ঁ (চন্দ্ৰবিন্দু) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪১ নং আখৰ হিচপে আছে যদিও ই এটা বৰ্ণ নহয়, এটা নাসিক্যধ্বনিহে৷১ ই সদায় স্বৰবৰ্ণৰ ওপৰত বহি নাসিক্য ধ্বনি সূচায়, অৰ্থাৎ ইয়াক উচ্চাৰণ কৰোঁতে স্বৰধ্বনি নাকেৰে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইংৰাজী N ধ্বনিযুক্ত বৰ্ণ বুজাবলৈয়ো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে: Nagaon=নগাঁও৷ নিজে নিজে উচ্চাৰিত হ’ব নোৱাৰে বাবেই ই বৰ্ণ নহয়৷২ অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান নীতি-নিয়ম ধৰাবন্ধা আছে৷ চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ তাৰতম্যত শব্দৰ অৰ্থৰ তাৰতম্য ঘটে৷ কিছুমান বৰ্ণত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ বিধি-নিষেধ আছে৷ যেনে: ঙ, ঞ, ণ, ন আৰু ম বৰ্ণৰ ওপৰত কেতিয়াও চন্দ্ৰবিন্দু ব্যৱহৃত নহয়৷ কাৰণ, উল্লিখিত বৰ্ণকেইটা নিজেই একো একোটা নাসিক্য বৰ্ণ৷ প্ৰকৃততে সংস্কৃতৰ নাসিক্য ধ্বনি “অনুস্বাৰ(ং), ঙ, ঞ, ণ, ন,আৰু ম’’ নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু৷৩
চন্দ্ৰবিন্দুৰ ব্যৱহাৰ
- অসমীয়া ভাষাৰ তদ্ভৱ শব্দত সংস্কৃতৰ অনুস্বাৰ, ঙ, ঞ, ণ, ন আৰু ম ধ্বনি পৰিৱৰ্তিত হৈ অসমীয়াত চন্দ্ৰবিন্দুৰূপে ব্যৱহাৰ হয়৷ যেনে; বংস>বাঁহ, অঙ্ক>আঁক, পঞ্চ>পাঁচ, কণ্টক>কাঁইট বা কাঁটা, দন্ত>দাঁত, গ্ৰাম>গাঁও,৩ জাম্প>জাঁপ আদি৷২
- বৰ্তমান আৰু অতীতকালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত আৰু সাম্ভাৱ্য ভূতকালৰ “হেঁতেন’’ পৰসৰ্গতো (হ+এ) ’এ’ৰ ওপৰত চন্দ্ৰবিন্দু বহে৷ যেনে: খালোঁ, পঢ়োঁ, খাইছিলোঁ, পঢ়িছিলোঁ, খালোঁহেঁতেন ইত্যাদি৷৩
- ক্ৰিয়াপদৰ অসমাপিকা ৰূপ গঠন কৰোঁতে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে৷ যেনে: খাওঁতে, যাওঁতে, পঢ়োঁতা, দিওঁতা ইত্যাদি৷৩
- নামপদৰ বহুবচন বুজোৱা “হঁত’’ আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা “হঁক’’ প্ৰত্যয়তো চন্দ্ৰবিন্দু ব্যৱহৃত হয়৷ যেনে: সিহঁত, মাহঁত, যোৱাহঁ, খোৱাহঁক আদি৷৩
- মৃত লোকক বুজাবলৈ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷৩
- কিছুমান তদ্ভৱ শব্দত নথকা স্বত্বেও স্বতঃস্ফুৰ্ত নাসিক্যভৱনৰ বাবে কিছুমান অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে সঁচা, আঁহত, আঁঠু আদি৷৩
চন্দ্ৰবিন্দু ব্যৱহাৰত নিষেধ
- আদেশ বা অনুৰোধ বুজোৱা অনুজ্ঞাৰ তৃতীয় পুৰুষৰ ক্ৰিয়াবিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷ যেনে: খাওক, লওক, যাওক আদিত৷৩
- ইংৰাজী also, too বুজোৱা অৰ্থত ও ব্যৱহাৰ হ’লে, তাত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা নহয়৷ যেনে: সিও, ক’লেও, গ’লেও, তুমিও ইত্যাদি৷৩
- অনুস্বাৰ, ঙ, ঞ, ণ, ন, আৰু ম বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷৩
চন্দ্ৰবিন্দুৰ ব্যৱহাৰত অৰ্থৰ ভিন্নতা
চন্দ্ৰবিন্দুৰ ভুল প্ৰয়োগে অসমীয়া ভাষাৰ শব্দৰ প্ৰকৃত অৰ্থ প্ৰকাশ নকৰে৷ যেনে: তেও(তথাপি)-তেওঁ( তেখেত), বাহ(চৰাইৰ বাহ)-বাঁহ(বাঁহগছ) আহত(আঘাতপ্ৰাপ্ত)-আঁহত(আঁহতগছ) আদি৷২
তথ্যসূত্ৰ
- ↑ ডেকা, ড° খগেশ সেন. (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃ. ২১০
- ↑ চন্দ্ৰবিন্দু আৰু ৰেফৰ ব্যৱহাৰ
- ↑ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. (২০২২). সাহিত্য সৌৰভ. মাধ্যমিক শিক্ষা বিভাগ অসম, চৰকাৰ. পৃ. ১৭৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঁ (চন্দ্ৰবিন্দু)” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৮৫ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।