সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দক্ষিণ কোৰিয়াৰ নাৰী
দক্ষিণ কোৰিয়াৰ মহিলাসকলে( Women in South Korea) শেহতীয়া বৰ্ষসমূহত সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট উন্নতি সাধন কৰিছে। কনফুচিয়াছবাদ সংস্কৃতিত গভীৰভাৱে সোমাই থকা পূৰ্বৰ সময়তকৈ এই পৰিৱৰ্তনৰ মাত্ৰা বেছি বুলি ঠাৱৰ কৰা হৈছে।১৯৬০ চনৰ শেষৰ ফালৰ পৰা নগৰায়ন, উদ্যোগীকৰণ, সামৰিক স্বৈৰাচাৰীতা,…
-
দখনা
দখনা (दख'ना; Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক।
-
ধেমেলীয়া সম্পৰ্ক
নৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ্ক য’ত জোকাবলৈ বা ঠাট্টা কৰাৰ উদ্দেশ্য ধেমেলীয়া আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এই সম্পৰ্কত দুজন আত্মীয়ই অতি আন্তৰিক সম্পৰ্ক বজাই ৰাখি ইজনে সিজনক ধেমালি কৰে।
-
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত।
-
নান
নান (/nɑːn/)এবিধ লুণীয়া স্বাদৰ, টাণ্ডুৰত সিজোৱা বা তাৱাত ভজা চেপেটা ৰুটি, যাক অ’ভেনতো বনাব পাৰি। ইয়াৰ বৈশিষ্ট্য হৈছে কোমল, পাতল আৰু ফুলি উঠা টেক্সচাৰ আৰু বেকিং প্ৰক্ৰিয়াৰ দ্বাৰা সোণালী-বাদামী বৰণৰ দাগ থাকে।নান মুখ্যভাৱে মধ্য এছিয়া, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ানৰ খাদ্যত পোৱা…
-
নাৰিকল তেল
নাৰিকল তেল হৈছে নাৰিকল গছৰ পৰা সংগ্ৰহ কৰা নাৰিকলৰ খোলাৰ পৰা উলিওৱা এক প্ৰকাৰৰ তেল। নাৰিকল তেলৰ বিভিন্ন ব্যৱহাৰ আছে। উচ্চ সংপৃক্ত চৰ্বিৰ বাবে ই লাহে লাহে জাগৰিত হয় আৰু ৰেঞ্চিডিফিকেশনৰ প্ৰতিৰোধী হোৱাৰ বাবে ই ২৪ ডিগ্ৰী চেলছিয়াছ (৭৫ ডিগ্ৰী ফাৰেনহাইট) তাপমাত্ৰাত ছমাহলৈকে নষ্ট নোহোৱাকৈ ভালে থাকে।
-
নেচাৰ্চ বেকন
নেচাৰ্চ বেকন হৈছে উত্তৰ-পূব ভাৰতৰ এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন। ১৯৮২ চনত সামাজিক উদ্যোগীৰ সংস্থা অশোকৰ সদস্য সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৯১ চনত সংগঠনটোৱে ভাৰতৰ ৰেজিষ্ট্ৰাৰ অফ ছ’চাইটীজ এক্ট বা সমিতি পঞ্জীকৰণ আইনৰ অধীনত পঞ্জীয়ণ লাভ কৰে। সংগঠনটোৰ মুখ্য কাৰ্যালয় ধুবুৰীত আছে।
-
পাপড়
পাপডম (অন্য ভিন্নতাৰ মাজত পপডম বুলিও বানান কৰা হয়), যাক পাপড বা পাপড় বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা এবিধ খাদ্য। ক'লা গ্ৰাম বীনৰ বেচন হয় ডিপ ফ্ৰাই কৰা হয় নহয় শুকান জুইত খহটা হোৱালৈকে সিজাই লোৱা হয়।
-
প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।
-
পৰঠা
পৰঠা ভাৰতীয় উপমহাদেশৰ স্থানীয় ফ্লেটব্ৰেড, পৰঠা হৈছে পৰত আৰু আত্ত শব্দৰ মিশ্ৰণ, যাৰ আক্ষৰিক অৰ্থ হৈছে সিজোৱা আটা মঠাৰ তৰপ। ইয়াক পৰন্ত, পৰৌণ্ঠ, প্ৰান্ত, পৰন্তয়, পৰোন্থী ( পাঞ্জাবী ), পৰোতা ( বাংলা ভাষাত ), পৰঠা ( অডিয়া, উৰ্দু, হিন্দী ভাষাত ), পালাটা; ম্যানমাৰত), পৰথা ( অসমীয়াত ), ফোৰটা (…
-
বহুপতি প্ৰথা
বহুপতি প্ৰথা (Polyandry) হৈছে এক প্ৰকাৰৰ বহুবিবাহ য'ত এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থাকে। বহুপতি হৈছে বহুস্ত্ৰী বিবাহৰ বিপৰীত, য'ত এজন পুৰুষৰ দুই বা ততোধিক স্ত্ৰী থাকে। এক প্ৰতিবেদন অনুসৰি এই পৃথিৱীত, ৫০তকৈও অধিক সমাজে বহুপতি প্ৰথা অনুশীলন কৰে।
-
বাইফ'বিয়া
