৈয়াৰ কৰা এবিধ তৰকাৰী। খাদ্যৰ বিভিন্ন শৈলীত বিভিন্ন ধৰণৰ মটৰমাহ বা বুটমাহ ব্যৱহাৰ কৰা হয়, যেনে ক’লা বুট, সেউজীয়া মটৰমাহ বা বগা মটৰমাহ।
-
চণ্ডাল
চণ্ডাল হৈছে মৃতদেহ সৎকাৰৰ সৈতে সম্পৰ্কিত ব্যক্তিক বুজাবলৈ ব্যৱহৃত এক সংস্কৃত শব্দ, বা এজন হিন্দু নিম্ন বৰ্ণৰ লোকক বুজাবলৈ ব্যৱহাৰ হোৱা অভিধা। পৰম্পৰাগতভাৱে চণ্ডাল সকলক অস্পৃশ্য বুলি গণ্য কৰা হয়। এই জাতিৰ এগৰাকী মহিলা সদস্যক চণ্ডালী বুলি জনা যায়।
-
চতুৰ্থ ঢৌৰ নাৰীবাদ
চতুৰ্থ ঢৌৰ নাৰীবাদ (Fourth-Wave Feminism) হৈছে ২০১২ চনৰ আশে-পাশে আৰম্ভ হোৱা এক নাৰীবাদী আন্দোলন আৰু ইয়াৰ বৈশিষ্ট্য হৈছে নাৰী সৱলীকৰণ,ইণ্টাৰনেট সঁজুলিৰ ব্যৱহাৰ, আৰু আন্তঃবিভাজন। চতুৰ্থ ঢৌৱে লিংগভিত্তিক নীতি-নিয়ম আৰু সমাজত নাৰীক প্ৰান্তীয়কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধিক লিংগ সমতা বিচাৰিছে।
-
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
চাটনি
চাটনি ভাৰতীয় উপমহাদেশৰ খাদ্যৰ সৈতে জড়িত মচলা। চাটনি বিভিন্ন ৰূপত তৈয়াৰ কৰা হয়, কিছুমান কেঁচা যেনে ধনীয়াৰ লগত, আন কিছুমান চেনিৰে সিজোৱা, যেনে আমৰ চাটনি। ব্ৰিটিছ ৰাজৰ সময়ত এংলো-ভাৰতীয় খাদ্যই ভাৰতীয় চাটনীক খাপ খুৱাই ব্ৰিটেইনলৈ ঘূৰাই আনিছিল, য’ত বিশেষকৈ সেউজীয়া আমৰ চাটনি জনপ্ৰিয় হৈ পৰিছিল।
-
চিঙৰা
চিঙৰা বা ’চিংৰা’ (Chamosa) এবিধ জনপ্ৰিয় মুখৰোচক খাদ্য৷ ময়দাৰ ডাঠ প্ৰলেপেৰে ভিতৰত বিভিন্ন খাদ্যবস্তুৰ পূৰ দি তিনিকোণীয়াকৈ আকাৰ দি গৰম তেলত ডুবাই সোণালী ৰং হোৱাকৈ ভাজি এইবিধ খাদ্য তৈয়াৰ কৰা হয়৷ পৃথিৱীৰ বিভিন্ন দেশত চিঙৰাক এক জলপান হিচাপে ব্যৱহাৰ কৰা হয়৷ ভোক নিবৃত্তিৰ লগতে মুখৰোচক চিঙৰা এটা…
-
চেল ৰুটি
চেল ৰুটি (Sel roti) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য। পৰম্পৰাগতভাৱে ই এবিধ চাউলৰ গুড়ি পানীৰ সৈতে আটা মৰাৰ দৰে মাৰি আঙুঠি আকৃতিৰ কৰি ভজা এবিধ মিঠা ব্যঞ্জন।
-
ছালৱাৰ
ছালৱাৰ বা শালৱাৰ(Salwar) হ’ল কঁকালৰ পৰা গোৰোহালৈকে পিন্ধা, দুয়োখন ভৰি পৃথকে পৃথকে ঢাকি ৰখা কাপোৰ। দক্ষিণ এছিয়াত বহুলভাৱে পৰিধান কৰা শালৱাৰ কামিজ চুটৰ তলৰ কাপোৰ। ইয়াৰ সজীৱ ৰং, চহকী কাপোৰ আৰু এম্ব্ৰয়ডাৰীৰ বাবে জনাজাত। এই সাজ-পোছাক শতিকাজুৰি ভাৰত আৰু পাকিস্তানৰ পাঞ্জাবী পৰম্পৰাৰ অংশ।
-
