ৰাষ্ট্ৰীয় হস্তমৈথুন দিৱস, আন্তৰ্জাতিক হস্তমৈথুন দিৱস (International Masturbation Day) হৈছে "হস্তমৈথুন কৰাৰ অধিকাৰ"ক সুৰক্ষিত আৰু উদযাপনৰ বাবে অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠান।১২৩ ১৯৯৪ চনত ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ছাত্ৰ-ছাত্ৰীৰ বাবে যৌন শিক্ষাৰ পাঠ্যক্ৰমৰ অংশ হিচাপে বিষয়টোক গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়াৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা চাৰ্জন জেনেৰেল জয়চেলিন এলডাৰছৰ সন্মানত চেক্স টয়জ আৰু অন্যান্য কামোদ্দীপক সামগ্ৰীৰ খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান গুড ভাইব্ৰেচনে এই দিনটো ঘোষণা কৰাৰ পিছত ১৯৯৫ চনৰ ৯ মে’ত প্ৰথম ৰাষ্ট্ৰীয় হস্তমৈথুন দিৱস পালন কৰা হৈছিল।৪৫
ইয়াৰ পিছত আন্তৰ্জাতিক হস্তমৈথুন দিৱসক সম্প্ৰসাৰিত কৰি সমগ্ৰ মে' মাহটোক আন্তঃৰাষ্ট্ৰীয় হস্তমৈথুন মাহ হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৬৭৮
হস্তমৈথুন
মূল প্ৰবন্ধ: হস্তমৈথুন
হস্তমৈথুন হৈছে নিজৰ যৌনাংগক যৌন উত্তেজনা বা অন্যান্য যৌন আনন্দৰ বাবে কৰা যৌন উদ্দীপনা, সাধাৰণতে ৰাগমোচনৰ পৰ্যায়লৈকে ই সীমিত।৯১০১১ এই উদ্দীপনাত হাত, আঙুলি, দৈনন্দিন ব্যৱহৃত বস্তু, চেক্স টয়জ যেনে ভাইব্ৰেটৰ বা এইবোৰৰ সংমিশ্ৰণৰ সামগ্ৰী জড়িত থাকিব পাৰে।১১১২ পাৰস্পৰিক হস্তমৈথুন হৈছে যৌন সঙ্গীৰ সৈতে একেলগে কৰা হস্তমৈথুন,১৩ আৰু ইয়াৰ ভিতৰত সংগীৰ যৌনাংগক হাতৰ সহায়ত উদ্দীপিত কৰা কাৰ্য আদিও অন্তৰ্ভুক্ত হ'ব পাৰে,১২ বা ইয়াক অভেদ্য যৌন সম্পৰ্ক হিচাপে ব্যৱহাৰ কৰা হ'ব পাৰে।১৩
তথ্যসূত্ৰ
- ↑ (1999-05-08). X-Toy Group Fights Bans S.F. Activists Join Battle against 14 States' Restrictions. Mercury News
- ↑ (2005-05-23). National Masturbation Month Reaches Climax On May 28. Wireless Flash News
- ↑ Goldstein, Nikki. (2013-05-28). International Masturbation Day. Yahoo! Lifestyle
- ↑ Clinton Fires Surgeon General Over New Flap
- ↑ Silver, Matty. (April 14, 2015). Make time for yourselves during National Masturbation Month in May
- ↑ Zombeck, Richard. (2013-05-20). Get to Know Yourself -- It's Masturbation Month. The Huffington Post
- ↑ (2013-05-31). National Masturbation Month. The Huffington Post
- ↑ Sam Prince. (May 5, 2015). National Masturbation Month: All the Memes You Need to See. heavy.com. Heavy.com
- ↑ Robinson, Jennifer. (4 March 2010). Masturbation – Is Masturbation Normal or Harmful? Who Masturbates? Why Do People Masturbate?. WebMD
- ↑ (2017). The Psychology of Human Sexuality. John Wiley & Sons. পৃ. 402. ISBN 978-1-119-16470-8
- ↑ (2017). The SAGE Encyclopedia of Psychology and Gender. SAGE. পৃ. 1123. ISBN 978-1-4833-8427-6
- ↑ (2013). Sexuality Education Theory And Practice. Jones & Bartlett Publishers. পৃ. 151. ISBN 978-1-4496-4928-9
- ↑ (2014). Nursing & Health Survival Guide: Health Promotion. Routledge. পৃ. 52. ISBN 978-1-317-90617-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় হস্তমৈথুন মাহ” প্ৰবন্ধৰ সংশোধন ৫১৭৩৪৬ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।