বাইফ'বিয়া (biphobia) হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।
-
বুটা
বুটা (পাৰ্চী: بته), হৈছে আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ। যদিও পাৰ্চী মূলৰ, ভাৰত, আজাৰবাইজান, তুৰস্ক আৰু নিকট পূবৰ অন্যান্য দেশত ইয়াক অতি সাধাৰণ ভাৱে বুটা বুলি কোৱা হয়।
-
বৰফি
বৰফি বা বৰ্ফি হৈছে ভাৰতীয় উপমহাদেশত বহুলভাৱে প্ৰচলিত গাখীৰ ভিত্তিক এবিধ মিঠাই। ইয়াৰ নামটো পাৰ্চী আৰু উৰ্দু শব্দ বৰ্ফৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে তুষাৰ। সমগ্ৰ ভাৰত আৰু পাকিস্তানত বিব্জিন্ন উপলক্ষত বৰফি খোৱা হয়।
-
ভট্ট পৰিয়াল
ভট্ট পৰিয়াল এটা বিখ্যাত ভাৰতীয় পৰিয়াল, এই পৰিয়ালৰ লোকসকল বেছিভাগেই চিনেমা, অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজকৰ সৈতে জড়িত ৷ এই পৰিয়ালটোৰ বহু প্ৰজন্মই হিন্দী ছবিৰ বিকাশত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
-
ভাৰতত ধৰ্ষণ
ভাৰতত ধৰ্ষণ (Rape in India) নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ চতুৰ্থ স্থানত আছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,৬৭৭টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে, অৰ্থাৎ দৈনিক গড়ে ৮৬টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০২০ চনৰ তুলনাত ২৮,০৪৬টা গোচৰ বৃদ্ধি পাইছে।
-
ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী
ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী (ইংৰাজী: National Federation of Indian Women) হৈছে ভাৰতৰ এটা মহিলা সংগঠন। এই সংগঠনটো ভাৰতৰ অন্যতম ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মহিলা শাখা। ১৯৫৪ চনৰ ৪ জুনত অৰুণা আছফ আলিকে ধৰি মহিলা আত্মৰক্ষা সমিতিৰ কেইগৰাকীমান নেতাই সংগঠনটো প্ৰতিষ্ঠা কৰে।
-
ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান
ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনস্থ এটি স্বায়ত্ত্বশাসিত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান। ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানত বন্যজীৱৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক গৱেষণা হয়।
-
মনপা জনগোষ্ঠী
মনপা জনগোষ্ঠী,বৈকল্পিক বানানবোৰৰ ভিতৰত আছে মোনবা', আৰু মেম্বা' চীনা ভাষাত: 门巴族) উত্তৰ-পূব ভাৰত অৰুণাচল প্ৰদেশৰ এক প্ৰধান জনগোষ্ঠী। মনপা জনগোষ্ঠী চীনৰ ৫৬টা চৰকাৰীভাৱে স্বীকৃত জাতিগত গোটৰ এটা।
-
মহিলাৰ কাম
মহিলাৰ কাম(Women's work) হৈছে কেৱল নাৰীৰ ক্ষেত্ৰ বুলি ধৰা আৰু ইতিহাসৰ সময়ছোৱাত এককভাৱে নাৰীসুলভ বা ঘৰুৱা কৰ্তব্য হিচাপে গণ্য কৰা নিৰ্দিষ্ট সংস্কাৰপূৰ্ণ চাকৰিৰ সৈতে জড়িত শ্ৰমৰ ক্ষেত্ৰ। ঘৰ আৰু পৰিয়ালত মাতৃ বা পত্নীয়ে বিনা বেতনে কৰা শ্ৰমৰ কথা উল্লেখ কৰি ইয়াক বেছিকৈ ব্যৱহাৰ কৰা হয়।
-
মিচিং আগম কেবাং
মিচিং আগম কেবাং(Mising Agom Kébang (MAK)) হৈছে এটা বেচৰকাৰী সাহিত্যিক সংস্থা যিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মিছিং ভাষাক সংৰক্ষণ আৰু বিকাশৰ বাবে কাম কৰি আহিছে। ১৯৭২ চনৰ ১৮ এপ্ৰিলত অসমৰ শিৱসাগৰ জিলাৰ দিছাংমুখত এই সংস্থাৰ প্ৰতিষ্ঠা কৰা হয়।
-
মীনাক্ষী শেষাদ্ৰী