জাপানৰ নাৰী
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ মহিলাসকলৰ পুৰুষৰ সমান আইনী অধিকাৰ আছে বুলি স্বীকৃতি দিয়া হৈছিল যদিও তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাৰসাম্যহীন হৈয়ে আছিল। মাতৃত্ব আৰু কৰ্মক্ষেত্ৰত অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে আধুনিক নীতিগত পদক্ষেপ লোৱা হৈছে যদিও ইয়াৰ ফলাফল মিশ্ৰিত।
-
জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ
জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ (চমুকৈ জে এন চি এ এছ আৰ) এক বহু শৈক্ষিক বিষয় (ইংৰাজী: multidisciplinary) বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ…
-
টাই আহোম যুৱ পৰিষদ, অসম
টাইপা বা টাই আহোম যুৱ পৰিষদ, অসম(TAYPA) অসমৰ টাই-আহোম জনগোষ্ঠীৰ এটা যুৱ সংগঠন। এই সংগঠনৰ মূল উদ্দ্যেশ্য হল টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন তথা টাই আহোমক সামৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।
-
টাই-নুৱা জনগোষ্ঠী
টাই-নুৱা (টাই-নুৱা ভাষা: ᥖᥭᥰ ᥘᥫᥴ টাই লে'; চীনা: 傣那 Dǎinà) হৈছে টাই জাতিৰ এটা গোষ্ঠী, যি দক্ষিণ-পূব এছিয়াত পোৱা যায়। জনগোষ্ঠীটোৰ বেছিভাগ জনসংখ্যা চীনৰ ইউন্নান প্ৰদেশ, লাওচ, থাইলেণ্ড, মানদেশ আৰু ভিয়েটনামত বাস কৰে। কিছুমান আমেৰিকা যুক্তৰাষ্ট্ৰলৈও অভিবাসিত হৈছে।
-
টোপোলা ভাত
টোপোলা ভাত চাউলৰপৰা প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, জয়পুৰ আদিৰ উপৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু প্ৰভৃতি অঞ্চলত বসবাস কৰা শ্যামচীন গোষ্ঠীৰ টাইফাকেসকলে টোপোলা ভাত (তেওঁলোকৰ ভাষাত শাখাও) প্ৰস্তুত কৰে।
-
ট্ৰাভাংকোৰ ৰাজপৰিয়াল
ট্ৰাভাংকোৰ ৰাজপৰিয়াল ট্ৰাভাংকোৰ ৰাজ্যৰ শাসক ৰাজবংশ আছিল। তেওঁলোকে ১৭৮৮ চনত ব্ৰিটিছৰ সৈতে এটা চুক্তি স্বাক্ষৰ কৰি ব্ৰিটিছ আধিপত্য মানি লৈছিল। পিছত ১৮০५ চনত তেওঁলোকে চুক্তিখন পুনৰ সংশোধন কৰে, যাৰ ফলত ৰাজকীয় কৰ্তৃত্ব হ্ৰাস পায় আৰু ট্ৰাভাংকোৰে ৰাজনৈতিক স্বাধীনতা হেৰুৱায়।
-
ঢোলবিৰি
ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল।
-
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
থুৰীয়া
থুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে।