অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গৱেষণা কৰা হয়।
কাম-কাজ
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনি প্ৰণয়নৰ পৰিকল্পনা আৰু ৰূপায়ণ জড়িত গৱেষণা আৰু প্ৰশাসনিক বিষয়া সমূহৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত পৰীক্ষাত উত্তীৰ্ণ অসম প্ৰশাসনিক সেৱা, আৰক্ষী সেৱা, কৰ, পৰিবহণ, অবকাৰী, সমবায় আৰু ভূমি ৰাজহ সেৱাৰ নৱনিযুক্ত বিষয়া সমূহক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে প্ৰশাসনিক বিষয়া সমূহৰ প্ৰশিক্ষণৰ প্ৰয়োজন বিশ্লেষণ, প্ৰশিক্ষণ কাৰ্যসূচী নিৰ্ণয়, প্ৰশিক্ষণৰ সামগ্ৰী প্ৰস্তুত আৰু নৱীকৰণ, আন্তঃ আৰু বহিঃ পৰীক্ষণ ইত্যাদিৰ লগত জড়িত। ইয়াৰ লগতে ই অসমৰ অন্যান্য অসামৰিক সেৱাৰ বিষয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য বিভাগৰ বিষয়া সমাহাৰ আধাৰ পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰ লগতে ব্যৱস্থাপনা, প্ৰশাসনিক উন্নয়ন, গ্ৰামোন্নয়ন, পৰিকল্পনা প্ৰক্ৰিয়াৰ বিকেন্দ্ৰীকৰণ, প্ৰকল্পৰ ৰূপায়ণ, সামাজিক বিতৰণ তন্ত্ৰ, কম্পিউটাৰ তন্ত্ৰ আদিৰ নৱপাঠ্যক্ৰম আৰু উন্মুখীকৰণ অনুষ্ঠিত কৰে।
তদুপৰি অসম অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বন সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু ভাৰত চৰকাৰৰ অন্যান্য কেন্দ্ৰীয় সেৱাৰ বিষয়াসকলৰ বাবে বিভিন্ন পাঠ্যক্ৰম যুগতায়। ইয়াৰ লগতে ভাৰত চৰকাৰে প্ৰযোজনা কৰা বিভিন্ন পাঠ্যক্ৰম যেনে প্ৰশিক্ষকৰ প্ৰশিক্ষণ, প্ৰশিক্ষণৰ ব্যৱস্থাপনা, মানৱ অধিকাৰ, লৈংগীক বিষয়, চিকিৎসালয় ব্যৱস্থাপনা, কম্পিউটাৰ কাৰ্য-ব্যৱস্থা আদিও শিকোৱা হয়।১
পৰিচালনা
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ অন্তৰ্ভুক্ত।
অৱস্থান
মহাবিদ্যালয়খনি জৱাহৰ নগৰৰ দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু উত্তৰে গুৱাহাটী শ্বিলং পথৰ মাজত অৱস্থিত। এই মহাবিদ্যালয় দিছপুৰত অৱস্থিত অসম চৰকাৰৰ সচিবালয় গৃহৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত। গুৱাহাটীত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এই মহাবিদ্যালয় ৩০ কিলোমিটাৰ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এই মহাবিদ্যালয়ৰ দূৰত্ব ১১ কিলোমিটাৰ নিলগত অৱস্থিত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৩৬৫০ (১৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।