মীনাক্ষী শেষাদ্ৰী (ইংৰাজী: Meenakshi Seshadri; জন্ম: ১৬ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, মডেল, নৃত্যশিল্পী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মূলতঃ হিন্দী ছবিত কাম কৰাৰ লগতে তেওঁ কিছুসংখ্যক তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছিল।
-
মুড়ি
মুড়ি (Puffed rice) হৈছে দক্ষিণ-পূব এছিয়া, পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ পৰম্পৰাগত খাদ্যত ব্যৱহাৰ হোৱা চাউলৰ পৰা তৈয়াৰী এক খাদ্য সামগ্ৰী। ১৯০৪ চনৰ পৰা পশ্চিমীয়া দেশসমূহতো ইয়াক ব্যৱসায়িকভাৱে উৎপাদন কৰা হয়। মুড়ি পুৱাৰ আহাৰ আৰু অন্যান্য জলপানৰ খাদ্যত জনপ্ৰিয়।
-
মুৰাৰিচাঁদ মহাবিদ্যালয়
মুৰাৰিচাঁদ মহাবিদ্যালয় (মুরারিচাঁদ মহাবিদ্যালয়) ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট ডিভিজনৰো ই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ই বাংলাদেশৰ সপ্তম পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৮৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
-
যৌতুকৰ বাবে মৃত্যু
যৌতুকৰ বাবে মৃত্যু (Dowry death) হৈছে যৌতুক সম্পৰ্কে হোৱা বিবাদৰ বাবে স্বামী আৰু শহুৰৰ ঘৰৰ ব্যক্তিৰ দ্বাৰা নিৰন্তৰ নিৰ্যাতন আৰু অত্যাচাৰৰ দ্বাৰা বিবাহিত মহিলাৰ হত্যা কৰা বা আত্মহত্যাৰ বাবে প্ৰেৰিত কৰা। ইয়াৰ ফলত মহিলাৰ বাসস্থান বা ঘৰ তেওঁলোকৰ বাবে আটাইতকৈ বিপদজনক স্থান হৈ পৰে।
-
লাও (পানীয়)
লাও (𑜎𑜰𑜫,চীনা ভাষা:酪,থাই ভাষা:เหล้า) হল মূলতঃ টাইসকলৰ পৰম্পৰাগত পানীয় যাক অসম, চীন, ছান, থাইলেণ্ড আৰু লাওচৰ টাই সকলে প্ৰস্তুত আৰু গ্ৰহণ কৰে। অসম আৰু উত্তৰ পূৰ্ব্বাঞ্চলত লাওৰ প্ৰয়োগ যথেষ্ট হয়। বিশেষকৈ অসমৰ টাই আহোম সকলৰ মাজত ইয়াৰ প্ৰয়োগ যথেষ্ট।
-
লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
লিংগ অনুসৰি দৰমহাৰ ব্যৱধান বা লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap) হ’ল কাম কৰা পুৰুষ আৰু মহিলাৰ পাৰিতোষিকৰ মাজৰ গড় পাৰ্থক্য। সাধাৰণতে মহিলাসকলক পুৰুষতকৈ কম দৰমহা পোৱা দেখা যায়। দৰমহাৰ ব্যৱধানৰ সন্দৰ্ভত দুটা সুকীয়া সংখ্যা আছে: অ-নিয়মিত (Non adjusted) বনাম নিয়মিত মজুৰিৰ (adjusted) ব্যৱধান।
-
লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী
লিংগ বৈষম্য (Gender Discrimination বা Gender Bias) হৈছে সামাজিকভাৱে নিৰ্মিত লিংগৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি কৰা যিকোনো পাৰ্থক্য, আৰু প্ৰতিবন্ধকতা যি ব্যক্তি এজনক সম্পূৰ্ণ মানৱ অধিকাৰ উপভোগ কৰাত বাধা দিয়ে কিছু সামাজিক বিজ্ঞানীৰ মতে ই এক সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষ আৰু মহিলাক সমান বুলি বিবেচনা…
-
শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Salbari Higher Secondary School) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমা অন্তৰ্গত এখন পুৰণি আৰু জনপ্ৰিয় শিক্ষানুষ্ঠান (সাধাৰণতে শালবাৰী মডেল এইচ.এছ. স্কুল বুলি কোৱা হয়)। বিদ্যাল়য়খন শালবাৰী অঞ্চলৰ উলুবাৰী গাঁও আৰু শালবাৰী বজাৰৰ মাজত অৱস্থিত।
-
শালবাৰী মহাবিদ্যালয়
শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।